ম্যানমাৰত হামলা ব্রাডাৰহুদ এলায়েন্সৰ, বিশাল এলেকা দখল

ম্যানমাৰত হামলা ব্রাডাৰহুদ এলায়েন্সৰ, বিশাল এলেকা দখল
ম্যানমাৰৰ নাগৰিকৰ পলায়ন, মিজোৰামত প্ৰৱেশ
২৪ ঘণ্টাত মিজোৰামত আশ্রয় ম্যানমাৰৰ ৫,০০০ নাগৰিকৰ
এই লোকসকলৰ ভিতৰত আছে ৩৯গৰাকী সেনা জোৱান

ভালেসংখ্যক উগ্রপন্থী সংগঠনৰ ঘাটি হৈছে ম্যানমাৰ। দেশখনৰ ৰাখিনে আৰু ছান প্ৰদেশত ম্যানমাৰৰ জুণ্টা চৰকাৰে এই উগ্রপন্থী সংগঠনবোৰৰ বিৰুদ্ধে তীব্র অভিযান চলোৱাৰ পাছত ৩টাকৈ আগশাৰীৰ সশস্ত্র সংগঠন একত্রিত হৈ গঠন কৰিছে ব্রাডাৰহুদ এলায়েন্স শীৰ্ষক এক সংগঠন।

ব্রাডাৰহুদ এলায়েন্সত আৰাকান আৰ্মী, টাং নেশ্যনেল লিবাৰেশ্যন আৰ্মী
আছে ম্যানমাৰ নেশ্যনেল ডেম’ক্রেটিক এলায়েন্স আৰ্মী
২৭ অক্টোবৰৰ পৰা জুণ্টা চৰকাৰৰ বিৰুদ্ধে ব্ৰাডাৰহুদ এলায়েন্সৰ সামৰিক অভিযান
এই সামৰিক অভিযানৰ নাম দিয়া হৈছে OPERATION-1027
অভিযানৰ কালত ব্রাডাৰহুদ এলায়েন্সে দখল কৰিছে ম্যানমাৰৰ বিস্তীৰ্ণ এলেকা
জুণ্টা সেনাক পৰাস্ত কৰি এখনৰ পাছত এখন প্ৰদেশ দখল এলায়েন্সৰ


ছান প্রদেশত সেনাৰ অধিকাংশ ঘাটি আৰু আৰক্ষীৰ কাৰ্যালয় ইতিমধ্যে নিজৰ দখললৈ আনিছে ব্রাডাৰহুদ এলায়েন্সে। দেশখনৰ উত্তৰ পশ্চিমপ্ৰান্তত শ’লঠেকত পৰিছে ম্যানমাৰ সেনা। ইতিমধ্যে এলেকাটোত বন্ধ হৈ পৰিছে ইণ্টাৰনেট সেৱা। ছান প্রদেশৰ প্রধান চহৰ লেচিও বিমানবন্দৰ বিদ্রোহীয়ে দখল কৰিছে। চীন সীমান্তৱৰ্তী বিস্তীৰ্ণ এলেকাৰ পৰা পশ্চাদগমন কৰিছে ম্যানমাৰ সেনাই। চীন–ম্যানমাৰ বাণিজ্যৰ অন্যতম ঘাটি হিচাপে চিহ্নিত চীনছয়েহাও ইতিমধ্যে দখল কৰিছে ব্রাডাৰহুদে।

সেনা-বিদ্রোহীৰ সংঘৰ্ষৰ পাছত ১ লাখ লোকৰ পলায়ন
ইয়াৰে প্ৰায় ৫ হাজাৰ গাঁওবাসীৰ ভাৰতত প্ৰৱেশ
ভাৰতত আশ্ৰয় বিচৰা লোকসকলৰ মাজত ৩৯জন ম্যানমাৰ সেনা
জুকাওথান সীমান্ত চেক প’ষ্টেৰে এই লোকসকলৰ ভাৰতত প্ৰৱেশ
কেইবাজনো ম্যানমাৰৰ আহত গাঁওবাসীক মিজোৰামত চিকিৎসা প্ৰদান

বিদ্ৰোহী ব্ৰাডাৰহুদ এলায়েন্সৰ প্ৰতি ম্যানমাৰৰ গণতন্ত্ৰপন্থী নেশ্যনেল ইউনিটী গৱৰ্নমেণ্টে সমৰ্থন দিয়াৰ ফলত ম্যানমাৰ সীমাৰ বিপদ বাঢ়িছে। ম্যানমাৰ-চীন সংযোগকাৰী প্ৰধান পথটি ইতিমধ্যে বিদ্ৰোহীয়ে। ২০২১ৰ ফেব্ৰুৱাৰী মাহত গণতন্ত্ৰপন্থী নেত্ৰী আং চাং চু কীৰ চৰকাৰক ওফৰাই জুণ্টা চৰকাৰে দখল কৰাৰ পিছত ম্যানমাৰত প্ৰথমবাৰলৈ এনে বিপদৰ সন্মুখীন হৈছে দেশখনৰ সেনা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...