উচ্চ ন্যায়ালয়ৰ ককৰ্থনাৰ সন্মুখীন মহাবিদ্যালয়ৰ অধ্যক্ষ

ছাত্ৰ-ছাত্ৰীয়ে কিবা দোষ কৰিলে এখন মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই অভিযুক্ত ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে নিঃসন্দেহে ল’ব পাৰে অনুশাসনমূলক ব্যৱস্থা। কিন্তু সেই অনুশাসনমূলক ব্যৱস্থা কি পৰ্যায়ৰ হ’লে শিক্ষাৰ্থীৰ শুধৰণি হোৱাৰ সম্ভাৱনা থাকে? সেয়া স্বাভাৱিকতে আলোচনাৰ বিষয়। কিন্তু ডবকাৰ হাজী আনফৰ আলী মহাবিদ্যালয়ত প্ৰায় ডেৰ বছৰ পূৰ্বে যি ঘটিছিল, তাত স্তম্ভিত হৈ পৰিল স্বয়ং গুৱাহাটী উচ্চ ন্যায়ালয়ো। এটা সৰু ঘটনাৰ বাবেই দুগৰাকী ছাত্ৰক বহিস্কাৰ কৰাক লৈ মহাবিদ্যালয়খনৰ অধ্যক্ষক তাৎক্ষণিকভাবে নিলম্বনৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ। আদালতৰ প্ৰশ্ন- আফগানিস্তানত কলেজ চলাইছে নেকি আপোনালোকে?

নচাৰ বাবেই দুই ছাত্ৰক বহিস্কাৰ কৰিছে।
তাতকৈ ডাঙৰ ভুল কৰিলে কি শাস্তি দিলেহেঁতেন?

ডবকাৰ হাজী আনফৰ আলী মহাবিদ্যালয়ৰ অধ্যক্ষ মামুন আজম বড়ভূঞা। প্ৰায় ডেৰ বছৰ পূৰ্বে মহাবিদ্যালয়খনৰ দুগৰাকী ছাত্ৰক কলেজৰ পৰা বহিস্কাৰ কৰা হৈছিল। কলেজৰ এক অনুষ্ঠানত নাচিছিল দুই ছাত্ৰই। সেই দোষতে ছাত্ৰদুজনক বহিস্কাৰ কলেজ কতৃপক্ষৰ। কতৃপক্ষক বহু কাকুতি-মিনতি কৰাৰ পিছত ছাত্ৰ দুজনৰ কোনো কথাই নুশুনিলে অধ্যক্ষই। মহাবিদ্যলয়ৰ এগৰাকী অধ্যাপকৰ অৱসৰৰ পিছত সংগীতৰ তালত ছাত্ৰদুজনে নচাক লৈ প্ৰথমে তেওঁলোকক কাৰণ দৰ্শোৱাৰ জাননী দিয়া হৈছিল। সেই জাননীৰ উত্তৰ দিয়াৰ পিছত ছাত্ৰ দুজনক ২য়বাৰ কাৰণ দৰ্শোৱাৰ জাননী দিয়া হৈছিল। অধ্যাপকসকলে শিকাই দিয়া অনুসৰি জাননীৰ উত্তৰ দিয়াৰ পিছতো ফল নধৰিলে। অধ্যক্ষৰ নিৰ্দেশত দুয়োকে বহিস্কাৰ কৰা হ’ল।

মহাবিদ্যালয় কৰ্তৃপক্ষৰ সিদ্ধান্তৰ বিৰুদ্ধে আদালতৰ শৰণাপন্ন হয় দুই ছাত্ৰ। সেই গোচৰৰে শুনানী গ্ৰহণ কৰি শেহতীয়াকৈ মহাবিদ্যালয় খনৰ অধ্যক্ষ মামুন আজম বৰভূঞাক তীব্ৰ ককৰ্থনা আদালতৰ।

অৱশ্যে ছাত্ৰদুজনৰ বহিস্কৰণৰ সিদ্ধান্ত সন্দৰ্ভত এই পৰ্যন্ত কোনো নিৰ্দেশ দিয়া নাই আদালতে। বিপৰীতে সমগ্ৰ বিষয়টোৰ তদন্তৰ বাবে ৰাজ্যৰ উচ্চ শিক্ষা বিভাগক নিৰ্দেশ দিয়ে উচ্চ ন্যায়ালয়ে। আদালতৰ নিৰ্দেশ মৰ্মেই শনিবাৰে ডবকাৰ হাজী আনফৰ আলী মহাবিদ্যালয়ত উপস্থিত হয় উচ্চ শিক্ষা বিভাগৰ তদন্তকাৰী দল। বহিস্কৃত ছাত্ৰদুজনৰ লিখিত জবানবন্দীও গ্ৰহণ কৰে ছাত্ৰ দুজনে। ছাত্ৰ দুজনৰ আশা উচ্চ ন্যায়ালয়ৰ বিচাৰত ন্যায় বিচাৰ পাব তেওঁলোকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ…

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ। ৰিচা চাড্ডা...

ডায়েট ডিব্ৰুগড়ত সম্পন্ন শিশু বৈজ্ঞানিক প্ৰদৰ্শনী

বিকশিত আৰু স্বাৱলম্বী ভাৰতৰ বাবে ষ্টেম শীৰ্ষক বিষয়বস্তুক আধাৰ...

পুনৰ গুৱাহাটীত যুৱতীৰ ৰহস্যজনক মৃত্যু

পুনৰ চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে গুৱাহাটী মহানগৰী। ৰহস্যজনক অৱস্থাত উদ্ধাৰ...

কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা, আতংকিত ৰাইজ

পুনৰ কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা। নিশা নহয় এইবাৰ দিন-দুপৰতেই চাঞ্চল্যকৰ...