ৰাজ্যত ২৩খনকৈ ক্রিকেট খেলপথাৰ নিৰ্মাণৰে আন্তঃগাঁথনি উন্নয়নত গুৰুত্ব অসম ক্রিকেট সন্থাৰ

বৰ্তমান অসম আৰু ঘৰুৱা ক্ৰিকেটত উজলি আছে বিয়ান পৰাগ। অকল বিয়ানেই নহয় বিগত মুস্তাক আলী ট্ৰফীত আকাশ সেনগুপ্তা, ঋষভ দাস, মৃন্ময় দত্তৰ দৰে খেলুৱৈৰ প্ৰদৰ্শনে আনিছে অসম ক্ৰিকেটৰ বাবে আনিছে সুনাম। ইয়াৰ আঁৰত আছে অসমত সৃষ্টি হোৱা ক্ৰিকেটৰ আন্তঃগাঁথনি তথা উন্নত প্রশিক্ষণৰ ব্যৱস্থা। বিগত সময়ছোৱাত অসম ক্রিকেট সন্থাই আন্তঃগাঁথনি উন্নয়নৰ লগতে খেলুৱৈসকলৰ বিশেষ প্রশিক্ষণৰ ওপৰত দিছে অত্যধিক গুৰুত্ব। ২০১৯৩ অসম ক্রিকেট সন্থাৰ সাধাৰণ সম্পাদক হোৱাৰ পিছতে এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিছিল। ৰাজ্যৰ মহাধিবক্তা দেৱজিৎ শ‍ইকীয়াই। তেতিয়াই অসম ক্রিকেট সন্থাই সিদ্ধান্ত লৈছিল যে অসমৰ প্ৰায় সকলো জিলাতে অকল ক্রিকেট খেলিব পৰাকৈ এখন খেলপথাৰ নিৰ্মাণ কৰাৰ। এই প্ৰচেষ্টা এতিয়া প্রায় সফল বুলি মন্তবা ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ বৰ্তমানৰ যুটীয়া সচিব দেৱজিৎ শ‍ইকীয়াৰ গুৱাহাটীৰ দক্ষিণ বনগাঁও খেলপথাৰত অৱস্থিত বেলতলা ক্রিকেট কোচিং চেণ্টাৰৰ প্রথম বর্ষপূর্তিত গুৱাহাটী ক্রীড়া সন্তাৰো সাধাৰণ সম্পাদক দেৱজিৎ শ‍ইকীয়াই এইদৰে কয়।তেওঁ আৰু উল্লেখ কৰা মতে ৰাজ্যৰ ভিন্ন প্ৰান্তত ২৩খনকৈ উন্নতমানৰ ক্ৰিকেট খেলপথাৰ ইতিমধ্যে নিৰ্মাণ কৰি উলিয়াইছে অসম ক্রিকেট সন্থাই।

অসম ক্রিকেট সন্থাৰ এই প্ৰচেষ্টাৰ ফলত শেহতীয়াকৈ অসমে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত দেখুৱাইছে ভাল প্রদর্শন। ২০২২ বৰ্ষত বিজয় হাজাৰে ট্রফির ছেমিফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল অসমৰ দল । আনহাতে, এই বৰ্ষত চৈয়দ মুস্তাক আলী ট্ৰফীৰ ছেমিফাইনেলতো প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল অসমে। বেলতলা ক্রিকেট কোচিং চেন্টাৰে চেমনিয়াৰ বাবে ক্ৰিকেট প্ৰশিক্ষণ অনুষ্ঠিত কৰা দক্ষিণ বেলতলা হাইস্কুল খেলপথাৰৰ উন্নয়নৰ বাবে অসম ক্রিকেট সন্থাৰ ফালৰ পৰা সম্ভৱপৰ পদক্ষেপ ল’ব বুলিও শ‍ইকীয়াই উল্লেখ কৰে। উল্লেখ্য যে এবছৰ পূৰ্বে এই ক্রিকেট প্রশিক্ষণ কেন্দ্ৰ উদ্বোধন কৰিছিল অসম ক্রিকেট সন্থাৰ সভাপতি তৰংগ গগৈয়ে। দেওবাৰৰ অনুষ্ঠানত পৌৰহিত্য কৰে ক্ৰিকেট কেন্দ্ৰটোৰ সভাপতি প্ৰণয় বৰদলৈয়ে। অনুষ্ঠানত হাইস্কুল পৰিচালনা সমিতিৰ সভাপতি বানেশ্বৰ টেবনে বিশিষ্ট অতিথি হিচাপে অংশ লয়। বেলতলা ক্রিকেট কোচিং চেণ্টাৰৰ প্ৰথম বৰ্ষপূর্তি উপলক্ষে দুই প্রাক্তন ক্ৰিকেটাৰ নাছিৰ গুল খান আৰু সলিল সিনহাক সম্বর্ধনা জ্ঞাপন কৰা হয়। অনুষ্ঠানত কেন্দ্ৰটোৰ প্ৰশিক্ষাৰ্থীসকলৰ লগতে অভিভাৱক আৰু স্থানীয় ৰাইজে অংশগ্রহণ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...

NEGCত সততা আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বৃহত্তম কেন্দ্ৰ হৈ উঠিছে USTM টিমোথি ডি শিৰা

University of Science and Technology Meghalayaত অনুষ্ঠিত উত্তৰ-পূৰ্ব স্নাতক...

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...