সপোন বস্তুবাদী হ’ব নালাগে : মুখ্যমন্ত্রী

ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত-বিনিময় কৰিলে মুখ্যমন্ত্ৰীয়ে

সপোন বস্তুবাদী হ’ব নালাগে : মুখ্যমন্ত্রী

পিতৃ-মাতৃ, সমাজ আৰু দেশৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে চিন্তা কৰিব লাগিব : মুখ্যমন্ত্রী

শৈক্ষিক দিশত আগুৱাই যোৱাৰ লগতে ৰাজ্যৰ বিদ্যাৰ্থী সমাজে যাতে ভ্ৰমণৰ মাজেৰে তেওঁলোকৰ কল্পনাপ্রসূত মনটো জগাই তুলিব পাৰে আৰু আত্ম আৱিষ্কাৰৰ সুযোগ লাভ কৰে সেই উদ্দেশ্য সন্মুখত ৰাখি ৰাজ্য চৰকাৰে গ্ৰহণ কৰা আৰোহণ আঁচনিৰ অধীনত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত কাৰ্যসূচীত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত ডিব্ৰুগড়, ধেমাজি, হাইলাকান্দি আৰু দক্ষিণ শালমাৰা-মানকাছাৰ জিলাৰ দশম শ্ৰেণীৰ বিদ্যার্থীসকলে ভাগ লয়।

উল্লেখ্য যে, নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ উত্তীৰ্ণ হোৱা প্ৰথমগৰাকী বিদ্যাৰ্থীয়ে এই আৰোহণ আঁচনিৰ জৰিয়তে উচ্চ শিক্ষা প্রতিষ্ঠান তথা অনুষ্ঠান ভ্ৰমণ কৰাৰ সুযোগ প্ৰদান কৰাৰ উপৰি কিতাপৰ অনুমোদন হিচাপে আর্থিক সহযোগিতা তথা মত বিনিময়ৰ কাৰ্যসূচীকো সামৰি লোৱা হৈছে। এই ধ্বজাবাহী আঁচনিখন ২০২২-২৩ বৰ্ষত আৰম্ভ কৰা হৈছিল। দশম শ্ৰেণীৰ ৪৩২৫ গৰাকী বিদ্যাৰ্থীক এই আঁচনিৰ জৰিয়তে জানুৱাৰী মাহৰ পৰা পৰ্যায়ক্রমে গুৱাহাটীলৈ অনা হয় আৰু অহা ডিচেম্বৰ মাহত প্ৰথম পৰ্যায়ৰ সামৰণি পৰিব। চলিত বৰ্ষতো সমগ্ৰ ৰাজ্যৰ নৱম আৰু দশম শ্ৰেণীৰ ৮৬৬৪ গৰাকী ছাত্ৰ-ছাত্ৰীক সামৰি লৈ ৯৭৫৬ গৰাকী মেণ্টৰ(গুৰু)ৰ সহযোগিতাৰে আৰোহণ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। এই ৯৭৫৬ গৰাকীৰ ভিতৰত শিক্ষক, অধ্যক্ষ (অৱসৰপ্ৰাপ্তসকলক সামৰি) মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সকলৰ অধ্যাপক, ভাৰতীয় প্ৰশাসনিক সেৱা, অসম অসামৰিক সেৱা, ভাৰতীয় আৰক্ষী সেৱা আৰু অসম আৰক্ষী সেৱা, চৰকাৰী কৰ্মচাৰী, ব্যৱসায়ী, উদ্যোগী, অভিযন্তা, স্থপতিবিদ, চিকিৎসক, বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠনৰ সদস্য, সমাজকর্মী, জনপ্রতিনিধি, অধিবক্তা, বেংকিং পেছাদাৰী ইত্যাদি আছে।

