হঠাৎ ছ’চিয়েল মিডিয়াত খাকী পোছাকত এজন বিশেষ ব্যক্তি

হঠাৎ ছ’চিয়েল মিডিয়াত খাকী পোছাকত এজন বিশেষ ব্যক্তি। ব্যক্তিজন আন কোনো নহয়। দিছপুৰৰ বিধায়ক অতুল বৰা। কিন্তু কিয় হঠাৎ আৰক্ষী বিষয়াৰ ৰূপ ললে বিধায়কজনে। কিয় হাতত তুলি ল’লে পিষ্টল?

সাৱধান!
অপৰাধ নাশ কৰিবলৈ আহি আছে সিং ছাৰ
সোমবাৰৰ দিনটোত ছচিয়েল মিডিয়াত চৰ্চিত কেইখনমান বিশেষ ফটো। মানুহজনক চিনি পাইছেনে নাই। দিছপুৰৰ বিধায়ক অতুল বৰা আকৌ। হঠাত ছচিয়েল মিডিয়াত এইদৰে খাকী পোছাক পৰিধান কৰি ভূমুকি মাৰিলে দিছপুৰীয়া বিধায়ক অতুল বৰাই। কিন্তু হঠাত কিয় বিজেপি বিধায়কজনৰ এই কাহানিও নেদেখা ৰূপ।
কাহিনী কি!
মাৰ কপালত তেজ
শীঘ্ৰে ছবিগৃহলৈ আহিব নতুন এখন অসমীয়া ছবি। নাম মাৰ কপালত তেজ। সেই ছবিখনত এজন আৰক্ষী বিষয়াৰ ৰূপত দেখা যাব দিছপুৰৰ বিধায়ক অতুল বৰাক। সোমবাৰে ব্যাপক চৰ্চাৰ পাছত সংবাদমেলত ৰহস্য ভেদ কৰিলে বিধায়কগৰাকীয়ে। কলে বহু কথা। চিনেমাখনৰ পৰিচালক-প্ৰযোজক আহিছিল অতুল বৰাৰ কাষলৈ। কলে নতুন এখন চিনেমা। তাত আপুনি এছ পিৰ চৰিত্ৰটো ৰূপায়ণ কৰিব লাগিব।
চৰ্ত বান্ধি দিলে অতুল বৰাই
সমাজবিৰোধী কাম কৰা SP হ’লে মই অভিনয় নকৰোঁ
সমাজৰ হকে কাম কৰিব লাগিব

OKAY
OKAY বুলি কৈ দিলে অতুল বৰাই। কিন্তু এছ পি হ’লেও আকোঁৰগোজ বিধায়ক বৰা।
দাড়ী নকটোৱাই…
সেয়ে এই ৰূপত আৱিৰ্ভাৱ অতুল বৰাৰ। সংবাদমেলতেই ছবি-নাটকৰ প্ৰতি থকা প্ৰেমৰ কথা কলে অতুল বৰাই। কলে এসময়ত নাটকত কৰা অভিনয়ৰ কথা। ইয়াৰ পূৰ্বে দুই এখন চিনেমাতো অভিনয় কৰিছিল অতুল বৰাই। কিন্তু এইখন ছবিয়েহে যদি কিবা এটা কৰে। আশা অতুল বৰাৰ। নিজেও নিৰ্মাণ কৰিব এখন চিনেমা। ক’লে অতুল বৰাই।

অসমীয়া চিনেমাৰ সাফল্যৰ কথা কৈ আবেগিক অতুল বৰা। ৰত্নাকৰ, শ্ৰী ৰঘুপতি চাই অতুল বৰাৰ বুকু বিষাই গৈছিল। তেতিয়া পত্নীয়ে সুধিছিল।

ইমান বুকুৰ বিষ!
এতিয়া অসমীয়া চিনেমাৰ প্ৰতি আগ্ৰহ বাঢ়িছে দৰ্শকৰ। সেয়ে এই চৰিত্ৰটো ৰূপায়ণ কৰিছে বিধায়ক অতুল বৰাই। প্ৰযোজকে কৈছে, সকলো কাম সম্পূৰ্ণ হওঁতে এবছৰমান লাগিব। তেতিয়াই হেনো অতুল বৰাই কৈছিল। মই কিন্তু এক পইছাও দিব নোৱাৰোঁ দেই। ভাল মানুহ, বেয়া মানুহ, ভূ-মাফিয়া, বন দস্যু। সকলো থাকিব অতুল বৰাৰ সেইখন চিনেমাত।

অতুল বৰা সাজু
ৰাইজ সাজু হওক
আহি আছে সিং ছাৰ

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...