অক্সফৰ্ডৰ মিউজিয়ামৰ পৰা ভাৰতলৈ ঘূৰাই পঠিওৱা হ’ল নগা জনগোষ্ঠীৰ ৩৯জন লোকৰ লাওখোলা

ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ সময়ত ভাৰতৰ নগা জনগোষ্ঠীৰ পৰা সংগ্ৰহ কৰি লৈ যোৱা ৩৯জন লোকৰ দেহাৱশেষ অৱশেষত ভাৰতলৈ ঘূৰাই পঠিওৱাৰ ব্যৱস্থা কৰা হৈছে। ইংলেণ্ডৰ অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ অধীনস্থ পিট ৰিভাৰ্ছ সংগ্ৰহালয়ে সোমবাৰে আনুষ্ঠানিকভাৱে এই দেহাৱশেষসমূহ নগা প্ৰতিনিধি দলৰ হাতত অৰ্পণ কৰে।

এই ঐতিহাসিক হস্তান্তৰ অনুষ্ঠানত নাগালেণ্ডৰ পৰা যোৱা প্ৰায় ৩০জনীয়া প্ৰতিনিধি দলে অংশগ্ৰহণ কৰে। দেহাৱশেষসমূহৰ অধিকাংশই হৈছে মানুহৰ লাওখোলা। নগা জনগোষ্ঠীৰ নেতাসকলে জনোৱা অনুসৰি, এই দেহাৱশেষসমূহ ভাৰতলৈ ঘূৰাই অনাৰ পিছত যথোচিত সন্মান প্ৰদৰ্শনেৰে শেষকৃত্য সম্পন্ন কৰা হ’ব। নাগালেণ্ডৰ এখন উদ্যানত নিৰ্মাণ কৰিবলগীয়া স্মৃতিসৌধৰ তলত সেইসমূহ সমাধিস্থ কৰাৰ পৰিকল্পনা কৰা হৈছে।

পিট ৰিভাৰ্ছ সংগ্ৰহালয়ৰ সঞ্চালক ল’ৰা ভান ব্ৰুকহোভেনে এই ঘটনাক এক ঐতিহাসিক মুহূৰ্ত বুলি অভিহিত কৰে। তেওঁ কয় যে বহু প্ৰশাসনিক জটিলতা আৰু বাধা অতিক্ৰম কৰাৰ পিছত অৱশেষত এই দেহাৱশেষসমূহ নিজ গৃহভূমিলৈ উভতি যোৱাৰ পথ প্ৰশস্ত হৈছে। এই ঘটনাই পৰৱৰ্তী প্ৰজন্মৰ মাজতো এক গুৰুত্বপূৰ্ণ স্মৃতি হিচাপে স্থান লাভ কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে।

উল্লেখযোগ্য যে, এই দেহাৱশেষসমূহ দশক দশক ধৰি অক্সফৰ্ডৰ পিট ৰিভাৰ্ছ সংগ্ৰহালয়ত প্ৰদৰ্শিত হৈ আছিল। অৱশ্যে ঔপনিৱেশিক শাসনৰ সময়ত সংগ্ৰহ কৰা সামগ্ৰীসমূহৰ সৈতে জড়িত ইতিহাস আৰু নৈতিক দায়বদ্ধতাৰ প্ৰতি লক্ষ্য ৰাখি ২০২০ চনত সংগ্ৰহালয় কৰ্তৃপক্ষই সেইসমূহ ৰাজহুৱা প্ৰদৰ্শনৰ পৰা আঁতৰাই ৰাখে। এই পদক্ষেপক সংগ্ৰহালয়টোৱে ‘ঔপনিৱেশিক প্ৰভাৱমুক্তকৰণ প্ৰক্ৰিয়া’ৰ অংশ হিচাপে বৰ্ণনা কৰিছিল।

পিট ৰিভাৰ্ছ সংগ্ৰহালয়ত নগা জনগোষ্ঠীৰ সৈতে সম্পৰ্কিত ৬,০০০ৰো অধিক সামগ্ৰী সংৰক্ষিত হৈ আছে। বিশ্বৰ ভিতৰতে নগা সংস্কৃতিৰ সৈতে জড়িত সামগ্ৰীৰ অন্যতম বৃহৎ সংগ্ৰহ হিচাপে পৰিচিত এই সংগ্ৰহালয়ৰ ৱেবছাইটত ২১৯টা সামগ্ৰীক মানৱ দেহাৱশেষ হিচাপে তালিকাভুক্ত কৰা হৈছে।

