মৌলিক সুবিধাৰ পৰা বঞ্চিত ৭০ ঊৰ্ধ্বৰ বৃদ্ধা, সহায়ৰ বাবে আহ্বান

শিৱসাগৰ সমষ্টিৰ নামদাং গোঁহাই গাঁৱৰ এগৰাকী ৭০ ঊৰ্ধ্বৰ বৃদ্ধাৰ কৰুণ জীৱন-সংগ্ৰাম। পুত্ৰ-বোৱাৰীৰ পৰা আঁতৰি অকলশৰে জীৱন কটোৱা বৃদ্ধাগৰাকীয়ে এতিয়া মৌলিক প্ৰয়োজনসমূহৰ পৰাও বঞ্চিত হৈ দুৰ্বিষহ জীৱন অতিবাহিত কৰিবলগীয়া হৈছে।

গৌৰীসাগৰ উন্নয়ন খণ্ডৰ অধীনস্থ মোমাই তামুলী গাঁও পঞ্চায়তৰ অন্তৰ্গত নামদাং গোঁহাই গাঁৱৰ বাসিন্দা কনকলতা বৰগোহাঁই নামৰ বৃদ্ধাগৰাকী বৰ্তমান অকলশৰে বাস কৰে। বৃদ্ধ বয়সত তেওঁৰ কাষত নাই পৰ্যাপ্ত সহায়-সহযোগিতা। আনকি অনাময় ব্যৱস্থা আৰু বিশুদ্ধ খোৱাপানীৰ সুবিধা নথকাৰ ফলতো দৈনন্দিন জীৱনত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে তেওঁ।

আৰ্থিক দৈন্যৰ বাবে নিজৰ জীৱন-যাপনৰ ন্যূনতম সুবিধাখিনিও কৰি ল’বলৈ সক্ষম হোৱা নাই বৃদ্ধাগৰাকী। বয়সৰ ভৰত জুৰুলা হোৱা কনকলতা বৰগোহাঁইক এতিয়া প্ৰয়োজন হৈছে সহায়-সহযোগিতাৰ।

সেয়ে বৃদ্ধাগৰাকীৰ এই দুৰৱস্থাৰ প্ৰতি সহানুভূতি প্ৰকাশ কৰি সহৃদয়ৱান ব্যক্তি তথা দল-সংগঠনসমূহক সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনোৱা হৈছে। লগতে গৌৰীসাগৰ উন্নয়ন খণ্ডৰ বিষয়া-কৰ্মচাৰী আৰু মোমাই তামুলী গাঁও পঞ্চায়ত কৰ্তৃপক্ষকো বিষয়টো গুৰুত্বসহকাৰে বিবেচনা কৰি বৃদ্ধাগৰাকীক চৰকাৰী আঁচনিৰ অধীনত প্ৰয়োজনীয় সুবিধাসমূহ প্ৰদান কৰাৰ লগতে তাৎক্ষণিকভাৱে সহায়ৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে বৃদ্ধাগৰাকীয়ে।

বৃদ্ধ বয়সত এগৰাকী অসহায় মহিলাই যাতে বিশুদ্ধ খোৱাপানী, অনাময় ব্যৱস্থা আৰু ন্যূনতম জীৱন-ধাৰণৰ সুবিধাৰ পৰা বঞ্চিত হ’বলগীয়া নহয়, তাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষৰ লগতে সমাজৰ সচেতন লোকসকলৰ সহায়-সহযোগিতা অত্যন্ত জৰুৰী হৈ পৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আমেৰিকাৰ ৱাশ্বিংটন ডিচিত ভয়ংকৰ গুলীচালনা! হোৱাইট হাউছৰ সমীপতে এই ঘটনা, এজন নিহত, আহত কমেও ৪জন

আমেৰিকাৰ ৰাজধানী ৱাশ্বিংটন ডিচিত সংঘটিত হৈছে ভয়ংকৰ গুলীচালনাৰ ঘটনা।...

এনভিডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়াৰ পদৰ পৰা পদত্যাগ জেনছেন হুৱাঙৰ! অন্তৱৰ্তীকালীন CEO হিচাপে দায়িত্ব ল’ব ক’লেট ক্ৰেছে

বিশ্বৰ আগশাৰীৰ কৃত্ৰিম বুদ্ধিমত্তা (AI) চিপ নিৰ্মাতা প্ৰতিষ্ঠান এনভিডিয়াত...