আয়ুস শেষ হোৱাত ধ্বংস কৰা হ’ব আন্তৰ্জাতিক মহাকাশ আস্থান

খুব সোনকালেই ইতিহাসত পৰিণত হ’ব মহাকাশ গৱেষণাৰ অনবদ্য বৰঙনি আগবঢ়োৱা International Space Station। মহাকাশৰ নিম্ন কক্ষপথত অৱস্থান কৰি পৃথিৱীৰ চৌপাশে বিচৰণ কৰি থকা এই সুবৃহৎ আন্তৰ্জাতিক মহাকাশ গৱেষণা আস্থান শীঘ্ৰেই পতিত হ’ব প্ৰশান্ত মহাসাগৰৰ বক্ষত।

আয়ুস শেষ হোৱাত ধ্বংস কৰা হ’ব আন্তৰ্জাতিক মহাকাশ আস্থান
কেইবাখনো দেশৰ পৃষ্ঠপোষকতাত জন্ম পাইছিল এই মহাকাশ আস্থান
মহাকাশত স্থায়ীভাৱে মহাকাশচাৰী থকা কেন্দ্ৰ আছিল ISS
ISS অৰ্থাৎ International Space Stationএ ২৫ ‍বছৰে প্ৰদক্ষিণ কৰি আছে পৃথিৱীক
১৯৯৮ চনৰ ২০ নৱেম্বৰত মহাকাশত স্থাপন হৈছিল এই আন্তৰ্জাতিক আস্থান


মহাকাশত গৱেষণাৰ বাবে এই ক্ষেত্ৰত অগ্ৰণী কেইবাখনো দেশৰ পৃষ্ঠপোষকতাত মহাকাশত স্থাপন কৰা হৈছিল আন্তৰ্জাতিক মহাকাশ আস্থান অৰ্থাৎ International Space Station।

২০২১লৈ ২৫০ গৰাকী মহাকাশচাৰীৰ বিচৰণ এই আস্থানত
ISSলৈ গৈছিল মুঠ ৪০৩খন মহাকাশযান
ISSৰ পৰা মহাকাশত Space Walk কৰিছে ২২৭ গৰাকী মহাকাশচাৰীয়ে


আস্থানটোৰ জন্মৰ আঁৰৰ উদ্দেশ্য আছিল মহাকাশ গৱেষণাত বিশ্বৰ আগশাৰীৰ দেশসমূহৰ এক সমন্বয় স্থাপনৰ। দুটা ভাগত বিভক্ত মহাকাশ আস্থানটোৰ এটা ভাগ নিয়ন্ত্ৰণ কৰে ৰাছিয়াৰ মহাকাশ গৱেষণা সংস্থা ৰছকছমছে। আনটো ভাগ নিয়ন্ত্ৰণ কৰে কানাডা, জাপান আৰু ইউৰোপীয়ন মহাকাশ গৱেষণা সংস্থাৰ সহযোগত আমেৰিকাৰ নাছা প্ৰতিষ্ঠানে।

পৃথিৱীৰ পৰা প্ৰায় ৪২০ কিঃমিঃ উচ্চতাত অৱস্থান এই মহাকাশ আস্থানৰ
পৃথিৱীক এবাৰ প্ৰদক্ষিণ কৰিব লৈ ISSক লাগে ৯২.৯ মিনিটকৈ
আস্থানখনৰ গতি হৈছে প্ৰতিঘণ্টাত ২৭,৬০০ কিঃমিঃ
অৰ্থাৎ প্ৰতিদিনে ১৫.৫ বাৰকৈ পৃথিৱীক প্ৰদক্ষিণ কৰে এই আস্থানে
৪ লাখ ৫০ হাজাৰ কিলো ওজনৰ আস্থানটোৰ দৈৰ্ঘ্য ১০৯ মিঃ, প্ৰস্থ ৯৪ মিঃ


