‘এখন গ্ৰন্থ উন্মোচন মানে নতুনকৈ এটি শিশু জন্ম হোৱা’

“এখন গ্ৰন্থ উন্মোচন মানে নতুনকৈ এটি শিশু জন্ম হোৱা” – গ্ৰন্থ সন্দৰ্ভত এই মন্তব্য উন্মোচক জিতেন শৰ্মাৰ। ভাষণ প্ৰসংগত তেওঁ লগতে কয় যে যেনেকৈ এটি শিশুৱে নিজে একো নজনা কথাৰে জন্ম গ্ৰহণ কৰে ঠিক তেনেদৰে এজন লিখকৰ ৰাইজে বহু নজনা কথা গ্ৰন্থখনত সন্নিৱিষ্ট হৈ থাকে।

গুৱাহাটী ক্লাবৰ ‘চন্দ্ৰপ্ৰভা শইকীয়ানী ভৱনত’ আজি লেখিকা ৰীণা শৰ্মাৰ চিন্তা চয়ন নামৰ গ্ৰন্থখনি জিতেন শৰ্মাই উন্মোচন কৰে। বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে ক্ষীৰদা দেৱীয়ে। গ্ৰন্থ উন্মোচনৰ শুভাৰম্ভৰ আগতে গীতা দেৱীয়ে বন্দনা পৰিৱেশন কৰে। উল্লেখযোগ্য যে আজি উন্মোচিত গ্ৰন্থখন লেখিকা ৰীণা শৰ্মাৰ দ্বিতীয়খন গ্ৰন্থ।

আনহাতে উক্ত গ্ৰন্থ উন্মোচনী অনুষ্ঠানটোত জেষ্ঠ সাংবাদিক শান্তনু কৌশিক বৰুৱা, বিশিষ্ট অতিথি আৰু বৃহত্তৰ বীৰকুছি সাহিত্য সভাৰ সভাপতি শশধৰ ডেকাই নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰে।

আটাইকেইগৰাকী বিশিষ্ট অতিথিয়ে অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি আৰু অধিক প্ৰবন্ধ সৃষ্টিৰে পাঠকক ধৰি ৰাখিবলৈ ৰীণা শৰ্মাক আহ্বান জনায় আৰু লগতে অনাগত দিনত প্ৰবন্ধ সৃষ্টিৰ বাবে শুভকামনা জনায়।

অনুষ্ঠানটোত কেইবাগৰাকীও ব্যক্তিয়ে নিজৰ মন্তব্য আগবঢ়ায়। প্ৰীতিমা কৌশিক বৰুৱাই  আঁত ধৰা গ্ৰন্থ উন্মোচনী অনুষ্ঠানটোত বৃহত্তৰ বীৰকুছি সাহিত্য সভাৰ বহুসংখ্যক সদস্য সদস্যা উপস্থিত থাকে। শেষত মূৰ্চ্ছনা কৌশিকে শলাগৰ শৰাই আগবঢ়ায়। উক্ত গ্ৰন্থখনিৰ প্ৰকাশক বি & এম পাব্লিছাৰ্ছ এণ্ড প্ৰিণ্টাৰ্ছ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...

NEGCত সততা আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বৃহত্তম কেন্দ্ৰ হৈ উঠিছে USTM টিমোথি ডি শিৰা

University of Science and Technology Meghalayaত অনুষ্ঠিত উত্তৰ-পূৰ্ব স্নাতক...

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...