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই অনুষ্ঠানত শিক্ষাৰ্থীসকলৰ সৈতে বাৰ্তালাপ কৰি কয় যে আৰোহণৰ মূল লক্ষ্য হ’ল জীৱনৰ পথত বিদ্যাৰ্থীসকলে কেনেকৈ আহৰণ কৰি নিজকে এগৰাকী প্ৰকৃত মানৱ সম্পদ হিচাপে গঢ়ি তুলিব পাৰে। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এখন বৃহৎ পৃথিৱীয়ে অপেক্ষা কৰি আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে আই আই টিৰ লেখীয়া উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানত যিসকলে শিক্ষা লাভ কৰিবলৈ সক্ষম হৈছে তেওঁলোকে কষ্ট, পৰিশ্ৰম আৰু অধ্যৱসায়ৰ জৰিয়তে সেয়া সম্ভৱ কৰি তুলিছে। তেওঁ কয় যে, চন্দ্ৰায়ন সফলতাৰ আঁৰত যিসকল বিজ্ঞানী আছে, সেই সকল বিজ্ঞানী গ্ৰামাঞ্চলৰ পৰাই আহিছে। গোটেই পৃথিৱীখন সাধাৰণ মানুহৰ বাবেই বুলি উল্লেখ কৰি ছাত্ৰ-ছাত্ৰীসকলক দৃঢ় সংকল্প লৈ আগুৱাই যাবলৈও মুখ্যমন্ত্রীয়ে আহ্বান জনায়। তেওঁ লগতে কয় যে লক্ষ্য স্থিৰ হ’লে জীৱনৰ পৰিৱৰ্তন আনিব পৰা যায়। প্রত্যেকৰে ভিতৰত অসাধাৰণ ক্ষমতা আছে আৰু তাক বিকশাই তোলাৰ বাবে মনত প্ৰতিজ্ঞা কৰিব লাগিব বুলিও তেওঁ কয়। বৰ্তমান ৰাজ্যখনত বহু শৈক্ষিক প্রতিষ্ঠান গঢ় লৈ উঠিছে বুলি উল্লেখ কৰি এই শিক্ষানুষ্ঠানসমূহত নামভৰ্ত্তি কৰিব পৰাকৈ যোগ্যতা আহৰণ কৰাৰ বাবে তেওঁ পৰামৰ্শ দিয়ে। তেওঁ কয় যে, আৰোহণৰ বাবে অহা শিক্ষার্থীসকলক আই আই টিত এই বাবে ৰখা হৈছে যাতে তেওঁলোকৰ মনত এক উচ্চ ভাৱ আৰু কল্পনাৰ সৃষ্টি হয়। মনৰ আশা-আকাংক্ষা সফল কৰাৰ বাবে পঢ়া-শুনাৰ লগতে সংগীত, ক্রীড়াকো আঁকোৱালি ল’ব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে কয়। আজিৰ যুগ প্ৰতিযোগিতাৰ যুগ বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে, সকলোৰে মাজত প্ৰতিভা আছে। সেই প্রতিভাক বাস্তৱায়িত কৰাৰ বাবে প্ৰয়াস চলাব লাগিব। মুখ্যমন্ত্রীয়ে কয় যে, সপোন বস্তুবাদী হ’ব নালাগে। পিতৃ-মাতৃ, সমাজ আৰু দেশৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে চিন্তা কৰিব লাগিব বুলিও তেওঁ কয়। মুখ্যমন্ত্রীয়ে লগতে কয় যে মধ্যবিত্ত আৰু দৰিদ্ৰ পৰিয়ালৰ সন্তানসকলে মেধাৰ জৰিয়তে উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানত নামভৰ্ত্তি কৰিবলৈ সক্ষম হৈছে। সেইবাবে নিজৰ প্রতিভা বিকশাই তোলাৰ বাবে সর্বোত্তম প্রয়াস চলাব লাগিব বুলিও তেওঁ কয়।

মুখ্যমন্ত্ৰীয়ে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত গ্ৰন্থ বিতৰণ কৰাৰ উপৰি সাংস্কৃতিক কাৰ্যসূচীও উপভোগ কৰে। অনুষ্ঠানত আৰোহণ সম্পর্কীয় এখন তথ্য চিত্রও মুকলি কৰা হয়। মত-বিনিয়মৰ সময়ত শিক্ষা আদি বিভাগৰ মন্ত্ৰী মন্ত্ৰী ডাঃ ৰণোজ পেগু, সাংস্কৃতিক পৰিক্রমা আদি বিভাগৰ মন্ত্ৰী বিমল বড়া, উচ্চ শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ, সমগ্র শিক্ষা অভিযানৰ অভিযান সঞ্চালক ড০ ওম প্রকাশ, শিক্ষা গুৰু প্ৰমুখ্যে গণ্য-মান্য বক্তিসকল উপস্থিত আছিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

প্ৰথমবাৰলৈ ভাগ্য পৰীক্ষাত নামিয়েই সফল হ’ল প্ৰিয়ংকা

প্ৰথমবাৰলৈ ভাগ্য পৰীক্ষাত নামিয়েই সফল হ’ল প্ৰিয়ংকা। সংসদীয় ৰাজনীতিত...

ৰকিবুলৰ দুৰ্গত উৰিল গেৰুৱা বাহিনীৰ বিজয় ধ্বজা

অন্ত পৰিল সকলো জল্পনা–কল্পনা, সমীকৰণৰ। গেৰুৱাৰ ধুমুহাত তচনচ হৈ...

ৰাজ্যৰ উপ-নিৰ্বাচনত মুখ ঠেকেছা খাইছে বিৰোধীয়ে

ৰাজ্যৰ উপ-নিৰ্বাচনত মুখ ঠেকেছা খাইছে বিৰোধীয়েআন সমষ্টিৰ লগতে ধলাই...

কোন হ’ব মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী?

মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীক লৈ মহাযুটিত টনা-আঁজোৰা। বিজেপি নেতা দেবেন্দ্ৰ...