অসম আৰক্ষীৰ জোৱানে যাতে কমেও ৩টা পদোন্নতি পায় তাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হ’ব : মুখ্যমন্ত্ৰী

অসম আৰক্ষীৰ সশস্ত্ৰ আৰু নিৰস্ত্ৰ শাখাৰ নৱ নিযুক্ত কনিষ্টবল জোৱানৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰীৰ অংশগ্রহণ

অসম আৰক্ষীৰ নৱনিযুক্ত জোৱানসকলক এটা সুস্থ পাৰিবাৰিক জীৱন যাপন কৰিবলৈ মুখ্যমন্ত্ৰীৰ আহ্বান

অসম আৰক্ষীত কৰ্মৰত জোৱানসকলে যাতে ন্যূনতম তিনিটা পদোন্নতি পাব পাৰে তাৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব : মুখ্যমন্ত্ৰী

ৰাজ্যত অপৰাধৰ সংখ্যা দ্ৰুতগতিত হ্ৰাস পাইছে : মুখ্যমন্ত্রী

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেৰগাঁৱৰ লাচিত বৰফুকন আৰক্ষী একাডেমীত অনুষ্ঠিত অসম আৰক্ষীৰ সশস্ত্ৰ আৰু নিৰস্ত্ৰ শাখাৰ নৱ নিযুক্ত কনিষ্টবল জোৱানৰ দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰে। উল্লেখ্য যে ১১৮ সংখ্যক গোটৰ সশস্ত্র শাখাত নিযুক্ত কনিষ্টবল আৰু ১৭৯ সংখ্যক গোটৰ নিৰস্ত্ৰ শাখাত নিযুক্ত কনিষ্টবলৰ বাবে এই দীক্ষান্ত সমাৰোহৰ আয়োজন কৰা হৈছিল। ১,৫৭৬ গৰাকী পুৰুষ আৰু ২৪১ গৰাকী মহিলাসহ সশস্ত্ৰ আৰু নিৰস্ত্ৰ শাখাত মুঠ ১,৮১৭ গৰাকীয়ে আজিৰ এই দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰে।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে আজিৰ দিনটো নৱনিযুক্ত আৰক্ষী জোৱানসকলৰ বাবে অন্যতম গুৰুত্বপূৰ্ণ দিন। অসম আৰক্ষীৰ শৌর্য-বীৰ্য আৰু সাহসৰ প্ৰতীক ১,৮১৭ গৰাকী জোৱানে এই অনুষ্ঠানত যোগদান কৰিলে বুলি উল্লেখ কৰি তেওঁ কয় যে এই জোৱানসকলে আজি কর্তব্য নিষ্ঠাৰ শপত গ্ৰহণ কৰিলে। মুখ্যমন্ত্ৰীয়ে কয় যে যোৱা সময়ছোৱাত এক স্বচ্ছ আৰু নিকা ব্যৱস্থাৰ মাজেৰে ৮৭ হাজাৰতকৈও অধিক যুৱক-যুৱতীক নিযুক্তি প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত অসম আৰক্ষীৰ কামাণ্ডো বেটেলিয়ন, সশস্ত্ৰ আৰু নিৰস্ত্ৰ শাখাতো নিযুক্তি লাভ কৰিছে। মেধাৰ ভিত্তিত হোৱা নিযুক্তিৰ বাবে অসম আৰক্ষীত আজি পেছাদাৰিত্বৰ মানসিকতাৰে কাম কৰাৰ বাবে পৰিৱেশ নিৰ্মাণ হৈছে বুলিও তেওঁ কয়। কেৱল মেধা আৰু অধ্যাৱসায়ৰ জৰিয়তে দৰিদ্ৰ পৰিয়ালৰ সন্তানে নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে বুলিও মুখ্যমন্ত্রীয়ে মন্তব্য কৰে।

