ৰাজ্যত ড্ৰাগছ সৰবৰাহৰ নতুন কৌশল

ৰাজ্যত অব্যাহত আৰক্ষী-ৰাইজৰ ড্রাগছবিৰোধী অভিযান। উজনিৰ পৰা নামনিলৈ এতিয়াও সক্ৰিয় ড্রাগছ সৰবৰাহৰ জাল। মণিপুৰৰ পৰা গাড়ীৰ স্পেয়াৰ টায়াৰত লুকাই অনা ড্রাগছ ওলাল গুৱাহাটীত। বৃহৎ পৰিমাণৰ ড্রাগছসহ STFৰ অভিযানত জালত পৰিল ৩ কুখ্যাত ড্রাগছ সৰবৰাহকাৰী।

ৰাজ্যত ড্ৰাগছ সৰবৰাহৰ নতুন কৌশল

গাড়ীত স্পেয়াৰ টায়াৰত ওলাল ড্রাগছ

মাৰাত্মক বৰবিহ ড্রাগছৰ বিৰুদ্ধে অব্যাহত আছে অসম আৰক্ষীৰ অভিযান। প্রথমে চাওক এই ভিজুৱেলছ, আৰক্ষীৰ চকুত ধূলি দি আৰটিগা বাহনৰ স্পেয়াৰ টায়াৰৰ মাজত লুকাই অনা হৈছিল এইসমূহ পেকেটত মাৰাত্মক বৰবিহ ড্রাগছ। আৰক্ষীয়ে তন্নতন্নকৈ পৰীক্ষা কৰিছে বাহনখন। ড্ৰাগছ সৰবৰাহৰ নতুন কৌশল এয়া। চাওক কি দৰে বাহনখনৰ স্পেয়াৰ টায়াৰৰ ওলাইছে এইসমূহ হেৰ’ইন।

উত্তৰ গুৱাহাটীত STFৰ অভিযান

আৰক্ষীয়ে উদ্ধাৰ কৰে ২০ পেকেট হেৰ’ইন

জালত পৰিল ৩ কুখ্যাত ড্রাগছ সৰবৰাহকাৰী

মণিপুৰৰ পৰা অনা হৈছিল জব্দ হোৱা এই ড্রাগছখিনি। DIG পাৰ্থসাৰথি মহন্তৰ নেতৃত্বৰ এই অভিযানত সংগ দিয়ে কামৰূপ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ পাঠকে। নিশাৰ এই অভিযানত ড্রাগছ সৰবৰাহৰে জড়িত ৩ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰে আৰক্ষীয়ে।

এই দৃশ্য গোলাঘাট জিলাৰ বৰপথাৰৰ। গেলাবিল আঞ্চলিক ছাত্ৰ সন্থা আৰু স্থানীয় ৰাইজৰ জালত পৰিল এই ৪ ড্রাগছ আসক্ত আৰু সৰবৰাহকাৰী।

বৰপথাৰত ৰাইজে ধৰিলে ৪ ড্রাগছ আসক্ত-সৰবৰাহকাৰীক

জালত হামিদ আলী, ৰূপম গগৈ, জগন্নাথ পাল, অভিষেক দে’

কাণ ধৰাই আঁঠু কঢ়াই থোৱা ৩ যুৱকৰ কাষত আন এক সৰবৰাহকাৰী। ডিঙিত আঁৰি দিয়া হৈছে জোতাৰ মালা। যুৱককেইজনৰ পৰা জব্দ হ’ল প্ৰায় ৭ গ্ৰাম হেৰ’ইনসহ ড্ৰাগছ সেৱন কৰা চিৰিঞ্জ। মুঠতে ৰাজ্যত অব্যাহত আৰক্ষী-ৰাইজৰ ড্রাগছবিৰোধী অভিযান।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মেৰাপানীত প্ৰাক্তন আলফা কেডাৰৰ ঘৰত আৰক্ষীৰ অভিযান; উদ্ধাৰ বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গুলী-বাৰুদ

গোলাঘাট জিলাৰ মেৰাপানীত এগৰাকী আত্মসমৰ্পণকাৰী প্ৰাক্তন আলফা কেডাৰৰ বাসগৃহত...

শ্বি জিনপিঙৰ সন্মানত ড’নাল্ড ট্ৰাম্পৰ ষ্টেট ডিনাৰ; অতিথিৰ তালিকাত প্ৰযুক্তি জগতৰ ৰথী-মহাৰথী

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙৰ সন্মানত বৃহস্পতিবাৰে হোৱাইট হাউছত আমেৰিকাৰ...

পৰ্যটকৰ বাবে সুখবৰ, ২ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

ৰাজ্যৰ পৰ্যটনপ্ৰেমীসকলৰ বাবে সুখবৰ। বাৰিষাৰ বন্ধৰ অন্তত অহা ২...