চাফাই কৰ্মীসকলৰ সন্তানৰ শিক্ষাৰ বাবে ৰাজ্য চৰকাৰে প্ৰদান কৰিব বৃত্তি

১ ঘণ্টাৰ বাবে শ্রমদান কাৰ্যসূচীত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ

৫০০ কোটি টকা ব্যয়ৰে চাফাই কৰ্মীৰ আবাসগৃহ পুনৰ নিৰ্মাণ কৰা হ’ব : মুখ্যমন্ত্রী

চাফাই কৰ্মীসকলৰ সন্তানৰ শিক্ষাৰ বাবে ৰাজ্য চৰকাৰে প্ৰদান কৰিব বৃত্তি

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান ক্ৰমে আজি গান্ধী মণ্ডপত ১ ঘণ্টাৰ বাবে আয়োজিত শ্রমদান কার্যসূচীত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীয়ে গান্ধী মণ্ডপলৈ যোৱা পথছোৱাত স্বচ্ছতাৰ বাবে লোৱা এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি সামূহিকভাৱে শ্ৰমদান কৰে। আনহাতে মুখ্যমন্ত্ৰীয়ে মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ লগতে গান্ধী মণ্ডপত স্বচ্ছতাৰ বাবে লোৱা কাৰ্যসূচীত অংশ লয়।

ইয়াৰ পিছতে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত মুখ্যমন্ত্ৰীয়ে কয় যে গান্ধী জয়ন্তী পৰিপ্ৰেক্ষিতত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতবৰ্ষৰ জনগণক ১ অক্টোবৰ তাৰিখে ১০ ৰ পৰা ১১ বজালৈ ১ ঘণ্টা শ্রমদান কৰিবলৈ আহ্বান জনাইছিল। প্রধানমন্ত্রী মোদীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই আজি অসমত 22,422 টা স্থানত এই শ্রমদান কাৰ্যসূচী অনুষ্ঠিত হৈছে। তেওঁ কয় যে এই ১ ঘণ্টা শ্রমদানে স্বচ্ছতা মানৱ জীৱনৰ বাবে কিমান প্রয়োজন আৰু স্বচ্ছতা কৰ্মীসকলে ইয়াৰ বাবে কিমান পৰিশ্ৰম কৰে সেই কথা উপলব্ধি কৰাৰ সুযোগ প্রদান কৰিলে। তেওঁ লগতে কয় যে যিসকলে ৮ ৰ পৰা ১০ ঘণ্টা পৰিশ্ৰম কৰে তেওঁলোকে কি ধৰণৰ শ্ৰম কৰে আৰু কিমান কষ্ট কৰে সেই বিষয়ে ৰাইজে অনুভৱ কৰিব পাৰিব। তেওঁ প্ৰতিজন ব্যক্তিকে নিজকে এজন স্বচ্ছতা কর্মী হিচাপে নিয়োজিত হ’বলৈ আহ্বান জনায়।

ৰাজ্য চৰকাৰে পৌৰ নিগমৰ চাফাই কৰ্মীসকলৰ বাবে ৫০০ কোটি টকা ব্যয়ৰে আবাসগৃহ পুনৰ নিৰ্মাণ কৰাৰ এক সুদূৰপ্ৰসাৰী আঁচনিৰ কথা মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। চাফাই কৰ্মী আয়োগ গঠন কৰাৰ বাবে ইতিমধ্যে আইন প্ৰণয়ন কৰা হৈছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে চাফাই কৰ্মীসকলৰ সন্তানৰ শিক্ষাৰ বাবে ৰাজ্য চৰকাৰে এক বৃত্তি প্ৰদানৰ ব্যৱস্থা কৰিব। মেট্ৰিক পাছ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বছৰি ১০ হাজাৰ টকা, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ সকলক ১৫ হাজাৰ টকা আৰু চিকিৎসক, অভিযন্তা আদিৰ দৰে পেছাদাৰী পাঠ্যক্ৰময়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলক ৫০ হাজাৰ টকাৰ বৃত্তি দিয়া হ’ব বুলি তেওঁ সদৰি কৰে। এই ব্যৱস্থা অহা ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ…

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ। ৰিচা চাড্ডা...

ডায়েট ডিব্ৰুগড়ত সম্পন্ন শিশু বৈজ্ঞানিক প্ৰদৰ্শনী

বিকশিত আৰু স্বাৱলম্বী ভাৰতৰ বাবে ষ্টেম শীৰ্ষক বিষয়বস্তুক আধাৰ...

পুনৰ গুৱাহাটীত যুৱতীৰ ৰহস্যজনক মৃত্যু

পুনৰ চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে গুৱাহাটী মহানগৰী। ৰহস্যজনক অৱস্থাত উদ্ধাৰ...

কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা, আতংকিত ৰাইজ

পুনৰ কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা। নিশা নহয় এইবাৰ দিন-দুপৰতেই চাঞ্চল্যকৰ...