আপোনাৰ সন্তানৰ ক্ৰিকেটাৰ হোৱাৰ মন আছে নেকি?

আপোনাৰ সন্তানৰ ক্ৰিকেটাৰ হোৱাৰ মন আছে নেকি?
IPL, ভাৰতীয় দলত খেলাৰ সপোন দেখিছে নেকি আপোনাৰ সন্তানে?
অসম ক্ৰিকেট সন্থাৰ প্ৰচেষ্টাই উদীয়মান খেলুৱৈৰ সপোন কৰিব সঁচা!

বৰ্তমান অসম আৰু ঘৰুৱা ক্ৰিকেটত উজলি আছে ৰিয়ান পৰাগ। অকল ৰিয়ানেই নহয় বিগত মুস্তাক আলী ট্ৰফীত আকাশ সেনগুপ্তা, ঋষভ দাস, মৃন্ময় দত্তৰ দৰে খেলুৱৈৰ প্ৰদৰ্শনে আনিছে অসম ক্ৰিকেটৰ বাবে সুনাম। আপোনাৰ সন্তানৰো যদি ক্ৰিকেটাৰ হোৱাৰ মন আছে তেন্তে তেওঁলোকৰ বাবে সুবৰ্ণ সুযোগ। কাৰণ ক্ৰিকেটৰ আন্তঃগাঁথনি উন্নয়নত অসম ক্ৰিকেটত সন্থাই দিছে অত্যধিক গুৰুত্ব। ৩ বছৰ পূৰ্বেই অসম ক্ৰিকেট সন্থাৰ সভাপতি হোৱাৰ পিছতে এই ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছিল বৰ্তমানৰ BCCIৰ যুটীয়া সম্পাদক দেৱজিৎ লন শইকীয়াই। তেতিয়াই অসম ক্ৰিকেট সন্থাই সিদ্ধান্ত লৈছিল যে অসমৰ প্ৰায় সকলো জিলাতে অকল ক্ৰিকেট খেলিব পৰাকৈ এখন খেলপথাৰ নিৰ্মাণ কৰাৰ। ৩ বছৰৰ প্ৰচেষ্টা প্ৰায় এতিয়া সফল।

প্ৰায় ২৩খনকৈ খেলপথাৰ নিৰ্মাণ কৰি উলিয়াইছে ACAই

অসম ক্ৰিকেট সন্থাৰ এই প্ৰচেষ্টাৰ ফলত শেহতীয়াকৈ অসমে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত দেখুৱাইছে ভাল প্ৰদৰ্শন। ২০২২ বৰ্ষত বিজয় হাজাৰে ট্ৰফিৰ ছেমিফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল অসমৰ দল। আনহাতে, এই বৰ্ষত চৈয়দ মুস্তাক আলী ট্ৰফীৰ ছেমিফাইনেলতো প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল অসমে।

ৰাজ্যত ক্ৰিকেটৰ আন্তঃগাঁথনি উন্নয়নত অসম ক্ৰিকেটত সন্থাৰ লগতে বিভিন্ন প্ৰশিক্ষণ চেন্টাৰৰো আছে বিশেষ অৰিহণা। এই প্ৰচেষ্টাৰ অংশ হিচাপে আজি ১টা বছৰ সম্পূৰ্ণ কৰে বেলতলা ক্ৰিকেট প্ৰশিক্ষণ চেন্টাৰে।

মুঠৰ ওপৰত এতিয়া সপোন বাস্তৱ কৰাৰ সময় অসমৰ উদীয়মান ক্ৰিকেটাৰসকলৰ। আন্তঃগাঁথনি উন্নয়নত অসম ক্রিকেট সন্থাৰ এই পদক্ষেপে জন্ম দিব বহু প্ৰতিভাৱান খেলুৱৈক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বজাৰলৈ আহি আছে FASTag বাৰ্ষিক পাছ!

কেন্দ্ৰীয় চৰকাৰে ফাষ্টটেগৰ বাৰ্ষিক পাছৰ ব্যৱস্থা আৰম্ভ কৰিবলৈ গৈ...

ধুবুৰীৰ সমান্তৰালকৈ লক্ষীমপুৰতো ইছলামিকস্তানৰ আখৰাৰ অভিযোগ হিন্দু যুৱ-ছাত্ৰৰ

ধুবুৰীৰ সমান্তৰালকৈ লক্ষীমপুৰতো ইছলামিকস্তানৰ আখৰা চলোৱা অভিযোগ উত্থাপন কৰিছে...

ট্ৰাম্পৰ সৈতে ৩৫ মিনিট সময় কথা পাতিলে মোদীয়ে

মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে ফোনত কথা-বতৰা হৈছে ভাৰতৰ...

কেদাৰনাথ যাত্ৰা পথত ভূমিস্খলন! মূৰত শিল পৰি ২ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু, ৩ জন আহত

কেদাৰনাথ যাত্ৰাৰ পথত বিপৰ্যয়! বুধবাৰে কেদাৰনাথত ভূমিস্খলনৰ ফলত দুজন...