বিশ্ব চেম্পিয়ন হোৱাৰ পিছতো জয়ৰ উল্লাস নাই অষ্ট্ৰেলিয়াৰ

বিশ্ব চেম্পিয়ন হোৱাৰ পিছতো জয়ৰ উল্লাস নাই অষ্ট্ৰেলিয়াৰ
খোলা বাছত ট্ৰফী লৈ খেলুৱৈৰ পেৰেড হোৱা নাই
কোনো বিজয়োৎসৱো পালন কৰা নাই ক্ৰিকেট অষ্ট্ৰেলিয়াই
ভাৰতৰ বাবেই স্থগিত হৈ ৰৈছে অষ্ট্ৰেলিয়াৰ বিজয়োৎসৱ পালন
বিশ্বজয়ী খেলুৱৈক এতিয়ালৈকে সম্বৰ্ধনা দিয়া নাই ক্ৰিকেট অষ্ট্ৰেলিয়াই
তাৰ বাবে তেওঁলোকে অপেক্ষা কৰিব লাগিব আৰু কিছু দিন
কাৰণ বিশ্বজয়ী অষ্ট্ৰেলিয়াৰ বহু খেলুৱৈ ব্যস্ত ভাৰতৰ বিৰুদ্ধে T-20 শৃংখলাত
ফাইনেলৰ নায়ক ট্ৰেভিছ হেড, ষ্টিভ স্মিথ, গ্লেন মেক্সৱেল আদি ব্যস্ত ভাৰতত
আন কেইবাগৰাকী খেলুৱৈ ভাৰততে ৰৈ গ’ল এই শৃংখলাৰ বাবে


বিশ্ব চেম্পিয়ন হোৱাৰ পিছতো জয়ৰ উল্লাস নাই অষ্ট্ৰেলিয়াৰ
খোলা বাছত ট্ৰফী লৈ খেলুৱৈৰ পেৰেড হোৱা নাই
আন নালাগে কোনো বিজয়োৎসৱো পালন কৰা নাই ক্ৰিকেট অষ্ট্ৰেলিয়াই
ভাৰতৰ বাবেই স্থগিত হৈ ৰৈছে অষ্ট্ৰেলিয়াৰ বিজয়োৎসৱ পালন

সাধাৰণতে কোনো দেশ বিশ্ব চেম্পিয়ন হ’লে সেই দেশত আনন্দৰ ধল বয়। দেশৰ নাগৰিকসকলে ৰাজপথত ওলাই সমদল কৰি পালন কৰে বিজয় উৎসৱ। দেশৰ বিভিন্ন স্থানত পালন হয় বিজয় সমদলো। বিশ্বকাপ জয়ৰ পিছত ৬ দিন পূৰ্বেই দেশ পালেগৈ বিশ্বকাপ চেম্পিয়ন অষ্ট্ৰেলিয়া দলৰ অধিনায়ক পেট কামিন্ছ, ডেভিদ ৱাৰ্নাৰ আদি। কিন্তু বিশ্বকাপৰ ট্ৰফী জয়ৰ উৎসৱ এতিয়াও পালন কৰিব পৰা নাই তেওঁলোকে। খোলা বাছত খেলুৱৈসকলৰ কোনোধৰণৰ পেৰেডো হোৱা নাই। আনকি কোনোবা এদিন একেলগে অষ্ট্ৰেলিয়া দলে পালন কৰিব পৰা নাই। ছ‍বাৰৰ বাবে বিশ্ব চেম্পিয়ন হৈও অষ্ট্ৰেলিয়াত বোৱা নাই কোনো আনন্দৰ লহৰ। ইয়াৰ আঁৰত আছে ভাৰত।

বিশ্বজয়ী খেলুৱৈসকলক সম্বৰ্ধনা এতিয়ালৈকে দিয়া নাই ক্ৰিকেট অষ্ট্ৰেলিয়াই
তাৰ বাবে তেওঁলোকে অপেক্ষা কৰিব লাগিব আৰু কিছু দিন
কাৰণ বিশ্বজয়ী অষ্ট্ৰেলিয়াৰ বহু খেলুৱৈ এতিয়া ব্যস্ত ভাৰতৰ বিৰুদ্ধে T-20 শৃংখলাত
ফাইনেলৰ নায়ক ট্ৰেভিছ হেড, ষ্টিভ স্মিথ, গ্লেন মেক্সৱেল আদি ব্যস্ত ভাৰতত
আন কেইবাগৰাকী খেলুৱৈ ভাৰততে ৰৈ গ’ল এই শৃংখলাৰ বাবে


T-20 শৃংখলাৰ পিছত স্মিথ, হেড, মেক্সৱেল আদি খেলুৱৈসকল দেশলৈ যোৱাৰ পিছতহে ক্ৰিকেট অষ্ট্ৰেলিয়াই পালন কৰিব বিজয় উৎসৱ। ৩ ডিচেম্বৰত শেষ হ’ব ভাৰত-অষ্ট্ৰেলিয়াৰ T-20 শৃংখলা। ইফালে ১৪ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব পাকিস্তানৰ বিৰুদ্ধে টেষ্ট শৃংখলা। এই ২ শৃংখলাৰ মাজতে খেলুৱৈসকলক সম্বৰ্ধনা জনাই বিজয়োৎসৱ পালন কৰিব ক্ৰিকেট অষ্ট্ৰেলিয়াই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ…

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ। ৰিচা চাড্ডা...

ডায়েট ডিব্ৰুগড়ত সম্পন্ন শিশু বৈজ্ঞানিক প্ৰদৰ্শনী

বিকশিত আৰু স্বাৱলম্বী ভাৰতৰ বাবে ষ্টেম শীৰ্ষক বিষয়বস্তুক আধাৰ...

পুনৰ গুৱাহাটীত যুৱতীৰ ৰহস্যজনক মৃত্যু

পুনৰ চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে গুৱাহাটী মহানগৰী। ৰহস্যজনক অৱস্থাত উদ্ধাৰ...

কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা, আতংকিত ৰাইজ

পুনৰ কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা। নিশা নহয় এইবাৰ দিন-দুপৰতেই চাঞ্চল্যকৰ...