ৰাষ্ট্ৰীয় মিনি ৰোলবল চেম্পিয়নশ্বিপত অসমৰ ছোৱালী দল চেম্পিয়ন

ৰাজস্থানক ফাইনেলত ২-১ গ’লত পৰাস্ত কৰি ত্ৰয়োদশ মিনি ৰাষ্ট্ৰীয় ৰোল বল চেম্পিয়নশ্বিপত অসম অনূৰ্দ্ধ -১১ ছোৱালী দল চেম্পিয়ন হয় । ২৭ ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ অনুষ্ঠিত এই তিনিদিনীয়া প্ৰতিযোগিতাখন চেন্নাইত ৰোল বল ফেডাৰেচন অফ ইণ্ডিয়া আৰু স্পৰ্টছ তামিলনাডু ৰোল বল এছ’চিয়েচনে আয়োজন কৰে । অসম ৰোলবল সন্থাৰ সম্পাদক ভূমিধৰ বৰ্মনে জনোৱা মতে সমগ্ৰ প্ৰতিযোগিতাখনত অসমৰ ছোৱালী দলটো অপৰাজেয় ৰূপে চূড়ান্ত বিজয়ী হয় । দ্লটোৱে লীগ পৰ্যায়ত মধ্যপ্ৰদেশ, ঝাৰখণ্ড আৰু অন্ধ্ৰপ্ৰদেশক ক্ৰমে ৬-০ আৰু ৩-০ আৰু ৪-০ গ’লত পৰাস্ত কৰে। কোৱাৰ্টাৰ ফাইনেলত অসমে হাৰিয়ানাৰ বিৰুদ্ধে ৬-১ গ’লত বিজয়ী হয় । ছেমি ফাইনেলত অসমে কেৰালাক ২-০ গ’লত পৰাস্ত কৰে । ৩০ ছেপ্টেম্বৰ, শনিবাৰৰ ফাইনেলত অসমে ৰাজস্থানক হৰুৱায় ২-১ গ’লত। অসমৰ হৈ দুয়োটা গ’ল স্কৰ কৰে ছিফিয়া হাছানে । একেখন প্ৰতিযোগিতাতে অসমৰ ল’ৰাৰ দলটোৱে কোৱাৰ্টাৰ ফাইনেলত আয়োজক তামিলনাডুৰ বিৰুদ্ধে ১-৩ গ’লত পৰাস্ত হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হয়। তাৰ আগতে অসমৰ ল’ৰাৰ দলটোৱে লীগ মেচবোৰত অপৰাজিত আছিল আৰু দলটোৰ গ’লৰ স্কৰ আছিল :
অসম ৯ – তেলেংগানা ০
অসম ৭ – মধ্যপ্ৰদেশ ০
অসম ৫ – উৰিষ্যা ০

অসম ৫ – আৰ এছ এছ এ অৰ্থাৎ ৰোলাৰ স্পৰ্টছ ছচিয়েল একাডেমী ০। অসমৰ ছোৱালী দলৰ শ্ৰেষ্ঠ স্কৰাৰ ছিফিয়া হাছান আৰু ল’ৰাৰ দলৰ শ্ৰেষ্ঠ স্কৰাৰ মিলন বৰদলৈ।

ৰাষ্ট্ৰীয় চেম্পিয়ন অসমৰ ছোৱালীৰ দলত আছে – ছিফিয়া হাছান (অধিনায়ক- গুৱাহাটী), ছেলিনা বসুমতাৰী (কামৰূপ মেট্ৰ), ঋদ্ধিষা শৰ্মা (কামৰূপ মেট্ৰ), কৃষ্টিনা কাশ্যপ ডেকা (কামৰূপ মেট্ৰ), ধ্ৰুৱী মহন্ত (কামৰূপ মেট্ৰ), দ্ৰাষ্টি দেৱী (গুৱাহাটী), দিশানা ৰাজকুমাৰী (ডিব্ৰুগড়), জিয়া মৰাণ (গ’লকীপাৰ – তিনিচুকীয়া), য়াহনা বানচাল (তিনিচুকীয়া) আৰু নিষ্ঠা চলিহা (কামৰূপ)।

দল দুটাৰ প্ৰশিক্ষক স্বপন আৰু মানস গগৈ (তিনিচুকীয়া)।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...