‘মীৰাবাঈ’ হেমাৰ নৃত্যত মন্ত্ৰমুগ্ধ প্ৰধানমন্ত্ৰী মোদী

৭৫ বয়সতো ‘ড্ৰিমগাৰ্ল’ৰ চমক
‘মীৰাবাঈ’ হেমাৰ নৃত্যত মন্ত্ৰমুগ্ধ প্ৰধানমন্ত্ৰী মোদী

কৃষ্ণ বন্দনাৰে মুখৰ মথুৰা। তাতে বলীউডৰ একালৰ ড্ৰমগাৰ্ল হেমা মালিনীৰ নৃত্য। এখন নৃত্যালক্ষ্যত মীৰাবাঈৰ চৰিত্ৰত মথুৰাৰ বিজেপিৰ সাংসদ হেমামালিনী। গীত, কথা, সংগীতৰ অপূৰ্ব সমাহাৰ। এদল নৃত্য পটীয়সীৰ সৈতে অপূৰ্ব নৃত্যৰে দশৰ্কৰ সমুখলৈ আহিল ‘মীৰাবাঈ’ৰূপী হেমা মালিনী। সুন্দৰ গীত–কথাৰে প্ৰথমাৰ্ধত মেৱাৰৰ ৰাজভৱনত ভাবী ৰাণী মীৰাৰ কৃষ্ণ বন্দনা। মীৰাবাঈৰূপী হেমা মালিনীৰ নৃত্য চাই মন্ত্ৰমুগ্ধ প্ৰধানমন্ত্ৰী। প্ৰধানমন্ত্ৰীৰ সৈতে উপস্থিত মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ। হেমাৰ নৃত্যত আপ্লুত মথুৰাবাসী।

আলেখ্যৰ শেষাংশত মীৰাবাঈৰূপী হেমাৰ ভজন। যেন ভক্তিৰসৰ প্লাবন। এক সুন্দৰভাৱে গীত কথাৰে উপস্থাপন কৰা মীৰাৰ কৃষ্ণ বন্দনাক অপূৰ্ব নৃত্য শৈলীৰে সজাই তুলিলে মথুৰাৰ সাংসদ ৭৫ বছৰীয়া হেমা মালিনীয়ে। দৰ্শকে অনুভৱ কৰিব নোৱাৰিলে এয়া এগৰাকী ৭৫ বছৰীয়া মহিলাই নৃত্য কৰিছে। সকলো মন্ত্ৰমুগ্ধ। সন্মুখত যেন সঁচাকৈয়ে মীৰাবাঈ। এই নৃত্য কৰি নিজেও আপ্লুত হেমা মালিনী।

মীৰাবাঈৰ ৫২৫ সংখ্যক জন্মোৎসৱত মথুৰাত আয়োজন হ’ল এই বিশেষ অনুষ্ঠানৰ। প্ৰথমবাৰৰ বাবে এজন প্ৰধানমন্ত্ৰী হিচাপে মোদী উপস্থিত থাকিল অনুষ্ঠানত। দুঘন্টাজোৰা হেমা মালিনীৰ নৃত্যালক্ষ্য উপভোগ কৰিলে প্ৰধানমন্ত্ৰীয়ে। ৭৫ বছৰ বয়সত এক প্ৰকাৰ চমক দিলে বলীউডৰ একালৰ মহোময়ী অভিনেত্ৰী হেমা মালিনীয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

ৰাষ্ট্ৰীয় ক্ৰীড়াৰ ইতিহাসত অসমৰ নতুন অভিলেখ

প্ৰথমবাৰৰ বাবে ফাইনেল খেলিব অসমৰ চাৰি বক্সাৰে ৰাষ্ট্ৰীয় ক্ৰীড়াৰ ইতিহাসত...

২৪ ফেব্ৰুৱাৰীৰ ঝুমইৰ নৃত্যৰ অনুষ্ঠান বিভিন্ন বাগানত পোনপটীয়া প্ৰচাৰৰ ব্যৱস্থা কৰিবলৈ নির্দেশ মুখ্যমন্ত্ৰীৰ

জিলা আয়ুক্তসকলৰ সৈতে মুখ্যমন্ত্ৰীৰ ভিডিঅ' কনফাৰেন্স অৰুণোদয় ৩.০, মুখ্যমন্ত্ৰীৰ মহিলা...

চলিত ফেব্ৰুৱাৰী মাহতে ৰাজ্যত দুটাকৈ বৃহৎ অনুষ্ঠান

লোকসেৱা ভৱনত 'এডভান্টেজ আছাম ২.০' আৰু 'ঝুমইৰ বিনন্দিনী' অনুষ্ঠানৰ...

গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটো ভৱিষ্যতে দক্ষিণ-পূব এছিয়াৰ দুৱাৰমুখ হিচাপে গঢ়ি তোলা হ’বঃ মুখ্যমন্ত্রী

গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ টার্মিনেলৰ পুনৰ উন্নীতকৰণ আৰু...