হামাছৰ বিৰুদ্ধে অধিক আগ্ৰাসী ইজৰাইলী বাহিনী

হামাছৰ বিৰুদ্ধে ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে ইজৰাইলৰ আক্ৰমণ। হামাছৰ ঘাটি স্বৰূপ গাজাত দিনে–নিশাই ৰকেট আক্ৰমণ অব্যাহত ৰাখিছে ইজৰাইলী বাহিনীয়ে। এইবাৰ জল, স্থল, আকাশ মাৰ্গেৰে গাজাত আক্ৰমণৰ বাবে সাজু হৈছে ইজৰাইল। হামাছৰ বিৰুদ্ধে বিধ্বংসী আক্ৰমণৰ নিৰ্দেশ দিয়া হৈছে ইজৰাইলী বাহিনীক। ইজৰাইলৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ সাজু হৈছে হামাছেও।

ইপিনে, দুই ম’হৰ যুঁজত বিৰিণাৰ মৰণ’ৰ লেখীয়াকৈ সংকটৰ সন্মুখীন হৈছে ইজৰাইল–পেলেষ্টাইনৰ সাধাৰণ নাগৰিক। দেওবাৰে গাজা ত্যাগ কৰিবলৈ সাধাৰণ নাগৰিকক ৩ ঘণ্টাৰ সময়সীমা বান্ধি দিয়ে ইজৰাইলে। পুৱা ১০ বজাৰ পৰা ১ বজাৰ ভিতৰত গাজা অঞ্চলত কোনো অৱিযান চলোৱা নহয় বুলি স্পষ্ট কৰি দিয়ে ইজৰাইলী প্ৰতিৰক্ষা বাহিনীয়ে। সময় সীমা অতিবাহিত হোৱাৰ পিছতে গাজাত আক্ৰমণ তীব্ৰতৰ কৰি তুলিব ইজৰাইলে। অৰ্থাৎ আজিৰ ভিতৰতে নিৰ্ণয় হ’ব পাৰে গাজাৰ ভৱিষ্যৎ। যোৱা ৮ দিনত উভয় পক্ষৰ প্ৰায় ৪ হেজাৰ লোক নিহত হৈছে এই যুদ্ধত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...