তেজপুৰত মাইক্ৰ’ফাইনেন্স হিতাধিকাৰীৰ মাজত ঋণমুক্তিৰ প্ৰমাণপত্ৰ বিতৰণ মন্ত্ৰী সিংহলৰ

অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি তেজপুৰৰ কলেজিয়েট ফিল্ডত “অসম মাইক্ৰ’ফাইনেন্স উদ্‌গনি আৰু সকাহ আঁচনি, ২০২১”ৰ অধীনত শোণিতপুৰ জিলাৰ তৃতীয় বৰ্গৰ ঋণ গ্ৰহণকাৰীসকলৰ মাজত ঋণমুক্তিৰ প্ৰমাণপত্ৰ (ন’ ডিউজ চাৰ্টিফিকেট) বিতৰণ কৰে।

এই উপলক্ষে আয়োজিত এক অনুষ্ঠানত হিতাধিকাৰী মহিলাসকলক সম্বোধন কৰি প্ৰদান কৰা ভাষণত মন্ত্ৰী সিংহলে কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে ২.২২ লাখ তৃতীয় বৰ্গৰ ঋণগ্ৰহণকাৰীক “অসম মাইক্ৰ’ফাইনেন্স উদ্‌গনি আৰু সকাহ আঁচনি, ২০২১”ৰ অধীনত ৩০০ কোটি টকাৰ আৰ্থিক সুবিধা প্ৰদান কৰিছে। আজি ঋণমুক্তিৰ প্ৰমাণপত্ৰ বিতৰণৰ লগে লগে আমাৰ দৰিদ্ৰ ঋণ গ্ৰহণকাৰী ৰাইজৰ ওপৰৰ পৰা এক বৃহৎ আৰ্থিক বোজা আঁতৰি যাব বুলি মন্তব্য কৰি তেওঁ কয় যে এই পদক্ষেপৰ ফলত তেওঁলোক পুনৰবাৰ ঋণৰ বাবে যোগ্য হৈ উঠিব। মন্ত্ৰীগৰাকীয়ে কয় যে অসমৰ আৰ্থিকভাৱে অনগ্ৰসৰ মহিলা আৰু আই-মাতৃসকলক ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানসমূহৰ ঋণৰ পৰা মুক্তি দিয়াৰ বাবে নতুন চৰকাৰৰ প্ৰথমখন কেবিনেটতে এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছিল। এই পদক্ষেপৰ ৰূপায়ণৰ বাবে গঠন কৰা সমিতিৰ দায়িত্ব ল’বলৈ পাই নিজকে সৌভাগ্যৱান অনুভৱ কৰে বুলি উল্লেখ কৰি তেওঁ কয় যে সমগ্ৰ দেশৰ ভিতৰত এই কাৰ্যসূচী ৰূপায়ণ কৰা অসমেই হৈছে প্ৰথমখন ৰাজ্য। ভাৰতীয় সভ্যতাত নাৰীক সদায়েই উচ্চ স্থানত অধিষ্ঠিত কৰি অহা হৈছে বুলি মন্তব্য কৰি তেওঁ কয় যে নাৰীৰ এই মৰ্যাদাৰ কথা মনত ৰাখিয়েই বৰ্তমানৰ চৰকাৰে তেওঁলোকক ঋণমুক্ত কৰি আৰ্থিকভাৱে শক্তিশালী কৰি ৰাখিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে।‌ এই আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত চৰকাৰে জাতি-ধৰ্ম-ভাষাৰ কোনো বিভাজন ৰখা নাই বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে আজি তেজপুৰত সমবেত হোৱা মহিলাসকলেই তাৰ চাক্ষুস প্ৰমাণ। বৰ্তমানৰ চৰকাৰে এইদৰেই সকলোকে লৈ সৰ্বাত্মক কল্যাণৰ বাবে কাম কৰি আহিছে বুলি তেওঁ মন্তব্য কৰে।

আজিৰ অনুষ্ঠানত বিধায়ক পৃথ্বীৰাজ ৰাভা, কৃষ্ণ কমল তাঁতী আৰু গণেশ কুমাৰ লিম্বু, শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ প্ৰমুখ্যে জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়-ববীয়াসকল তথি অন্যান্য গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

যদি আপোনাৰ গাড়ীৰ সঠিক ঠাইত FASTag লগোৱা নাই; তেন্তে আপোনাক ব্লেকলিষ্ট কৰিব পাৰে NHAIয়ে!

দেশৰ বিভিন্ন টোল প্লাজাত আজিকালি গাড়ীৰ দীঘলীয়া শাৰী পূৰ্বৰ...

ভাৰতৰ সৈতে এতিয়ালৈকে কোনো চুক্তি হোৱা নাই! ট্ৰাম্পে ‘বন্ধু’লৈও প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে শুল্ক পত্ৰ

ইউৰোপীয় ইউনিয়ন আমেৰিকাৰ অন্যতম প্ৰধান বাণিজ্যিক মিত্ৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি...

২৮,০০০ কিঃমিঃ বেগত পৃথিৱীত অৱতৰণ কৰিব সুভাংশুৰ কেপচুল!

আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ পৰা সোমবাৰে ভাৰতীয়...

‘পুটিনে কথা ভাল কয়, কিন্তু সন্ধিয়া হ’লে বোমা পেলায়’! পুটিনৰ ওপৰত ক্ষুব্ধ ট্ৰাম্পে ইউক্ৰেইনলৈ প্ৰেৰণ কৰিছে ‘দেশপ্ৰেমিক’

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ...