ভূটানৰ গেলেফু-থিম্ফু-ফুণ্ট শ্লিং হৈ শিলিগুৰিত উপস্থিত এছিয়ান কাৰ ৰেলী

ভূটানত ৩ দিনীয়া পৰিক্ৰমা সামৰি এছিয়ান কাৰ ৰেলী শনিবাৰে সন্ধিয়া শিলিগুৰিত প্ৰৱেশ কৰিছে। যোৱা ২৮ ছেপ্তেম্বৰত গুৱাহাটীৰ পৰা ৰাওনা হোৱা দলটোৱে প্ৰথম দিনা ভূটানৰ গেলেফুত নিশা কটায়। শুকুৰবাৰে ৰেলীয়ে ভূটানৰ পাহাৰীয়া পথেদি যাত্ৰা কৰি দেশখনৰ ভিতৰুৱা পথ পৰিক্ৰমা কৰি নিশা প্ৰায় ৮ বজাত ভূটানৰ ৰাজধানী থিম্ফুত উপস্থিত হয়গৈ। থিম্ফুত নৰ্থ ইষ্ট ফেডাৰেচন অন্ ইন্টাৰনেচনেলে চমুকৈ NEFIT এ আয়োজন কৰা BIBN FRIENDSHIP CAR RALLY নামেৰে নামাকৰণ কৰা এছিয়ান কাৰ ৰেলীৰ চতুৰ্থ সংস্কৰণত অংশ লোৱা দলটোক ভূটান চেম্বাৰছ অফ কমাৰ্চে আদৰণি জনায়।

শনিবাৰে পুৱা থিম্ফুত অনুষ্ঠিত হয় কাৰ ৰেলীৰ আন এক ফ্লেগ অফ অনুষ্ঠান। ভূটানৰ ভাৰতীয় দূতাবাসৰ কাউন্সিলৰ বিদেশ পৰিক্ৰমাৰ বিষয়া অমিত ভাৰ্মাই পতাকা জোকাৰি ৰেলীৰ শুভাৰম্ভ কৰে। ভাষণ প্ৰসংগত ভাৰ্মাই ভাৰত-ভূটান দ্বিপাক্ষিক সম্পৰ্ক উন্নয়নৰ ক্ষেত্ৰত এনে কাৰ ৰেলীয়ে ল’ব পৰা ভূমিকাৰ বিষয়ে উল্লেখ কৰে।

নিশালৈ কাৰ ৰেলীয়ে ফুন্তছলিং পাৰ হৈ আহি শিলিগুৰিত প্ৰৱেশ কৰিছে। দেওবাৰে পুৱা শিলিগুৰিৰ মেয়ৰে এই ৰেলীৰ ফ্লেগ অফ কৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিশ্বৰ ৬নম্বৰ খেলুৱৈক হৰুৱাই ইতিহাস অনাহত সিঙৰ, এছিয়ান গেমছৰ ফাইনেলত প্ৰৱেশ

এছিয়ান গেমছ ২০২৬ত ভাৰতীয় স্কোৱাছ খেলুৱৈ অনাহত সিঙে দেখুৱালে...

২০২৭ৰ ODI বিশ্বকাপেই ভাৰতৰ হৈ শেষ বিশ্বকাপ হ’ব: বিৰাট কোহলী

২০২৭ৰ ODI বিশ্বকাপেই ভাৰতৰ হৈ তেওঁৰ অন্তিম বিশ্বকাপ হ’ব...

অসমৰ চিকিৎসা ক্ষেত্ৰত নতুন ইতিহাস; GMCHত প্ৰথমবাৰৰ বাবে সফলতাৰে সম্পন্ন ৰবটিক কাৰ্ডিয়াক ছাৰ্জাৰী

অসমত প্ৰথমবাৰৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত (GMCH) সফলতাৰে...