নতুন সংসদ ভৱনত মঙলবাৰৰ পৰা আৰম্ভ হ’ল সংসদৰ অধিৱেশন

নতুন সংসদ ভৱনত মঙলবাৰৰ পৰা আৰম্ভ হ’ল সংসদৰ অধিৱেশন

‘পাৰ্লিয়ামেণ্ট হাউছ অব ইণ্ডিয়া’ বুলি নামাংকিত এই নতুন ভৱন

নতুন প্ৰকল্পত লোকসভাৰ বাবে আছে ৮৮৮খন আসনৰ ব্যৱস্থা

ৰাজ্যসভাত ৰখা হৈছে ৩৮৬খন আসনৰ ব্যৱস্থা

সংসদৰ যুটীয়া অধিৱেশনৰ বাবে ১,২৭২গৰাকী সদস্য বহাৰ ব্যৱস্থা লোকসভা কক্ষত

সংসদৰ নৱনিৰ্মিত ভৱনত আজিৰে পৰা আৰম্ভ হ’ল বৰ্তমান অনুষ্ঠিত হৈ থকা অমৃত কাল শীর্ষক অধিৱেশনখন। এই অত্যাধুনিক ভৱনত সংসদৰ কাম–কাজ আৰম্ভ কৰাৰ সূত্রে সাংসদসকলৰ মাজতো সৃষ্টি হয় উছৱমুখৰ পৰিৱেশ। 

প্রায় ৮৩৬ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে নতুন অত্যাধুনিক সংসদ ভৱন

৪ মহলাযুক্ত ভৱনত আছে ৬৪,৫০০ বৰ্গমিটাৰ এলেকা

নতুন ভৱনত ব্যৱহাৰ হৈছে ২৬,০৪৫ টন লোহা, ৬৩,৮০৭টন চিমেণ্ট

যোৱা ২৮ মে’ৰ দিনা ভৱনটো উদ্বোধন কৰে প্রধানমন্ত্ৰী নৰেন্দ্র মোদীয়ে

ভাৰতৰ এই সংসদ ভৱন হৈছে চীন, ৰোমানিয়া, USAৰ পাছত ৪ৰ্থ সৰ্ববৃহৎ ভৱন

ইয়াৰ বিপৰীতে ১০০ বছৰ পূৰ্বে ৮৩ লাখ টকাৰে নিৰ্মাণ কৰা হৈছিল পুৰণি সংসদ ভৱন

সেই সংসদ ভৱনত আছিল ২৪,২৮১ বৰ্গমিটাৰ এলেকা

২০২০ চনৰ ১০ ডিচেম্বৰত নতুন সংসদ ভৱনৰ ভূমি পূজা আৰু শিলান্যাস কৰিছিল প্রধানমন্ত্ৰী নৰেন্দ্র মোদীয়ে। প্রায় আঢ়ৈ বছৰ কাম কৰি সংসদ ভৱন নিৰ্মাণ কৰিলে টাটা প্রজেক্টছে। পুৰণি সংসদ ভৱনৰ পৰা সংবিধান হাতত লৈ মঙলবাৰে নতুন সংসদ ভৱন প্ৰৱেশ কৰে প্রধানমন্ত্ৰী নৰেন্দ্র মোদীয়ে।

নতুন সংসদ ভৱনত আছে ৬খন প্রৱেশদ্বাৰ

এই প্রৱেশদ্বাৰকেইখন হৈছে উত্তৰৰ দিশত গজ দ্বাৰ

পশ্চিম দিশত আছে অশ্ব দ্বাৰ

পূব দিশত আছে গৰুড় দ্বাৰ

ইয়াৰ উপৰি আছে মকৰ দ্বাৰ, শাদুল দ্বাৰ, হংস দ্বাৰ

এই নতুন সংসদ ভৱন নিৰ্মাণৰ ক্ষেত্রত ভাৰতৰ বিভিন্ন প্রান্তৰ দিশে দিশে সামগ্রী। এক ভাৰত শ্রেষ্ঠ ভাৰত শীৰ্ষক মূলমন্ত্ৰ লৈ বিভিন্ন ৰাজ্যৰ প্রখ্যাত শিল্পকৰ্ম ব্যৱহাৰ কৰা হৈছে নতুন সংসদ ভৱনত।