সংগ্ৰহালয়ৰ তথ্য অনুসৰি, ১৯১০ চনৰ পৰা ১৯৪০ চনৰ ভিতৰত এই দেহাৱশেষসমূহ সংগ্ৰহালয়ৰ সংগ্ৰহত অন্তৰ্ভুক্ত কৰা হৈছিল। ইয়াৰ অধিকাংশই সংগ্ৰহ কৰিছিল ব্ৰিটিছ ঔপনিৱেশিক প্ৰশাসনৰ সৈতে জড়িত দুজন ব্যক্তিয়ে, যিসকল নৃতত্ত্ববিদ হিচাপেও পৰিচিত আছিল। সংগ্ৰহালয়ৰ ৱেবছাইটত উল্লেখ কৰা হৈছে যে সেই সময়ছোৱাত সংগ্ৰহ কৰা বহু সামগ্ৰী স্থানীয় লোকৰ পৰা স্বেচ্ছাই লাভ কৰা হোৱা নাছিল; বৰং ঔপনিৱেশিক শাসনৰ অধীনত চলোৱা সামৰিক অভিযানৰ সময়ত বলপূৰ্বকভাৱে কাঢ়ি অনা হৈছিল।

অক্সফৰ্ড ভ্ৰমণৰ সময়ত নগা প্ৰতিনিধি দলটোৱে দেহাৱশেষ সংগ্ৰহৰ সৈতে জড়িত এজন নৃতত্ত্ববিদৰ পৰিয়ালৰ উত্তৰপুৰুষসকলৰ সৈতেও সাক্ষাৎ কৰে। নগা জনগোষ্ঠীৰ নেতা থেজাও ভিহিয়েনোৱে সংবাদ সংস্থা AFPক কয় যে তেওঁলোকৰ ভূমিৰ পৰা এই মানৱ দেহাৱশেষসমূহ কেনেদৰে লৈ যোৱা হৈছিল, সেই বিষয়ে বহু প্ৰশ্ন আৰু সন্দেহৰ অৱকাশ আছে। তেওঁ লগতে প্ৰশ্ন কৰে যে কোনো ব্যক্তিয়ে নিজৰ পিতৃ বা ককাকৰ মূৰৰ খুলি আন কাৰোবাক উপহাৰ হিচাপে দিব বুলি তেওঁ বিশ্বাস নকৰে।

উল্লেখ্য যে, নৃতত্ত্ববিদসকলৰ মতে, অতীতত নগা জনগোষ্ঠীৰ কিছুমান সম্প্ৰদায়ৰ মাজত শত্ৰুৰ মূৰ কাটি যুদ্ধৰ স্মাৰক হিচাপে ৰখাৰ প্ৰথা আছিল। আনহাতে, গাঁৱৰ কেন্দ্ৰস্থলত নিজৰ জনগোষ্ঠীৰ মুখিয়ালসকলৰ মূৰো সংৰক্ষণ কৰি ৰখাৰ পৰম্পৰা আছিল বুলি তেওঁলোকে উল্লেখ কৰিছে।

ঊনবিংশ শতিকাত প্ৰতিষ্ঠা হোৱা পিট ৰিভাৰ্ছ সংগ্ৰহালয়ে ইয়াৰ পূৰ্বেও অষ্ট্ৰেলিয়া, নিউজিলেণ্ড আৰু আমেৰিকাৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহক মানৱ দেহাৱশেষ ঘূৰাই দিছে। শেহতীয়া এই পদক্ষেপক নগা জনগোষ্ঠীৰ সাংস্কৃতিক ঐতিহ্য, ইতিহাস আৰু পূৰ্বপুৰুষৰ প্ৰতি সন্মান পুনৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচনা কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২০০৪ চনত কিয় প্ৰধানমন্ত্ৰীৰ পদ গ্ৰহণ নকৰিলে ছোনিয়া গান্ধীয়ে? মনমোহন সিঙক বাছনি কৰাৰ আঁৰৰ কাৰণ প্ৰকাশ আত্মজীৱনীত

২০০৪ চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছ নেতৃত্বাধীন ইউপিএ মিত্ৰজোঁটে বিজয়...

ভাৰতীয় মহিলা A দলত স্থান লাভ উমা চেত্ৰীৰ। ইংলেণ্ড A দলৰ বিৰুদ্ধে MULTI-DAY স্কোৱাডত স্থান লাভ উমাৰ

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত পুনৰ উজলিল অসমৰ মহিলা ক্ৰিকেটাৰ উমা ছেত্ৰী।...