বিশ্ব চেম্পিয়ন হোৱাৰ পিছতো জয়ৰ উল্লাস নাই অষ্ট্ৰেলিয়াৰ

বিশ্ব চেম্পিয়ন হোৱাৰ পিছতো জয়ৰ উল্লাস নাই অষ্ট্ৰেলিয়াৰ
খোলা বাছত ট্ৰফী লৈ খেলুৱৈৰ পেৰেড হোৱা নাই
কোনো বিজয়োৎসৱো পালন কৰা নাই ক্ৰিকেট অষ্ট্ৰেলিয়াই
ভাৰতৰ বাবেই স্থগিত হৈ ৰৈছে অষ্ট্ৰেলিয়াৰ বিজয়োৎসৱ পালন
বিশ্বজয়ী খেলুৱৈক এতিয়ালৈকে সম্বৰ্ধনা দিয়া নাই ক্ৰিকেট অষ্ট্ৰেলিয়াই
তাৰ বাবে তেওঁলোকে অপেক্ষা কৰিব লাগিব আৰু কিছু দিন
কাৰণ বিশ্বজয়ী অষ্ট্ৰেলিয়াৰ বহু খেলুৱৈ ব্যস্ত ভাৰতৰ বিৰুদ্ধে T-20 শৃংখলাত
ফাইনেলৰ নায়ক ট্ৰেভিছ হেড, ষ্টিভ স্মিথ, গ্লেন মেক্সৱেল আদি ব্যস্ত ভাৰতত
আন কেইবাগৰাকী খেলুৱৈ ভাৰততে ৰৈ গ’ল এই শৃংখলাৰ বাবে


বিশ্ব চেম্পিয়ন হোৱাৰ পিছতো জয়ৰ উল্লাস নাই অষ্ট্ৰেলিয়াৰ
খোলা বাছত ট্ৰফী লৈ খেলুৱৈৰ পেৰেড হোৱা নাই
আন নালাগে কোনো বিজয়োৎসৱো পালন কৰা নাই ক্ৰিকেট অষ্ট্ৰেলিয়াই
ভাৰতৰ বাবেই স্থগিত হৈ ৰৈছে অষ্ট্ৰেলিয়াৰ বিজয়োৎসৱ পালন

সাধাৰণতে কোনো দেশ বিশ্ব চেম্পিয়ন হ’লে সেই দেশত আনন্দৰ ধল বয়। দেশৰ নাগৰিকসকলে ৰাজপথত ওলাই সমদল কৰি পালন কৰে বিজয় উৎসৱ। দেশৰ বিভিন্ন স্থানত পালন হয় বিজয় সমদলো। বিশ্বকাপ জয়ৰ পিছত ৬ দিন পূৰ্বেই দেশ পালেগৈ বিশ্বকাপ চেম্পিয়ন অষ্ট্ৰেলিয়া দলৰ অধিনায়ক পেট কামিন্ছ, ডেভিদ ৱাৰ্নাৰ আদি। কিন্তু বিশ্বকাপৰ ট্ৰফী জয়ৰ উৎসৱ এতিয়াও পালন কৰিব পৰা নাই তেওঁলোকে। খোলা বাছত খেলুৱৈসকলৰ কোনোধৰণৰ পেৰেডো হোৱা নাই। আনকি কোনোবা এদিন একেলগে অষ্ট্ৰেলিয়া দলে পালন কৰিব পৰা নাই। ছ‍বাৰৰ বাবে বিশ্ব চেম্পিয়ন হৈও অষ্ট্ৰেলিয়াত বোৱা নাই কোনো আনন্দৰ লহৰ। ইয়াৰ আঁৰত আছে ভাৰত।

বিশ্বজয়ী খেলুৱৈসকলক সম্বৰ্ধনা এতিয়ালৈকে দিয়া নাই ক্ৰিকেট অষ্ট্ৰেলিয়াই
তাৰ বাবে তেওঁলোকে অপেক্ষা কৰিব লাগিব আৰু কিছু দিন
কাৰণ বিশ্বজয়ী অষ্ট্ৰেলিয়াৰ বহু খেলুৱৈ এতিয়া ব্যস্ত ভাৰতৰ বিৰুদ্ধে T-20 শৃংখলাত
ফাইনেলৰ নায়ক ট্ৰেভিছ হেড, ষ্টিভ স্মিথ, গ্লেন মেক্সৱেল আদি ব্যস্ত ভাৰতত
আন কেইবাগৰাকী খেলুৱৈ ভাৰততে ৰৈ গ’ল এই শৃংখলাৰ বাবে


T-20 শৃংখলাৰ পিছত স্মিথ, হেড, মেক্সৱেল আদি খেলুৱৈসকল দেশলৈ যোৱাৰ পিছতহে ক্ৰিকেট অষ্ট্ৰেলিয়াই পালন কৰিব বিজয় উৎসৱ। ৩ ডিচেম্বৰত শেষ হ’ব ভাৰত-অষ্ট্ৰেলিয়াৰ T-20 শৃংখলা। ইফালে ১৪ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব পাকিস্তানৰ বিৰুদ্ধে টেষ্ট শৃংখলা। এই ২ শৃংখলাৰ মাজতে খেলুৱৈসকলক সম্বৰ্ধনা জনাই বিজয়োৎসৱ পালন কৰিব ক্ৰিকেট অষ্ট্ৰেলিয়াই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

যদি আপোনাৰ গাড়ীৰ সঠিক ঠাইত FASTag লগোৱা নাই; তেন্তে আপোনাক ব্লেকলিষ্ট কৰিব পাৰে NHAIয়ে!

দেশৰ বিভিন্ন টোল প্লাজাত আজিকালি গাড়ীৰ দীঘলীয়া শাৰী পূৰ্বৰ...

ভাৰতৰ সৈতে এতিয়ালৈকে কোনো চুক্তি হোৱা নাই! ট্ৰাম্পে ‘বন্ধু’লৈও প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে শুল্ক পত্ৰ

ইউৰোপীয় ইউনিয়ন আমেৰিকাৰ অন্যতম প্ৰধান বাণিজ্যিক মিত্ৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি...

২৮,০০০ কিঃমিঃ বেগত পৃথিৱীত অৱতৰণ কৰিব সুভাংশুৰ কেপচুল!

আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ পৰা সোমবাৰে ভাৰতীয়...

‘পুটিনে কথা ভাল কয়, কিন্তু সন্ধিয়া হ’লে বোমা পেলায়’! পুটিনৰ ওপৰত ক্ষুব্ধ ট্ৰাম্পে ইউক্ৰেইনলৈ প্ৰেৰণ কৰিছে ‘দেশপ্ৰেমিক’

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ...