ৰাজপথতে এগৰাকী বৃদ্ধাক ভয়ানক শাস্তি

অভিজাত গুৱাহাটী মহানগৰীত এক ভয়ানক বৰ্বৰোচিত কাণ্ড। ৰাজপথৰ ওপৰতে এগৰাকী বৃদ্ধাক নিৰ্মমভাৱে প্ৰহাৰ কৰিছে এজন লোকে। প্ৰকাণ্ড লোকজনে শীৰ্ণকায় বৃদ্ধাগৰাকীক হাতেৰে দাঙি থেকেচি দিছে। ঘটনা আছিল কাহিলীপাৰাৰ লুতুমা অঞ্চলৰ শুকুৰবাৰৰ দিনৰ ভাগৰ। অজ্ঞাত লোকে ম’বাইলত বন্দী কৰা এই দৃশ্য ২৪ ঘন্টাৰ ভিতৰতে সামাজিক মাধ্যমত ভাইৰেল হ’ল। শনিবাৰে পুৱাৰে পৰা NKTVত সম্প্ৰচাৰ হ’ল এই বাতৰি। লগে লগে তৎপৰতা দেখুৱাই আক্ৰমণকাৰী অৰূপ শৰ্মা নামৰ লোকজনক গ্ৰেপ্তাৰ কৰিলে ওদালবাক্ৰা আৰক্ষীয়ে। ভুক্তভোগী বৃদ্ধাৰ কন্যাৰ অভিযোগ- ঘটনা সন্দৰ্ভত শুকুৰবাৰেই আৰক্ষীক অভিযোগ দিয়া হৈছিল। কিন্তু তেওঁলোকক ধমক দি গোচৰ ৰুজু নকৰিলে আৰক্ষীয়ে।

অভিজাত মহানগৰীত ভয়ানক বৰ্বৰোচিত কাণ্ড
ৰাজপথতে বৃদ্ধাক নিৰ্মম অত্যাচাৰ এজন লোকৰ
কাহিলীপাৰাৰ লুতুমাৰ শুকুৰবাৰৰ ঘটনা
ভুক্তভোগী বৃদ্ধাৰ কথাই নুশুনিলে আৰক্ষীয়ে
সামাজিক মাধ্যমত ভাইৰেল হ’ল অত্যাচাৰৰ দৃশ্য
টিভিত বাতৰি ওলোৱাৰ পিছতহে আৰক্ষীৰ তৎপৰতা
অভিযুক্ত অৰূপ শৰ্মাক গ্ৰেপ্তাৰ ওদালবাক্ৰা আৰক্ষীৰ
দোকানৰ পৰা চকলেট চুৰি কৰিছিল হেনো বৃদ্ধাই

ৰাজপথতে এগৰাকী বৃদ্ধাক ভয়ানক শাস্তি
চুলিত ধৰি টানি ৰাজপথত চোঁচৰাই নিছে
দুহাতেৰে দাঙি বৃদ্ধাক থেকেচি দিছে…

দৃশ্য চাই আঁতৰি গৈছে মানুহ, কোনো নাহিল আগবাঢ়ি…
গুৱাহাটীৰ নিৰ্বিকাৰ মানুহক চুব নোৱাৰিলে এই দৃশ্যই…

যিকোনো মানুহৰে হৃদয় জোকাৰি যাব পৰা এই দৃশ্য অভিজাত গুৱাহাটী মহানগৰীৰ। কাহিলীপাৰাৰ লুতুমাৰ শুকুৰবাৰৰ দুপৰীয়াৰ ঘটনা এয়া। এগৰাকী বৃদ্ধাক ৰাজপথৰ ওপৰতে নিৰ্মমভাবে প্ৰহাৰ কৰিছে এই লোকজনে। ঘটনাৰ পিছতে শুকুৰবাৰেই আৰক্ষীৰ কাষ চাপিছিল বৃদ্ধাগৰাকী। কিন্তু ওলোটাই ধমক দিহে বৃদ্ধাক পঠিয়াই দিয়ে আৰক্ষীয়ে।

কিন্তু অজ্ঞাত লোকে ম’বাইলত বন্দী কৰা বৰ্বৰোচিত অত্যাচাৰৰ এই দৃশ্য নিশাটোৰ ভিতৰতে ভাইৰেল হৈ পৰে। শনিবাৰে পুৱাৰে ৰাজ্যৰ প্ৰতিটো টিভি চেনেলতে সম্প্ৰচাৰিত হয় বাতৰি। টিভিৰ বাতৰি দেখিহে গা-লৰিল মহানগৰ আৰক্ষীৰ। শনিবাৰে পুৱাই উদ্ধাৰ কৰা হ’ল ভুক্তভোগী বৃদ্ধাগৰাকীকো। লগে লগেই আৰক্ষীয়ে বৃদ্ধাগৰাকীৰ স্বাস্থ্য পৰীক্ষাও কৰালে। অভিযুক্ত অৰূপ শৰ্মাকো গ্ৰেপ্তাৰ ওদালবাক্ৰা আৰক্ষীৰ। ৰাজপথতে ‍বৃদ্ধাক অত্যাচাৰ চলোৱা এইজনেই অৰূপ শৰ্মা। গ্ৰেপ্তাৰৰ সময়তো হাঁহি চাওক অৰূপ শৰ্মাৰ। মুখমণ্ডলত তিলমানো নাই অনুতাপৰ চিন। অৰূপ শৰ্মাৰ বিৰুদ্ধে ভুক্তভোগী বৃদ্ধাৰ কন্যাৰ এজাহাৰ।

ইপিনে, ধৃত অৰূপ শৰ্মাৰ পত্নীৰ দাবী- তেওঁলোকৰ দোকানৰ পৰা চকলেট চুৰি কৰিছিল বৃদ্ধাই। সুৰাৰ ৰাগীত হেনো বৃদ্ধা গৰাকীয়ে প্ৰায়েই ওচৰৰ দোকানবোৰৰ পৰা কিবাকিবি লৈ যায়।

দোকানৰ পৰা চকলেট নিয়াৰ বাবেই এই শাস্তি। কিন্তু কথা হ’ল- যিয়েই নিনিয়ক, ধৃত অৰূপ শৰ্মা নামৰ লোকজনে বৃদ্ধাগৰাকীক কৰা এই অত্যাচাৰৰ গ্ৰহণযোগ্যতা কোনো যুক্তিতেই থাকিব নোৱাৰে। বৰ্বৰোচিত অত্যাচাৰৰ এই দৃশ্যৰ মাজত আটাইতকৈ ভয়ানক হিচাপে বিবেচিত হ’ল ৰাজপথেৰে গৈ থকা সাধাৰণ মানুহখিনি। যিখিনি মানুহক এবাৰৰ বাবেও চুই নগ’ল এই অত্যাচাৰৰ দৃশ্যই। লোকজনক কোনেও এবাৰো বাধা নিদিলে। মানসিকতা এনেকুৱা যে কোনোবাই কাৰোবাক পিটিছে, আমি কি কৰিম। বাটৰ কচু কোনে গাত ঘঁহি ল’ব ইত্যাদি ইত্যাদি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...

বানপানীৰ সময়ত আৰু ইয়াৰ পৰৱৰ্তী সময়ছোৱাত জনসাধাৰণে কি কি কৰা উচিত?

উজনি অসমৰ বৰ্তমানৰ ভয়াৱহ বান পৰিস্থিতি সঁচাকৈয়ে অত্যন্ত উদ্বেগজনক।...