গৰিয়া, মৰিয়া, দেশী, চৈয়দ, জলহাৰ উন্নয়ন সাধন কৰাৰ বাবে আর্থ-সামাজিক মূল্যায়ন কৰিব চৰকাৰে

ৰাজ্য চৰকাৰে অসমৰ পাঁচটা খিলঞ্জীয়া মুছলমান সম্প্রদায় গৰিয়া, মৰিয়া, দেশী, চৈয়দ আৰু জলহাৰ সৰ্বাংগীন উন্নয়ন সাধনৰ বাবে আৰ্থ-সামাজিক মূল্যায়ন কৰিব। আজি জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাকক্ষত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত বৈঠকত খিলঞ্জীয়া মুছলমান সম্প্ৰদায়ৰ আৰ্থ-সামাজিক মূল্যায়নৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয়।

মুখ্যমন্ত্ৰীয়ে সংশ্লিষ্ট কর্তৃপক্ষক এই ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে যাতে আর্থ-সামাজিক মূল্যায়ন সম্পূৰ্ণ হোৱাৰ লগে লগে ৰাজ্য চৰকাৰে এই সম্প্রদায় কেইটাৰ আৰ্থ-ৰাজনীতিক, শৈক্ষিক, স্বাস্থ্য আদি দিশত প্রয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব পাৰে। ইতিমধ্যে ৰাজ্যিক কেবিনেটে এই মুছলমান সম্প্রদায় কেইটাক খিলঞ্জীয়াৰ মৰ্যাদা প্রদান কৰিছে।

ৰাজ্যখনত পাঁচটা খিলঞ্জীয়া মুছলমান সম্প্ৰদায়ৰ আৰ্থ-সামাজিক মূল্যায়নৰ সিদ্ধান্তই এই সম্প্রদায় কেইটাৰ স্বাস্থ্য সেৱা, সাংস্কৃতিক পৰিচয়, শিক্ষা, আর্থিক অন্তর্ভূক্তি, দক্ষতা বিকাশ, মহিলা সৱলীকৰণ আদি বিষয়ৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ লোৱাৰ দিশত সহায়ক হৈ উঠিব।

উল্লেখ্য যে মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ খিলঞ্জীয়া মুছলমান সম্প্ৰদায়ৰ সৰ্বাংগীন বিকাশ সুনিশ্চিত কৰাৰ বাবে খিলঞ্জীয়া মুছলমান সম্প্ৰদায়ৰ বুদ্ধিজীৱী আৰু অগ্ৰণী ব্যক্তিৰ সৈতে আলাপ-আলোচনা— ধর্মীয় সংখ্যালঘুৰ সৱলীকৰণ’ শীৰ্ষক এক মত-বিনিময়ৰ কাৰ্যসূচী অনুষ্ঠিত কৰিছিল। ইয়াৰ পিছত ৰাজ্য চৰকাৰে খিলঞ্জীয়া মুছলমান সম্প্রদায়ৰ প্ৰতিনিধিৰে কেইবাখনো উপ-সমিতি গঠন কৰে। এই উপ-সমিতিসমূহে খিলঞ্জীয়া মুছলমান সম্প্ৰদায়ৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰত আলোচনা কৰি সমস্যাসমূহ সমাধানৰ দিশত যথোচিত ব্যৱস্থা গ্ৰহণৰ বাবে পৰামৰ্শ গ্ৰহণ কৰে। উপ-সমিতিসমূহে পৰৱৰ্তী সময়ত ৰাজ্য চৰকাৰক দাখিল কৰা প্ৰতিবেদনত পাঁচটা খিলঞ্জীয়া মুছলমান সম্প্ৰদায়ৰ জনসাধাৰণক সামৰি এক বিস্তৃত আর্থ- সামাজিক মূল্যায়নৰ পৰামৰ্শ আগবঢ়ায়। সেই উপ-সমিতিৰ প্ৰতিবেদনক বাস্তবায়িত কৰাৰ বাবে আজি এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

আজিৰ এই বৈঠকত সংখ্যালঘু পৰিক্ৰমা বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু ৰাজ্য চৰকাৰৰ শীর্ষ বিষয়াসকল উপস্থিত থাকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...