দুয়োটা ড’জ লোৱা কৰ্মচাৰীয়ে সোমবাৰৰ পৰাই যাব লাগিব কাৰ্যালয়লৈ

চৰকাৰী কৰ্মচাৰীৰ বাবে শিথিল হ’ল কঠোৰ ক’ভিড বিধি। ৰোগ প্ৰতিৰোধ ক্ষমতা তৈয়াৰ হোৱালৈ অপেক্ষা কৰাৰ প্ৰয়োজন নাই। প্ৰতিষেধকৰ দুয়োটা ড’জ লোৱা কৰ্মচাৰীয়ে সোমবাৰৰ পৰাই যাব লাগিব কাৰ্যালয়লৈ। সচিবালয়ৰ সাধাৰণ প্ৰশাসন বিভাগৰ এই নিৰ্দেশনা। ক’ভিড প্ৰট’কল মানি সোমবাৰৰ পৰা নিয়মীয়াকৈ কাৰ্যালয়লৈ অহাৰ নিৰ্দেশ সচিবালয় সাধাৰণ প্ৰশাসনৰ।

ইফালে, কামৰূপ মহানগৰ জিলাৰ চহৰাঞ্চলতকৈ গ্ৰাম্যাঞ্চলত কৰ’ণাৰ সংক্ৰমণ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি পৰিস্থিতিৰ বুজ ল’বলৈ দেওবাৰে সোণাপুৰৰ কেইবাটাও স্থানত উপস্থিত হয় স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত। সোণাপুৰৰ ৰাজীৱ গান্ধী নগৰ,ডিগাৰুপাৰ আৰু ক্ষেত্ৰীৰ সেনাবৰত উপস্থিত হয় মন্ত্ৰী কেশৱ মহন্ত। সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ৰাজীৱ গান্ধী নগৰত ৪৩জন আৰু ডিগাৰুপাৰত ২৫জন লোকৰ দেহত কৰ’ণাৰ অৱস্থিতি ধৰা পৰাত প্ৰশাসনে কন্টেইন্টমেইন্ট জ’ন হিচাপে ঘোষণা কৰিছিল আৰু তাত থকা আবাসীসকলৰ অৱস্থাৰ বুজ ল’বলৈ পুৱাৰ ভাগতে উক্ত স্থানকেইটাত উপস্থিত হয় স্বাস্থ্য মন্ত্ৰী গৰাকী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...