কিন্তু মহাকাশ গৱেষণাত প্ৰভুত গৱেষণা আগবঢ়োৱা এই আন্তৰ্জাতিক মহাকাশ গৱেষণা আস্থানৰ যৱনিকা পেলোৱাৰ পৰিকল্পনা কৰা হৈছে। ইতিমধ্যে নাছাই এই মৰ্মে এক সুদূৰপ্ৰসাৰী প্ৰভাৱ পৰিব পৰা আঁচনি গ্ৰহণ কৰিছে। এই আস্থানটো পৰিত্যক্ত অৱস্থাত এৰি থৈ অহা বা মহাকাশৰ মহাশূন্যলৈ প্ৰেৰণ কৰাৰ কথা চিন্তা কৰা হৈছিল। কিন্তু তাৰ পৰা ওলাব পৰা বৃহৎ পৰিমাণৰ যন্ত্ৰাংশৰ আৱৰ্জনাই ভৱিষ্যতৰ মহাকাশযানত দুৰ্ঘটনা সংঘটিত কৰিব পৰা আশংকাৰ প্ৰতি লক্ষ্য ৰাখি নাছাই সেই আঁচনি বাদ দিয়ে।

২০৩০ চনত পতন নিশ্চিত কৰা হৈছে আন্তৰ্জাতিক মহাকাশ আস্থানটোৰ
পৃথিৱীলৈ নমাই আনি প্ৰশান্ত মহাসাগৰত বিলুপ্তি ঘটোৱা হ’ব ISSৰ
পৃথিৱীক প্ৰদক্ষিণ কৰি থকা কক্ষপথৰ পৰা বিচ্যুত কৰি নমাই অনা হ’ব আস্থানটো
ISSক পৃথিৱীলৈ নমাই অনাৰ বাবে প্ৰয়োজন হ’ব এখন মহাকাশযানৰ
ISSক কক্ষচ্যুত কৰিবলৈ নাছাই লৈছে ১ বিলিয়ন ডলাৰৰ এক আঁচনি
ভাৰতীয় মুদ্ৰাৰ হিচাপত এই পৰিমাণ ৮,৩৩১ কোটি ৪৭ লাখ টকা


নাছাই জনোৱা মতে বিশেষভাৱে নিৰ্মিত মহাকাশযানখনে ISSৰে সংলগ্ন হৈ এই মহাকাশ আস্থানক পৃথিৱীলৈ টানি নমাই আনিব। এই মহাকাশযানখনক US Deorbit Vehicle হিচাপে জনা যাব। এই বিশেষ মহাকাশযানখন নিৰ্মাণৰ কাৰণে যুক্তৰাষ্ট্ৰ চৰকাৰে ইতিমধ্যে ডেৰ হাজাৰ কোটি টকা প্ৰাথমিক পুঁজি যোগান ধৰিছে বুলি জনা গৈছে। এই মহাকাশযানৰ সহযোগত প্ৰশান্ত সাগৰৰ বক্ষত নিশ্চিহ্ন হৈ পৰিব ISS। ইয়াৰ বাবে সম্ভাব্য সময় হিচাপে ২০৩০ বৰ্ষ নিৰ্ধাৰণ কৰিছে নাছাই। মহাকাশ গৱেষণাত প্ৰভুত বৰঙনি আগবঢ়োৱা আন্তৰ্জাতিক মহাকাশ আস্থানৰ এই পৰিসমাপ্তি কিন্তু মানুহৰ গৌৰৱোজ্জ্বল মহাকাশ গৱেষণাৰে অংশ হিচাপে চিহ্নিত হৈ ৰ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...

NEGCত সততা আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বৃহত্তম কেন্দ্ৰ হৈ উঠিছে USTM টিমোথি ডি শিৰা

University of Science and Technology Meghalayaত অনুষ্ঠিত উত্তৰ-পূৰ্ব স্নাতক...

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...