বৰ্তমানৰ অসমখন আত্মবিশ্বাসৰে পৰিপূৰ্ণ ৰাজ্য বুলি দোহাৰি তেওঁ কয় যে নতুন দিনৰ বাবে সকলোৱে নিজকে প্রস্তুত কৰিব লাগিব। হতাশাৰ পৰিৱৰ্তে আশাৰ ৰাজনীতি কৰিব লাগিব বুলিও তেওঁ কয়। নেতিবাচক চিন্তাৰ পৰিৱৰ্তে ইতিবাচক চিন্তাৰ পৰিৱেশ নিৰ্মাণ কৰিব লাগিব বুলি মন্তব্য কৰি তেওঁ কয় যে অসম আৰক্ষীয়ে আজি ইতিবাচক চিন্তাৰ নেতৃত্ব লৈছে। নৱনিযুক্ত কৰ্মচাৰীসকলে নিজৰ দায়িত্ব নিষ্ঠাৰে পালন কৰি নতুন অসম গঢ়াৰ দিশত কৰ্মত ব্ৰতী হৈছে বুলিও তেওঁ কয়। মুখ্যমন্ত্ৰীয়ে কয় যে সমগ্র ৰাজ্যতে অপৰাধৰ নিম্নগামী হাৰ দেখিবলৈ পোৱাটো এক সৌভাগ্যৰ কথা। তেওঁ লগতে কয় যে ২০২১ চনৰ ৩১ মে’ৰ পৰা ২০২৩ চনৰ ৩১ আগষ্টলৈকে দৃশ্যমান হোৱা বিভিন্ন পৰিসংখ্যাই প্ৰমাণ কৰিছে ৰাজ্যখনৰ অপৰাধৰ হাৰ কিদৰে দ্ৰুত গতিত হ্ৰাস পাইছে। অভিযোগনামা দাখিলৰ ক্ষেত্ৰত ৪৫.২ শতাংশৰ পৰা ৫৪.২২ শতাংশলৈ বৃদ্ধি পাইছে বুলিও তেওঁ কয়। আদালতত দোষী সাব্যস্ত হোৱা অপৰাধৰ সংখ্যা ৫.৬শতাংশৰ পৰা ১৫.১৫ শতাংশলৈ বৃদ্ধি হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে অহা এটা বছৰৰ ভিতৰত ইয়াক ২০ শতাংশলৈ বৃদ্ধি কৰাৰ বাবে গুৰুত্ব আৰোপ কৰা হৈছে। ২০২১ চনত ৰাজ্যখনত হিংসাত্মক ঘটনা ২৬,৯৩৩ টা সংঘটিত হৈছিল। বৰ্তমানৰ সেই সংখ্যা ১০,২৭৫লৈ হ্ৰাস পাইছে। সম্পত্তিৰ অপৰাধ ২৯,১১৩ৰ পৰা ১৬,৭৩৫ লৈ হ্ৰাস পাইছে। ২০২১ চনত ৰাজ্যত ১,৩৩,২৩৯ টা গোচৰ পঞ্জীয়নৰ বিপৰীতে ২০২৩ চনৰ আগষ্ট মাহ পর্যন্ত মাত্র ৪৫ হাজাৰ গোচৰ পঞ্জীয়ন হৈছে। অসম আৰক্ষীৰ যিসকলে অপৰাধ তদন্ত কৰে সেইসকল বিষয়াই বৰ্তমানৰ চৰকাৰ অহালৈকে গড়ে ৭০ টাকৈ গোচৰ তদন্ত কৰিব লাগিছিল। বৰ্তমান এই বিষয়াসকলে মাত্র ১৪ টা গোচৰ তদন্ত কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে অসম আৰক্ষীয়ে অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে যি অবিৰত যুঁজ আৰম্ভ কৰিছে, অনাগত কেইটামান বছৰৰ ভিতৰত আৰু অধিক সফল হ’ব। তেওঁ লগতে কয় যে অসম আৰক্ষী দেশৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ আৰক্ষী বাহিনী হিচাপে পৰিগণিত হ’ব। অসম আৰক্ষীয়ে যোৱা দুটা বছৰত ২৬২৬ কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বাল্য বিবাহৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰি ৩৮৫০ জন ব্যক্তিক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। তেওঁ লগতে কয় যে পশুধন, সুৰাৰ চোৰাং ব্যৱসায়, চুপাৰী আদি ছিণ্ডিকেটৰ বিৰুদ্ধে অসম আৰক্ষীয়ে মোক্ষম আঘাত হানিবলৈ সক্ষম হৈছে। দোষী সাব্যস্তকৰণ আৰু অপৰাধ চিনাক্তকৰণৰ ক্ষেত্ৰত ফৰেনচিক বিজ্ঞানাগাৰৰ প্রয়োগে গোচৰৰ সফলতাৰ হাৰ বৃদ্ধি কৰাত সহায় কৰিব বুলিও তেওঁ কয়। পাৰপত্ৰ বা অন্যান্য ভেৰিফিকেচনৰ কাম অতি দ্ৰুত গতিত সমাধান কৰিব পৰা গৈছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়। অসম আৰক্ষীয়ে আৰম্ভ কৰা সেৱা পোৰ্টেলৰ জৰিয়তে ৰাজ্যৰ জনসাধাৰণক পদুলিমুখত সেৱাসমূহ আগবঢ়াই দিবলৈ সক্ষম হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়। অসম আৰক্ষীৰ মনোবল বৃদ্ধি কৰাৰ বাবে বৰ্তমানৰ ৰাজ্য চৰকাৰে নিৰন্তৰ কাম কৰি আহিছে। আৰক্ষীৰ পদোন্নতিৰ ক্ষেত্ৰত স্থবিৰতা আহিছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে সেই স্থবিৰতা ভংগ কৰি ১০,৫৪২ জন বিষয়া-জোৱানক পদোন্নতি দিয়া হৈছে। মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ আৰক্ষী লোকসকলৰ মাজত শাৰীৰিক সক্ষমতা প্ৰতিটো মুহূৰ্ততে বিৰাজমান হৈ থাকে তাৰ কাৰণে অসম আৰক্ষী জোৱানসকলৰ মেদবহুলতা কমোৱাৰ বাবে দেশৰ ভিতৰতে প্ৰথমবাৰৰ বাবে বি এম আই পৰীক্ষাৰ কাম হাতত লোৱা হৈছিল। তেওঁ কয় যে অসম আৰক্ষীৰ ৰেচন বানচ ৫০০ টকাকৈ বৃদ্ধি কৰা হৈছে। অসম আৰক্ষী বাহিনীৰ ভিতৰত যাতে কঠোৰ নিয়মানুৱৰ্তিতা মানি চলা হয় সেই দিশতো ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে কয়।

