‘এখন গ্ৰন্থ উন্মোচন মানে নতুনকৈ এটি শিশু জন্ম হোৱা’

“এখন গ্ৰন্থ উন্মোচন মানে নতুনকৈ এটি শিশু জন্ম হোৱা” – গ্ৰন্থ সন্দৰ্ভত এই মন্তব্য উন্মোচক জিতেন শৰ্মাৰ। ভাষণ প্ৰসংগত তেওঁ লগতে কয় যে যেনেকৈ এটি শিশুৱে নিজে একো নজনা কথাৰে জন্ম গ্ৰহণ কৰে ঠিক তেনেদৰে এজন লিখকৰ ৰাইজে বহু নজনা কথা গ্ৰন্থখনত সন্নিৱিষ্ট হৈ থাকে।

গুৱাহাটী ক্লাবৰ ‘চন্দ্ৰপ্ৰভা শইকীয়ানী ভৱনত’ আজি লেখিকা ৰীণা শৰ্মাৰ চিন্তা চয়ন নামৰ গ্ৰন্থখনি জিতেন শৰ্মাই উন্মোচন কৰে। বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে ক্ষীৰদা দেৱীয়ে। গ্ৰন্থ উন্মোচনৰ শুভাৰম্ভৰ আগতে গীতা দেৱীয়ে বন্দনা পৰিৱেশন কৰে। উল্লেখযোগ্য যে আজি উন্মোচিত গ্ৰন্থখন লেখিকা ৰীণা শৰ্মাৰ দ্বিতীয়খন গ্ৰন্থ।

আনহাতে উক্ত গ্ৰন্থ উন্মোচনী অনুষ্ঠানটোত জেষ্ঠ সাংবাদিক শান্তনু কৌশিক বৰুৱা, বিশিষ্ট অতিথি আৰু বৃহত্তৰ বীৰকুছি সাহিত্য সভাৰ সভাপতি শশধৰ ডেকাই নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰে।

আটাইকেইগৰাকী বিশিষ্ট অতিথিয়ে অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি আৰু অধিক প্ৰবন্ধ সৃষ্টিৰে পাঠকক ধৰি ৰাখিবলৈ ৰীণা শৰ্মাক আহ্বান জনায় আৰু লগতে অনাগত দিনত প্ৰবন্ধ সৃষ্টিৰ বাবে শুভকামনা জনায়।

অনুষ্ঠানটোত কেইবাগৰাকীও ব্যক্তিয়ে নিজৰ মন্তব্য আগবঢ়ায়। প্ৰীতিমা কৌশিক বৰুৱাই  আঁত ধৰা গ্ৰন্থ উন্মোচনী অনুষ্ঠানটোত বৃহত্তৰ বীৰকুছি সাহিত্য সভাৰ বহুসংখ্যক সদস্য সদস্যা উপস্থিত থাকে। শেষত মূৰ্চ্ছনা কৌশিকে শলাগৰ শৰাই আগবঢ়ায়। উক্ত গ্ৰন্থখনিৰ প্ৰকাশক বি & এম পাব্লিছাৰ্ছ এণ্ড প্ৰিণ্টাৰ্ছ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...