একেদিনাই ৩খন খেলত ভাৰতৰ হাতত পৰাস্ত চিৰন্তন প্ৰতিদ্বন্দ্বী পাকিস্তান

একেদিনাই ৩খন খেলত ভাৰতৰ হাতত পৰাস্ত চিৰন্তন প্ৰতিদ্বন্দ্বী পাকিস্তান

এছিয়ান গেমছৰ পুৰুষৰ হকী, স্কোৱাছ খেলত পাকিস্তান বিধ্বস্ত ভাৰতৰ হাতত

১৯ অনূৰ্ধ্ব SAFF ফুটবলতো ভাৰতে হৰুৱালে পাকিস্তানক 

বৈৰী দেশ পাকিস্তান ক্ৰীড়াক্ষেত্রতো ভাৰতৰ চিৰন্তন প্রতিদ্বন্দ্বী। ক্ৰিকেটৰ পথাৰৰ লগতে হকী খেলতো ভাৰত-পাকিস্তানৰ বৈৰিতা সৰ্বজনবিদিত। যোৱা ১১ ছেপ্টেম্বৰৰ দিনা ভাৰতে এছিয়া কাপৰ খেলত পাকিস্তানক ২২৮ ৰাণৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হৈছিল। অৱশ্যে ক্ৰিকেট খেলপথাৰত জয়ৰ লেখেৰে পাকিস্তান ভাৰততকৈ বহু আগবাঢ়ি আছে।

ভাৰত-পাকিস্তান ক্ৰিকেট ফিল্ডত মুখামুখি হৈছে ২০৪ বাৰ

ইয়াৰ ভিতৰত পাকিস্তানে ৮৮বাৰ জয়ী হোৱাৰ বিপৰীতে ভাৰত জয়ী হৈছে ৭৩বাৰ

অমীমাংসিত হৈ ৰৈছে আন ৪৪খন খেল

দুয়ো দেশৰ মাজত ৫৯ টেষ্ট মেচত ভাৰত ৯বাৰ, পাকিস্তান ১২বাৰ জয়ী হৈছে

১৩৪ এদিনীয়াত ভাৰত ৫৬খনত জয়ী হোৱাৰ বিপৰীতে পাকিস্তান জিকিছে ৭৩বাৰ

T-20ত ১২খন খেলৰ ৮খনত ভাৰতৰ জয়, ৩খনত পাকিস্তান জয়

অৱশ্যে ভাৰত–পাকিস্তান হকীৰ ইতিহাসো ভাৰতৰ পক্ষত নাই।

পাকিস্তান আৰু ভাৰতৰ হকীৰ ইতিহাস এনেধৰণৰ

হকীত ভাৰত ৬৫বাৰ জয়ী হোৱাৰ বিপৰীতে ৮২খন খেলত পাকিস্তানৰ জয়

দুয়ো দেশৰ মাজত আন ৩২খন খেল অমীমাংসিত

এছিয়ান গেমছত ১৫খন খেলৰ ৮খনত পাক, ৪খনত ভাৰত জয়ী

ইয়াৰ মাজতে শনিবাৰে ভাৰতীয় খেলুৱৈয়ে পাকিস্তানৰ বিৰুদ্ধে ৩খন সুকীয়া খেলত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয়। এছিয়ান গেমছৰ হকীত শনিবাৰে ভাৰতে পাকিস্তানক পৰাস্ত কৰে ১০-২ গ’লৰ বৃহৎ ব্যৱধানত।

এয়া আছিল পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ আটাইতকৈ বৃহৎ জয়

পুৰুষৰ স্কোৱাছত পাকিস্তানক ২-১ ব্যৱধানত হৰুৱাই এছিয়াডত ভাৰতৰ স্বৰ্ণ জয়

একেদিনাই ১৯ অনূৰ্ধ্ব ছাব ফুটবলত পাকিস্তানৰ বিৰুদ্ধে ৩-০ গ’লত জয় ভাৰতৰ

এদিনীয়া বিশ্বকাপৰ লীগ পৰ্যায়ত ভাৰতে ১৪ অক্টোবৰত মিলিত হ’ব পাকিস্তানৰ বিৰুদ্ধে। আহমেদাবাদৰ নৰেন্দ্র মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া খেলখনৰ বাবে ক্ৰীড়ানুৰাগীয়ে উৎসুকতাৰে অপেক্ষা কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

E-20 ইন্ধন ব্যৱহাৰৰ সপক্ষে কেন্দ্ৰৰ স্পষ্টীকৰণ; ছ’চিয়েল মিডিয়াৰ ‘ভ্ৰান্ত খবৰ’ক গুৰুত্ব নিদিবলৈ গ্ৰাহকক আহ্বান

দেশত ইথানল মিশ্ৰিত পেট্ৰ’ল (EBP) কাৰ্যসূচীৰ সপক্ষে কেন্দ্ৰীয় পেট্ৰ’লিয়াম...

অসম বাজেট ২০২৬-২৭: ১৮খন ধ্বজাবাহী আঁচনি আৰু ব্যাপক সংস্কাৰমূলক পদক্ষেপ ঘোষণা বিত্তমন্ত্ৰীৰ

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি বিধানসভাত ২০২৬-২০২৭ বিত্তীয় বৰ্ষৰ বাবে...