মুখ্যমন্ত্রীয়ে কয় যে, অহা এপ্ৰিল মাহৰ ভিতৰতে অসম সচিবালয়, ৰাজভৱন, জিলা আয়ুক্ত, আৰক্ষী অধীক্ষকৰ কাৰ্যালয় আছে তাৰ পৰা অৰ্ধসামৰিক বাহিনীক আঁতৰ কৰি পৰ্যায়ক্রমে অসম আৰক্ষীক মোতায়ন কৰা হ’ব যাতে অসম আইন-শৃংখলাৰ দায়িত্ব অসম আৰক্ষীয়ে সম্পূৰ্ণৰূপে বহন কৰিব পাৰে। নৱনিযুক্ত জোৱানসকলক আহ্বান জনাই মুখ্যমন্ত্রীয়ে কয় যে, এটা সুস্থ পাৰিবাৰিক জীৱন যাপন কৰিব লাগিব। দৰিদ্ৰ মানুহৰ ৰক্ষাকর্তা হিচাপে কাম কৰিবলৈ মুখ্যমন্ত্ৰীয়ে পৰামৰ্শ আগবঢ়ায়। তেওঁ নৱনিযুক্ত জোৱানসকলক নিজৰ শৰীৰৰ প্ৰতি মনোযোগ দিবলৈও কয়। অসম আৰক্ষীত কৰ্মৰত জোৱানসকলে যাতে ন্যূনতম তিনিটা পদোন্নতি পাব পাৰে তাৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

এই অনুষ্ঠানত কৃষি, পশুপালন, পশু চিকিৎসা আদি বিভাগৰ মন্ত্ৰী অতুল বৰা, সাংসদ কামাখ্যা প্রসাদ তাছা, বিধায়ক ভবেন্দ্র নাথ ভড়ালী, আৰক্ষী সঞ্চালক প্রধান জি পি সিং, বিশেষ আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং, গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত মুখ্য সচিব ৰবী কোটা, জিলা আয়ুক্ত পি উদয় প্রবীণ, লাচিত বৰফুকন আৰক্ষী একাডেমীৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ টাবুৰাম পেগু উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

মঙলদৈৰ মোৱামাৰীত গাৰ নোম শিঁয়ৰি উঠা ঘটনা

মঙলদৈৰ মোৱামাৰীত গাৰ নোম শিঁয়ৰি উঠা ঘটনা। প্ৰেম কৰাৰ...

গুৱাহাটীত উপস্থিত কংগো গণৰাজ্যৰ ৰাণী ডায়াম্বি কাবাটুছুইলা

বালিপাৰা ফাউণ্ডেচনে পূৰ্বৰ দৰে এইবাৰো অহা ২৬-২৭ নৱেম্বৰত...

বালিপাৰা ফাউণ্ডেশ্যনৰ দ্বাদশ পূব হিমালয়ান প্ৰকৃতিবিজ্ঞান মঞ্চ

গুৱাহাটীত উপস্থিত কংগো গণৰাজ্যৰ ৰাণী ডায়াম্বি কাবাটুছুইলা বালিপাৰা ফাউণ্ডেচনে পূৰ্বৰ...

পণ্ডিত হেমচন্দ্ৰ গোস্বামী ফাউণ্ডেশ্যনৰ উদ্যোগত ৱাশ্বিংটন ডি চিত ভাষা গৌৰৱ সপ্তাহ উদযাপন

অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰা উপলক্ষে আমেৰিকা...