মৰ্মান্তিক! এটা পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৩৬জনকৈ লোকে

ইটোৰ পাছত সিটোকৈ দুৰ্ঘটনাই দেশ জোকাৰি যোৱাৰ সময়তে আন এক দুৰ্ঘটনাই দেশ জোকাৰি গৈছে। এইবাৰ সংঘটিত হৈছে এক ভয়ংকৰ বাছ দুৰ্ঘটনা। এই দুৰ্ঘটনাতো সংঘটিত হৈছে জম্মু কাশ্মীৰত। জম্মু কাশ্মীৰৰ ডোডাত চেনাব নদীত পৰিল এখন যাত্ৰীবাহী বাছ। এই মৰ্মান্তিক দুৰ্ঘটনাতোৰ ফলত ৩৬জন লোক নিহত হোৱাৰ লগতে আহত হৈছে প্ৰায় ১৯জন লোক। ইয়াৰে কেইবাজনো যাত্ৰীৰ অৱস্থা সংকটজনক। এই দুৰ্ঘটনাৰ পাছতে অঞ্চলটোত এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে আহতসকলক ততাতৈয়াকৈ হাস্পতাললৈ প্ৰেৰণ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এয়াৰ ইণ্ডিয়াৰ বিমানখনৰ সৌভাগ্যশালী যাত্ৰী ৰমেশ বিশ্বাস কুমাৰ

বৃহস্পতিবাৰে আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তৰ্জাতিক বিমানবন্দৰৰ সমীপৰ মেঘানিনগৰত...

১০ মিনিট দেৰি কৰাৰ বাবে ফ্লাইটখন মিছ কৰিছিল এইগৰাকী সৌভাগ্যশালী মহিলাই

আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তৰ্জাতিক বিমানবন্দৰৰ সমীপৰ মেঘানিনগৰত এয়াৰ...

এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনা : ৮,২০০ ঘণ্টাৰ উৰণৰ অভিজ্ঞতা আছিল কেপ্তেইন সুমিত ছভাৰৱালৰ

আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তৰ্জাতিক বিমানবন্দৰৰ সমীপৰ মেঘানিনগৰত এটা...

বোৱিং ৭৮৭-৮ ড্ৰিমলাইনাৰৰ কাৰিকৰী সমস্যাৰ ইতিহাস

বোৱিং ৭৮৭-৮ ড্ৰিমলাইনাৰ, যি এখন অত্যাধুনিক বাণিজ্যিক বিমান হিচাপে...