আহমেদাবাদত সাজু ৭ হাজাৰ আৰক্ষী, ৪ হাজাৰ গৃহৰক্ষী জোৱান

২৬/১১ৰ নায়কে ভাৰত-পাকিস্তান ক্ৰিকেট দলক দিব নিৰাপত্তা
আহমেদাবাদত সাজু ৭ হাজাৰ আৰক্ষী, ৪ হাজাৰ গৃহৰক্ষী জোৱান
সাজু এণ্টি ড্ৰোন দল, সাজু ৯টা ব’ম স্কোৱাড

Greatest Rivalry In Cricketৰ বাবে সাজু আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ক্ৰিকেট ষ্টেডিয়াম। সাজু হৈছে ক্ৰিকেট প্ৰেমী, দুয়ো দল। ১৪ অক্টোবৰত আহমেদাবাদৰ খেলপথাৰত অনুষ্ঠিত হ’ব ক্ৰিকেটৰ মহাৰণ। ICC বিশ্বকাপত অষ্ট্ৰেলিয়া আৰু আফগানিস্তানক পৰাস্ত কৰি শক্তিশালী পাকিস্তানৰ বিৰুদ্ধে জয়ৰ লক্ষ্যৰে ২২ গজত নামিব ৰোহিত বাহিনী। প্ৰায় ১ লাখ ৩০ হাজাৰ ক্ৰিকেট অনুৰাগীৰ সমাগমৰে ভৰি পৰিব আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ক্ৰিকেট ষ্টেডিয়াম। নিৰাপত্তাৰ দিশতো অধিক গুৰুত্ব দিছে ICC আৰু BCCIয়ে। বহু গুৰুত্বপূৰ্ণ খেলখনত যাতে কোনো অঘটন নঘটে সেইবাবে ষ্টেডিয়ামত নিয়োগ কৰা হ’ব NSG। থাকিব প্ৰায় ১১ হাজাৰ গুজৰাট আৰক্ষী কৰ্মী। কিছু দিনৰ পূৰ্বে বোমাৰে ১৪ অক্টোবৰত নৰেন্দ্ৰ মোদী ষ্টেডিয়াম উফৰাই দিয়াৰ ভাবুকি দিছিল এজন যুৱকে। সেইহে নিৰাপত্তা আৰু অধিক কট-কটিয়া কৰিছে গুজৰাট চৰকাৰে। ইপিনে, মেচখনৰ বাবে উৎকণ্ঠা বাঢ়িছে ক্ৰিকেট অনুৰাগীৰ। হাই-ভল্টেজ মেচখনৰ বাবে দেশৰ বিভিন্ন স্থানৰ পৰা উপস্থিত হৈছে অনুৰাগীসকল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...