ৰাজ্যজুৰি ৰাসক লৈ ব্যাপক উছাহ

শ্ৰীকৃষ্ণৰ বন্দনাত মুখৰিত ৰাজ্যৰ বিভিন্ন প্ৰান্ত। ৰাসৰ ৰসেৰে ৰসময় হৈছে উজনি–নামনি। খোল, তাল, গীতে-মাতে মায়াময় হৈ পৰিছে উজনি। পিছপৰি ৰোৱা নাই নামনিৰ ৰাস। নামনিতো মৃন্ময় মূৰ্তিৰে চমক সৃষ্টি।

কানাইৰ বাঁহীৰ সুৰত বিমোহিত হৈছে সমগ্ৰ ৰাজ্য। ৰাসক কেন্দ্ৰ কৰি সৰ্বত্ৰ ৰাইজৰ উলাহ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া উদযাপন হৈছে ৰাস মহোৎসৱ। কি উজনি কি নামনি। খোল, তাল, গীতে-মাতে মায়াময় হৈ পৰিছে উজনি। সমান্তৰালকৈ নামনিটো মৃন্ময় মূৰ্তিৰে চমক সৃষ্টি। সমন্বয়ৰ বাৰ্তা বিলাবলৈ সক্ষম হৈছে বিশ্বনাথ ৰাস মহোৎসৱে। নন্দ, যশোদাৰ ভাওত মুছলমান সম্প্ৰদায়ৰ দম্পত্তি আমিৰ খান আৰু জোনমণি বেগম। বিগত ২৫ বছৰে ৰাসৰ গীত গাই আহিছে হামিদা খাতুনে। শ্ৰীকৃষ্ণৰ বন্দনাত মুখৰিত মহানগৰী নুনমাটিৰ ৰাসস্থলী। নুনমাটি শোধনাগাৰ চেক্টৰ 2 খেলপথাৰ প্ৰাংগণত আয়োজন কৰা হৈছে শ্ৰীশ্ৰী কৃষ্ণ ৰাসলীলা। মঞ্চস্থ কৰা হয় অনন্ত শয্যা, কংসালয়, নন্দালয় আদিকে ধৰি শ্ৰীকৃষ্ণৰ ৰাসলীলা।

সমান্তৰালকৈ মাৰ্ঘেৰিটাতো ৰাস মহোৎসৱ। মাৰ্ঘেৰিটাৰ লেখাপানী থানাৰ অন্তৰ্গত ২নং তিনিসুঁতিৰ লুংচাই গাঁৱত ৰাস মহোৎসৱ। অগণন ভক্তৰ সমাগম হোৱা দেখিবলৈ পোৱা গৈছে। ৰাস মহোৎসৱৰ সোণালী জয়ন্তী উপলক্ষে উখল-মাখল পৰিৱেশ ৰহাৰ সৰাগাঁৱত। কৃষ্ণ বন্দনাৰে মুখৰিত হৈ পৰিছে সমগ্ৰ অঞ্চল। বিভিন্ন কাৰ্যসূচীৰ মাজতে বিশেষভাৱে দৃষ্টি আকৰ্ষণ কৰে পঞ্চাশটি শিশুৰ কৃষ্ণনৃত্যই। শিশুসকলৰ নৃত্যই মোহাচ্ছন্ন কৰি তোলে উপস্থিত সহস্ৰাধিক দৰ্শকক।

ইপিনে, বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰে ৩১ সংখ্যক শুৱালকুছি ৰাস মহোৎসৱ। ২৭ নৱেম্বৰৰ পৰা ৭ ডিচেম্বৰলৈ ১১দিনীয়াকৈ বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ৩১সংখ্যক শুৱালকুছি ৰাস মহোৎসৱ। এইবেলি ব্যতিক্ৰমী কাৰ্যসূচীৰে শুৱালকুছি ৰাস উদযাপন সমিতিয়ে আয়োজন কৰিছে ৰাস মহোৎসৱ।

টীয়কৰ প্ৰায় ১৭খন মঞ্চত ২/৩ দিনীয়াকৈ উদযাপন কৰা হৈছে ৰাস মহোৎসৱ। প্ৰদৰ্শন কৰা হৈছে কেইবাখনো ভাওনা। অগণন দৰ্শকৰ উপস্থিতিত মঞ্চস্থ কেইবাখনো ভাওনা। এনেদৰে এতিয়া ৰাসক কেন্দ্ৰ কৰি সৰ্বত্ৰ দেখিবলৈ পোৱা গৈছে ৰাইজৰ উলাহ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...

NEGCত সততা আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বৃহত্তম কেন্দ্ৰ হৈ উঠিছে USTM টিমোথি ডি শিৰা

University of Science and Technology Meghalayaত অনুষ্ঠিত উত্তৰ-পূৰ্ব স্নাতক...

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...