কাজিৰঙাৰ নান্দনিক দৃশ্য চাবলৈ পৰ্যটকৰ আগমন

আৰম্ভ হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটন বৰ্ষ
কাজিৰঙাৰ নান্দনিক দৃশ্য চাবলৈ পৰ্যটকৰ আগমন
জাহাজেৰে আহি শিলঘাট পালে বিদেশী পৰ্যটক
চাহ বাগিছাৰ মাজত তাল মিলালে ঢোলৰ চাপৰত

ইতিমধ্যে দেশী বিদেশী বহু পৰ্যটকৰ আগমন ঘটিছে কাজিৰঙালৈ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান চাবলৈ ব্ৰহ্মপুত্ৰৰে এম বি মহাবাহুৰে শিলঘাটলৈ আহিল এইবৰ্ষৰ প্ৰথমটো বিদেশী পৰ্যটকৰ দল। কলিয়াবৰৰ শিলঘাটত উপস্থিত আয়াৰলেণ্ড আৰু ব্ৰিটেইনৰ ৮জনীয়া পৰ্যটকৰ এটি দল। জাহাজত উঠি পৰ্যটকে ল’লে জলবিহাৰৰ সোৱাদ। উপভোগ কৰিলে ভৰা লুইতৰ নৈসৰ্গিক শোভা। পুৱা ৬ বজাতে আৰম্ভ হ’ল যাত্ৰা। জীপ চাফাৰী কৰি আহি কলিয়াবৰ বাগান পালে পৰ্যটকৰ দল। এয়া কলিয়াবৰৰ চাহ বাগিছাৰ দৃশ্য।

ঢোলৰ চাপৰত তাল মিলাবলৈ প্ৰয়াস বিদেশী ৰমণীৰ। বিহু নৃত্য চাই আনন্দিত হৈ পৰা পৰ্যটকৰ দলটিয়ে তাৰপাছতে পৰিদৰ্শন কৰে অসম সমবায় মৰাপাট কল। পৰ্যটনৰ ক্ষেত্ৰৰ সঠিক মূল্যায়ণে কলিয়াবৰৰ পৰ্যটন ক্ষেত্ৰৰ সম্ভাৱনীয়তাক দুগুণে বঢ়াব বুলি আশাবাদী স্থানীয় লোক। আয়াৰলেণ্ড আৰু বিট্ৰেইনৰ ৮জনীয়া পৰ্যটকৰ দলটি কুকুৰাকটাত থাকি বিশ্বনাথলৈ যাব। অনাগত সময়ত আৰু অন্যান্য দেশৰ পৰাও আহিব পৰ্যটক।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

NRCৰ সময়ত যিসকলৰ বায়’মেট্ৰিক বন্ধ হৈছিল, তেওঁলোকে কিদৰে আধাৰ কাৰ্ড লাভ কৰিব?

UIDAIয়ে ৯.৩৫ লাখ NRC-BME স্থগিত ৰখা অসমৰ আবেদনৰ বাবে...

চর্জুন হান্সেক আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব প্রদান

ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সিদ্ধান্ত সদৌ অসম ছাত্ৰ সন্থাৰ এখন...

ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ দ্বাৰা বিশ্বৰ শীৰ্ষ ২% বিজ্ঞানীৰ ভিতৰত স্থান দিয়া হৈছে USTMৰ অধ্যাপকক

আমেৰিকাৰ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ে ২০২৪ চনৰ বিশ্বৰ শীৰ্ষ ২% বিজ্ঞানীৰ...

বন্ধন বেংকে ১ বছৰৰ ফিক্সড ডিপজিটত আগবঢ়াইছে সৰ্বাধিক ৮.৫৫% পৰ্যন্ত সুত

বন্ধন বেংকে ১ বছৰৰ ফিক্সড ডিপজিটত সৰ্বাধিক ৮.৫৫% পৰ্যন্ত...