এছিয়ান গেম্ছৰ বক্সিঙৰ ফাইনেলত অসমকন্যা লাভলীনা

হাংঝৌ এছিয়ান গেম্ছত ভাৰতৰ ধ্বজাবাহক আছিল বক্সাৰ লাভলীনা বৰগোহাঁই। এই সন্মানৰ যোগ্য সঁহাৰি জনাই পেৰিছ অলিম্পিকৰ টিকট নিশ্চিত কৰিলে লাভলীনাই। মঙলবাৰে হাংঝৌত থাই বক্সাৰ এগৰাকী পৰাভূত কৰি এছিয়ান গেম্ছৰ ফাইনেলত প্ৰৱেশ কৰিলে অসমকন্যাই।

এছিয়ান গেম্ছৰ বক্সিঙৰ ফাইনেলত অসমকন্যা লাভলীনা
মঙলবাৰৰ জয়েৰে পেৰিছ অলিম্পিকৰ বাবেও যোগ্যতা অৰ্জন লাভলীনাৰ
লাভলীনাৰ শক্তিশালী ঘোচাত ধৰাশায়ী থাইলেণ্ডৰ বাইছন মেনীকন
তিনিওটা ৰাউণ্ডত ৫–০ ব্যৱধানত জয়ী ৭৫ কিলো শাখাৰ বিশ্ব চেম্পিয়নগৰাকী


এটা সপোনৰ সফল পৰিসমাপ্তি হ’ল। পেৰিছ অলিম্পিকত অংশগ্ৰহণৰ লক্ষ্য নিৰ্ধাৰণ কৰি লাভলীনাই দীৰ্ঘদিনে চলাই আছিল বক্সিঙৰ অনুশীলন। চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান গেম্ছৰ বক্সিং ৰিঙত দমনীয় প্ৰদৰ্শনেৰে পেৰিছ অলিম্পিকৰ বাবে টিকট নিশ্চিত কৰিলে অসমকন্যাই। মঙলবাৰে ছেমি ফাইনেলত জয়ৰ সূত্ৰে ভাৰতৰ বাবে সোণ বা ৰূপৰ এটা পদক নিশ্চিত কৰিলে লাভলীনাই। খেলখনৰ আৰম্ভণিৰ পৰাই আগ্ৰাসীভাৱে আক্ৰমণ কৰিছিল লাভলীনাই। লাভলীনাৰ ঘোচাত থৰকাছুটি হেৰুৱাইছিল থাইলেণ্ডৰ মেনীকনে। মুৱাই থাই খেলৰ পৰা বক্সিঙৰ ৰিঙলৈ অহা মেনীকনে লাভলীনাক প্ৰত্যাহ্বান জনাব বুলি আশংকা হৈছিল যদিও লাভলীনাৰ অদম্য স্পৃহাৰ ওচৰত সহজে হাৰ মানিলে থাই বক্সাৰগৰাকীয়ে। খেলখনত পাঁচোগৰাকী বিচাৰকে লাভলীনাৰ সপক্ষে ৰায় দিয়াত তিনিওটা ৰাউণ্ডতে ৫–০ ব্যৱধানত জয়ী হয় লাভলীনা।

দুখনকৈ অলিম্পিকত খেলাৰ যোগ্যতা অৰ্জা ৩য়গৰাকী অসমীয়া খেলুৱৈ লাভলীনা
পূৰ্বে বেডমিণ্টন তাৰকা দীপাংকৰ ভট্টাচাৰ্য, বক্সাৰ শিৱ থাপাই লাভ কৰিছিল এই কৃতিত্ব
২০২২ৰ অক্টোবৰত গুজৰাট ৰাষ্ট্ৰীয় ক্ৰীড়াৰ পূৰ্বৰে পৰাই ৰিঙত পৰাস্ত হোৱা নাই লাভলীনা
পেৰিছৰ বাবে যোগ্যতা অৰ্জন কৰা ৪ৰ্থগৰাকী ভাৰতীয় বক্সাৰ লাভলীনা


লাভলীনাৰ পূৰ্বে নিখাত জাৰিন, প্ৰীতি পাৱাৰ আৰু পাৰবিন হুডাই পেৰিছ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিছে। মঙলবাৰে আন এখন ছেমিফাইনেলত প্ৰীতি পাৱাৰে চীনৰ বিশ্ব চেম্পিয়ন য়ুৱান চাঙৰ বিৰুদ্ধে পৰাস্ত হৈ ব্ৰঞ্জৰ পদকতে সন্তুষ্ট হ’বলগীয়া হয়।

লাভলীনাৰ জয়ত সৰুপথাৰৰ বাৰমুখীয়া গাঁৱত আনন্দৰ লহৰ
পিতৃ-পৰিয়ালৰ সৈতে উৎসৱ পাতিলে গাঁওবাসীয়ে

বুধবাৰে মহিলা বক্সিঙৰ ৭৫ কিলো শাখাৰ ফাইনেলত অৱতীৰ্ণ হ’ব লাভলীনা। বৰ্তমানৰ দুৰন্ত ধাৰা অব্যাহত ৰাখিব পাৰিলে লাভলীনাই এছিয়ান গেম্ছৰ স্বৰ্ণপদক আঁজুৰি অনাটো প্ৰায় নিশ্চিত বুলি ক’ব পাৰি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...