সংসদৰ দলিচা অনা হৈছে উত্তৰ প্রদেশৰ মিৰ্জাপুৰৰ পৰা

ভৱনত ব্যৱহৃত চেগুন কাঠ অনা হৈছিল মহাৰাষ্ট্রৰ নাগপুৰৰ পৰা

ৰাজস্থানৰ সৰমথুৰাৰ পৰা আহিছিল ৰঙা আৰু বগা মাৰ্বল পাথৰ

ভৱনৰ ভিতৰত থকা আচবাবপত্র বনোৱা হৈছে মুম্বাইত

সংসদ ভৱনৰ ফলছ চিলিঙৰ অনা হৈছিল দমন দিউৰ পৰা

ঔৰাংগাবাদ, জয়পুৰৰ পৰা আহিছিল অশোকস্তম্ভত ব্যৱহৃত উপকৰণ

ভৱন নিৰ্মাণত ব্যৱহৃত ইটা অনা হৈছিল হাৰিয়ানা, উত্তৰ প্রদেশৰ পৰা 

পিতলৰ কাৰুকাৰ্য কৰা হৈছিল আহমেদাবাদৰ পৰা অনা পিতলেৰে   

নিম্ন সদন অৰ্থাৎ লোকসভা ভৱনটো ভাৰতৰ জাতীয় পক্ষী ময়ূৰৰ থীমেৰে নিৰ্মাণ কৰা হৈছে। ঠিক সেইদৰে উচ্চ সদন অৰ্থাৎ ৰাজ্যসভা নিৰ্মাণ কৰা হৈছিল জাতীয় ফুল পদুমৰ আৰ্হিৰে। নতুন সংসদ ভৱনলৈ লোকসভা, ৰাজ্যসভা উঠি অহাৰ পাছত দেশৰ বহু ৰাজনৈতিক ইতিহাসৰ সাক্ষী পুৰণি সংসদ ভৱনটো এক স্মাৰকলৈ ৰূপান্তৰিত কৰিব চৰকাৰে। এই ভৱন মেৰামতি কৰি তাত স্থাপন হ’ব ৰাষ্ট্রীয় সংগ্রহালয়। নতুন পাৰ্লিয়ামেণ্ট হাউছ অব ইণ্ডিয়া এতিয়া হৈ পৰিব ভাৰতীয়ৰ বাবে আশা–আকাংক্ষাৰ প্রতীক।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

প্ৰথমবাৰলৈ ভাগ্য পৰীক্ষাত নামিয়েই সফল হ’ল প্ৰিয়ংকা

প্ৰথমবাৰলৈ ভাগ্য পৰীক্ষাত নামিয়েই সফল হ’ল প্ৰিয়ংকা। সংসদীয় ৰাজনীতিত...

ৰকিবুলৰ দুৰ্গত উৰিল গেৰুৱা বাহিনীৰ বিজয় ধ্বজা

অন্ত পৰিল সকলো জল্পনা–কল্পনা, সমীকৰণৰ। গেৰুৱাৰ ধুমুহাত তচনচ হৈ...

ৰাজ্যৰ উপ-নিৰ্বাচনত মুখ ঠেকেছা খাইছে বিৰোধীয়ে

ৰাজ্যৰ উপ-নিৰ্বাচনত মুখ ঠেকেছা খাইছে বিৰোধীয়েআন সমষ্টিৰ লগতে ধলাই...

কোন হ’ব মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী?

মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীক লৈ মহাযুটিত টনা-আঁজোৰা। বিজেপি নেতা দেবেন্দ্ৰ...