দুই বছৰীয়া শিশুৰ জটিল অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰিলে হাম হস্পিটেলৰ চিকিৎসকসকলে

দুই বছৰীয়া শিশুৰ জটিল অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰিলে হাম হস্পিটেলৰ চিকিৎসকসকলে। মাত্ৰ দুই বছৰীয়া শিশুৰ এনে জটিল অস্ত্ৰোপচাৰ ৰাজ্যত প্ৰথম বুলি ব্যক্ত কৰিলে চিকিৎসক চি ইছলামে। ৰাজ্যত এনে জটিল অস্ত্ৰোপচাৰ খুবেই কম হয়। চিকিৎসকে জনোৱা মতে, এয়া প্ৰথম জটিল অস্ত্ৰোপচাৰ। লেপাৰোস্কোপিকৰ জৰিয়তে অস্ত্ৰোপচাৰ সম্পন্ন হ’ল গ’লড ব্লাডাৰ ষ্ট’ন আৰু খাদ্যনলীত হোৱা ষ্ট’নৰ।

দুয়োটা অস্ত্ৰোপচাৰ হাম হস্পিটেলৰ চি এম ডি চিকিৎসক ডাঃ চি ইছলামৰ নেতৃত্বত সফলভাৱে সম্পন্ন হয়। মেহজাবীন চৌধুৰী নামৰ শিশুটিৰ ঘৰ কৰিমগঞ্জত। চিকিৎসাৰ বাবে শিশুটিৰ পিতৃ-মাতৃয়ে বিভিন্ন চিকিৎসালয়লৈ লৈ গৈছিল যদিও কোনো সুফল নাপাই অৱশেষত হোজাইৰ হাম হস্পিটেলত সফলতাৰে অস্ত্ৰোপচাৰ সম্পন্ন হয়। শিশুটি বৰ্তমান সম্পূৰ্ণ সুস্থ, দুই-এদিনতে ঘৰলৈ যাব পাৰিব বুলি চিকিৎসকে জনাইছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...