কোকৰাঝাৰ তাৰং নৈত সমূহীয়া মৎস্য চিকাৰ

কোকৰাঝাৰ তাৰং নৈত সমূহীয়া মৎস্য চিকাৰ। কি ডেকা, কি গাভৰু, জীয়ৰী-বোৱাৰী সকলো লাগিল মাছ ধৰাত। এক নান্দনিক দৃশ্য দেখিবলৈ পোৱা গ’ল তাৰং নৈত।

কোকৰাঝাৰ তাৰং নৈত সমূহীয়া মৎস্য চিকাৰ
শতাধিক লোক নামিল কোকৰাঝাৰৰ তাৰং নৈত
জাল, জাকৈ, খালৈ লৈ পানীত নামিল ডেকা, গাভৰু, জীয়ৰী-বোৱাৰী
মাছেৰে এসাঁজ জুতি লগাই খাবলৈ এনেদৰে মৎস্য চিকাৰ
বিভিন্ন জনগোষ্ঠীৰ লোকৰ মৎস্য চিকাৰ তাৰং নৈত

কোকৰাঝাৰত সমূহীয়া মৎস্য চিকাৰ। শতাধিক লোক নামিল কোকৰাঝাৰৰ তাৰং নৈত। মৎস্য চিকাৰৰ নান্দনিক দৃশ্য দেখিবলৈ পোৱা গ’ল। পুৱাই এনেদৰে তাৰং নৈত দেখিবলৈ পোৱা গ’ল উৎসৱ মুখৰ পৰিৱেশ। জাল, জাকৈ, খালৈ লৈ পানীত নামিল ডেকা, গাভৰু, জীয়ৰী-বোৱাৰী সকলো। কোনোৱে যদি পাইছে ৰৌ, বৰালি, ভকুৱা কোনোৱে পাইছে সৰু মাছ। কিন্তু সৰু মাছ পালেও তেওলোকৰ নাই কোনো আক্ষেপ। মাছেৰে এসাজ জুতি লগাই খাবলৈ এনেদৰে মৎস্য চিকাৰ এইসকল লোকৰ।

প্ৰতিবছৰে বিভিন্ন জনগোষ্ঠীৰ লোক আহে এই তাৰং নৈত মাছ মাৰিবলৈ। শ্লু’ইছ গেট খুলি দিয়াৰ দিনাই এনেদৰে নৈত নামি লগেভাগে মাছ ধৰে এইসকল লোকে। দেওবাৰে পুৱাই মৎস্য চিকাৰৰ বাবে তাৰং নৈত সমাগম হয় অজস্ৰ লোকৰ। কোকৰাঝাৰ জিলাৰ ওচৰ চুবুৰীয়া গাঁও সমূহৰ পৰাও মৎস্য চিকাৰ কৰিবলৈ আহিল বহু লোক। ক’লে মাছ মৰাৰ আনন্দৰ কথা।

এনেদৰে প্ৰতি বছৰৰ দৰে এইবাৰো কোকৰাঝাৰৰ তাৰং নৈত সমূহীয়া মৎস্য চিকাৰ কৰি এইসকল লোকে অব্যাহত ৰাখে সমন্বয়ৰ এই যাত্ৰা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...

তামাৰহাটৰ গুমা ফেৰিঘাটত যাত্ৰীবাহী নাও দুৰ্ঘটনাগ্ৰস্ত; নদীৰ মাজত আবদ্ধ শতাধিক যাত্ৰী

তামাৰহাটৰ গুমা ফেৰিঘাটত গংগাধৰ নদীত সংঘটিত হৈছে এক ভয়ংকৰ...

এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো পদক; পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফল দলীয় ইভেণ্টত ভাৰতৰ ৰূপৰ পদক

আইচি-নাগোয়া এছিয়ান গেমছত পদক অভিযান অব্যাহত ৰাখিছে ভাৰতে। পুৰুষৰ...