অস্কাৰৰ বাবে মনোনীত 2018 এভ্ৰিৱান ইজ এ হিৰো

ভাৰতীয় চলচিত্ৰপ্ৰেমীৰ বাবে এক ডাঙৰ খবৰ। অস্কাৰৰ বাবে মনোনীত হ’ল দক্ষিণৰ চিনেমা ‘2018 এভ্ৰিৱান ইজ এ হিৰো’। টবিনো থমাছ অভিনীত মালায়ালম ভাষাৰ ‘এভৰিৱাইন ইজ এ হিৰো’ই ২০২৪ৰ অস্কাৰত প্ৰতিনিধিত্ব কৰিব ভাৰতক। ২০২৪ৰ বাবে অস্কাৰলৈ ভাৰতৰ পৰা কোনখন ছবি অস্কাৰৰ মঞ্চলৈ প্ৰেৰণ কৰা হব তাক লৈ চিনে অনুৰাগীসকল উৎকণ্ঠা হৈ আছিল। ভাৰতীয় চলচ্চিত্র ফেডাৰেশ্যনে (এফএফআই) চলচ্চিত্ৰৰ আবেদন দাখিল কৰিবলৈ ২৫ দিন সময় দিছিল। আবেদন দাখিলৰ অন্তিম তাৰিখ আছিল ১০ ছেপ্টেম্বৰ। এই আবেদনসমূহৰ ভিত্তিত প্রাথমিক তালিকাখন প্রস্তুত কৰি উলিওৱা হৈছে। প্ৰাৰম্ভিক তালিকাত পৰিচালক সুদীপ্ত সেনৰ দ্য কেৰালা ষ্টৰী, অভিষেক বচ্চন অভিনীত আৰু আৰ বান্ধিৰ ‘ঘুমৰ, অনন্ত মহাদেৱনৰ ‘দা গল্পকাৰ’, নন্দিতা দাসৰ ‘জুইগাটো’ৰ মাজৰে কোনোবা এখনে স্থান পাব বুলি বহুতে আশা কৰিছিল। ইয়াৰ লগতে জোহৰৰ ৰকি ঔৰ ৰাণী কি প্রেম কাহানীৰ নামো লোৱা হৈছিল। কিন্তু সকলোকে চেৰ পেলাই টবিনো থমাছৰ ২০১৮: এভ্ৰিৱান ইজ এ হিৰো ছবি খন অষ্কাৰৰ মঞ্চলৈ নিৰ্বাচিত হয়। জুড এন্থনী ঘোচেফৰ দ্বাৰা পৰিচালিত এই চলচ্চিত্ৰখন বাস্তৱ জীৱনৰ ওপৰত আধাৰিত। ২০১৮ চনৰ কেৰালাৰ প্ৰলংকৰী বানপানীৰ ঘটনাৰ আধাৰত ইয়াৰ চিত্ৰনাট্য লিখি উলিওৱা হৈছে। ৩০ কোটি টকাৰ বাজেটত নিৰ্মাণ কৰা ২০১৮: এভ্ৰিবডি ইজ এণ্ড হিৰো চলিত বৰ্ষৰ ৫ মেত ছবিগৃহত মুক্তি দিয়া হৈছিল। ছবিখনে বক্স অফিচত ২০০ কোটি টকাৰ ব্যৱসায় কৰিছিল। আৰু কেইটামান প্ৰক্ৰিয়াৰ পিছতে এইবাৰ ছবিখনে কৰিব অস্কাৰমুখী যাত্রা।
উল্লেখ্য যে, ২০২৩ চনত দক্ষিণৰ ছবি আৰআৰ’-এ অস্কাৰৰ মঞ্চ কঁপাই তুলিছিল। ছবিখনৰ নাটু নাটু গানটোৱে শ্রেষ্ঠ মূল গীতৰ অস্কাৰ লাভ কৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...