ৰে’লৰ পাছফালে ‘X’ চিহ্নটো কিয় থাকে জানেনে?

আপুনিও নিশ্চয় জীৱনত এবাৰ হলেও ৰে’লেৰে যাত্ৰা কৰিছে। আপুনিও হয়তো ৰে’লৰ পাছফালে থকা ‘X’ চিহ্নটো দেখিছে। কিন্তু আপুনি বাৰু জানেনে ৰে’লৰ পাছফালে ‘X’ চিহ্নটো কিয় থাকে। যদি নাজানে তেন্তে জানিবলৈ চাওক এই প্ৰতিবেদন।

সচৰাচৰ আপোনালোক সকলোৱে ৰে’লৰ শেষৰ দবাটোত থকা ‘X’ চিহ্নটো দেখিছে। কিন্তু আপুনিও হয়তো এই ‘X’ চিহ্নটো কিয় থাকে সেয়া নাজানে। আচলতে যেতিয়া ৰে’লখনে ষ্টেচন অতিক্ৰম কৰে তেতিয়া ষ্টেচন মাষ্টৰে ৰে’লখনৰ সকলো দবা ঠিকেই আহিছে নাই নিশ্চিত কৰিব লাগে, এইক্ষেত্ৰত তেওঁ ৰে’লৰ শেষৰ দবাটোৰ ‘X’ চিহ্নটো চায় সেয়া নিশ্চিত কৰে। যদি ৰে’লৰ শেষৰ দবাটোত ‘X’ চিহ্নটো নাথাকে তেতিয়া তেওঁ ততাতৈয়াকৈ বিভাগীয় কৰ্তৃপক্ষক খবৰ দিয়ে। কিয়নো ৰে’লৰ শেষৰ দবাটোত ‘X’ চিহ্ন নথকাৰ অৰ্থ হ’ল ৰে’লখনৰ কিছুমান দবা ৰে’ল লাইনতে থাকি আহিল। তেতিয়া কোনো দুৰ্ঘটনা সংঘটিত নহ’বৰ বাবে সেই ৰে’ল লাইনত অহা সকলো ৰে’ল ৰখাই দিয়া হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিলাসীপাৰাৰ মায়াৰচৰত চাঞ্চল্যকৰ ঘটনা! বিয়াৰ প্ৰলোভনেৰে মহিলাৰ ধন-সোণ লুট

বিলাসীপাৰাৰ মায়াৰচৰ ১ম খণ্ডত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।...

বাহ্যিক আড়ম্বৰবিহীন উপাসনাৰে এখন ব্যতিক্ৰমী দুৰ্গাপূজাস্থলী; ২৮২ বছৰীয়া ঐতিহ্যৰে নিৰৱে চলি আহিছে উপাসনা

দুৰ্গোৎসৱক লৈ ৰাজ্যৰ চৌদিশে এতিয়া উখল-মাখল পৰিৱেশ। আটকধুনীয়া পূজামণ্ডপ,...

মুকলি আকাশৰ তললৈ অমৃতপ্ৰভা মহন্ত; হাফলং উপ-কাৰাগাৰৰ পৰা পুৱা ৬:৩০ বজাত মুক্তি

অৱশেষত কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ ওলাল অমৃতপ্ৰভা মহন্ত।...