গাজা চহৰৰ প্ৰৱেশ পথত সোমাবলৈ সাজু হৈছে ইজৰাইলী টেংক

গাজাত অধিক দুৰ্বিসহ হৈ পৰিছে পেলেষ্টাইনীসকলৰ জীৱন। গাজাৰ প্ৰৱেশৰ বাবে ইজৰাইলী সেনাই টেংকাৰ লৈ সাজু হৈছে যদিও তেওঁলোকক প্ৰতিৰোধ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে হামাছ বাহিনীয়ে। ইফালে অৱৰুদ্ধ গাজাত অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনি হোৱাৰ লগত খোৱা পানীৰ যোগান ব্যাহত হোৱাৰ ফলত তাৰ শিশুৱে ব্যৱহাৰ কৰিবলগীয়া হৈছে সাগৰৰ লুনীয়া পানী। এই কথাত উদ্বিগ্ন হৈ পৰিছে ইউনিচেফৰ লগতে ৰাষ্ট্ৰসংঘ।

যুদ্ধৰ ২৪তম দিনত গাজাত ইজৰাইলী সেনাৰ গোলাবৰ্ষণ অব্যাহত
গাজা চহৰৰ প্ৰৱেশ পথত সোমাবলৈ সাজু হৈছে ইজৰাইলী টেংক
যোৱা ২৪ ঘণ্টাত গাজাৰ ৬০০টা লক্ষ্যত বোমাবৰ্ষণ ইজৰাইলৰ
খোৱাপানীৰ অভাৱত গাজাবাসীয়ে খাবলগীয়া হৈছে সাগৰৰ লুণীয়া পানী


মধ্যপ্ৰাচ্যত যুদ্ধ সমাপ্ত হোৱাৰ কোনো লক্ষণে দেখা দিয়া নাই। অৱৰুদ্ধ গাজাত হামাছ বাহিনীৰ ‍বিৰুদ্ধে গোলাবৰ্ষণ অব্যাহত ৰাখিছে ইজৰাইলে। বৃহৎ সংখ্যক ইজৰাইলী টেংকে ইতিমধ্যে গাজা চহৰত প্ৰৱেশৰ বাবে পশ্চিমৰ দিশে অৱস্থান কৰিছে।

যুদ্ধৰ উত্তেজনাৰ মাজতে গাজাৰ আল-কাডছ হাস্পতাল ইজৰাইলী সেনাৰ লক্ষ্য হোৱাটো প্ৰায় নিশ্চিত
ইজৰাইলৰ মতে এই হাস্পতালত ঘাটি বনাইছে হামাছ নেতাই
উত্তৰ আৰু দক্ষিণ গাজাৰ মাজত যাতায়াত বন্ধ ৰাখিবলৈও সকীয়নি ইজৰাইলৰ
উত্তৰ আৰু দক্ষিণ গাজাৰ মাজত যোগাযোগ বন্ধ কৰিবলৈও ইজৰাইলৰ চেষ্টা


ইফালে গাজাৰ ছালাহ আলডিন পথত ইজৰাইলী টেংকৰ আগ্ৰাসন ৰোধ কৰাৰ বাবে প্ৰত্যাক্ৰমণ চলাইছে হামাছ বাহিনীয়ে। ফলত সেই এলেকাত উভয় পক্ষৰ মাজত এতিয়া অব্যাহত আছে প্ৰচণ্ড গোলাবৰ্ষণ। হামাছ আৰু ইজৰাইলৰ মাজত শীঘ্ৰে যুদ্ধবিৰতি নহ’লে গাজাত বহুসংখ্যক শিশুৰ মৃত্যু হ’ব বুলি মন্তব্য কৰিছে ৰাষ্ট্ৰসংঘই। খোৱাপানী আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা গাজাৰ শিশু এতিয়া লুণীয়া পানী খাবলগীয়া হৈছে বুলিও UNICEFৰ বিবৃতিত প্ৰকাশ। এই পৰিপ্ৰেক্ষিতত যুদ্ধবিধ্বস্ত গাজাৰ পৰিস্থিতি অধিক শোচনীয় হৈ পৰাৰ আশংকাই দেখা দিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

৩ মহলীয়া অট্টালিকা খহি দুজনৰ মৃত্যু

উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত শোকাৱহ ঘটনা। ৩ মহলীয়া অট্টালিকা খহি...

গণেশ পূজাৰে আৰম্ভ হ’ল পূজাৰ বতৰ

আজি গণেশ চতুৰ্থী। গণেশ পূজাৰে আৰম্ভ হ’ল পূজাৰ বতৰ।...

উত্তৰ-পূৱ বেডমিণ্টন: দলীয় শাখাৰ ছেমিত অসমৰ পুৰুষ-মহিলা, ল’ৰা-ছোৱালী

গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ কনকলতা ইনড’ৰ ষ্টেডিয়ামত...

জীৱনৰ নতুন অধ্যায় আৰম্ভণিৰ বাবে সাজু ৰণবীৰ-দীপিকা

শীঘ্ৰে পিতৃ-মাতৃৰ পৰিচয়েৰে পৰিচিত হ’ব বলিউডৰ ছুপাৰষ্টাৰ ৰণবীৰ সিং...