চৰকাৰী চিকিৎসালয়ত মৃত্যু মিচিল

চৰকাৰী চিকিৎসালয়ত মৃত্যু মিচিল
৪৮ ঘণ্টাত ১৬ শিশুসহ ৩১জনৰ মৃত্যু
ৰোগীৰ মাজত হাহাকাৰ

হঠাৎ এখন চিকিৎসালয়ত সৃষ্টি হৈছে আতংকময় পৰিবেশৰ। এটাৰ পিছত এটা মৃত্যুৰ খবৰ আহিছে চিকিৎসয়খনৰ পৰা। এই ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ এখন চৰকাৰী চিকিৎসালয়ত। দেওবাৰে নিশাৰ পৰাই যেন কালিকা লাগিছে চিকিৎসালনত।

দেওবাৰে গভীৰ নিশাৰ পৰাই আৰম্ভ হয় মৃত্যু মিচিল
সোমবাৰৰ পুৱা পৰ্যন্ত ২৪ গৰাকী ৰোগীৰ মৃত্যু হয়
মঙলবাৰে পুৱালৈ পুনৰ ৭ ৰোগীৰ মৃত্যু খবৰ প্ৰকাশ পায়

মৃত্যু হোৱা সকলৰ ভিতৰত ১৬ আছে শিশু। মহাৰাষ্ট্ৰৰ নান্দেড়ৰ চৰকাৰী চিকিৎসালয়ত ঘটা এই ঘটনাই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। মহাৰাষ্ট্ৰত তীব্ৰ প্ৰতিক্ৰিয়া দেখা গৈছে। কিন্তু কিহৰ বাবে এইদৰে মৃত্যু মুখত পৰিছে ৰোগী?

চিকিৎসালয়খনৰ বিৰুদ্ধে চিকিৎসাত গাফিলতিৰ অভিযোগ উঠিছে। এই অভিযোগ উঠাৰ লগে লগে চিকিৎসালয়খনৰ ডিনে ঔষধ আৰু চিখিৎসাকৰ্মীৰ অভাব থকা বুলি মন্তব্য কৰে। পিছে কেই ঘণ্টা মানৰ ভিতৰতে সলনি হ’ল চিকিৎসালয় কৰ্তৃপক্ষই ভাষ্য। চিকিৎসক, ঔষধ পৰ্যাপ্ত পৰিমাণে থকা বুলি দাবী কৰিলে কৰ্তৃপক্ষই। ক’ৰ্লে চিকিৎসাত হোৱা নাই গাফিলতিৰ। মৃত্যু হোৱাসকলৰ ১২জন বয়স্ক আৰু আনকেবাজনো সৰ্প দংশনত চিকিৎসাধীন হৈছিল। অৱশ্যে চৰকাৰে ঘটনাৰ তদন্তৰ বাবে এখন ৩ জনীয়া কমিটী গঠন কৰি দিছে। এই কমিটীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। এই ঘটনাক লৈ সৰব হৈছে বিৰোধী। চৰকাৰে নিজৰ দুৰ্বলতা ঢাকিবলৈ চেষ্ঠা কৰাৰ অভিযোগ উঠিছে। এই ঘটনাক অতি দুৰ্ভাগ্যজনক বুলি কৈছে মুখ্যমন্ত্ৰী একনাথ সিন্দেই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...