অমৃত বৃক্ষ আন্দোলনৰ নামত চৰকাৰে আচলতে কৰিলে কি?

0 292

ৰাজ্যবাসীৰ মাজক হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰি বৃক্ষৰোপণত নামি পৰিল অসম চৰকাৰ। ১ কোটি গছপুলি ৰোপণেৰে গীনিজ ৰেকৰ্ড গঢ়াৰ লক্ষ্য। কিন্তু প্ৰকৃতাৰ্থত কিমান সফল অসম চৰকাৰ। চৰকাৰে ৰোৱা গছপুলিবোৰৰ এতিয়া অৱস্থা কেনেকুৱা? দেখিলে শুনিলে আপুনিও স্তম্ভিত হৈ পৰিব। অমৃত বৃক্ষ আন্দোলনৰ নামত চৰকাৰে আচলতে কৰিলে কি?

ঘোষণাত- ১০০
চমকত- ১০০
প্ৰচাৰত- ১০০
ফলাফল- ০

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী চিন্তা সমৃদ্ধ প্ৰয়াসেৰে নতুন সেউজ ইতিহাস ৰচিব আই অসমীয়ে। সেউজ বিপ্লৱৰ সংকল্প মুখ্যমন্ত্ৰীৰ। অভিলেখ ৰচাৰ সপোন। অসমৰ বুকুত সেউজী ধৰণী গঢ়ি তোলাৰ লক্ষ্য। কথাবোৰ তেনেকৈয়ে কোৱা হৈছিল। তেনেকৈয়ে প্ৰচাৰ হৈছিল। প্ৰয়াস চলিল। মন্ত্ৰী-সাংসদ, বিষয়া সকলো উবুৰি খাই পৰিল। ফলাফল ওলাল।
ZERO
BIG ZERO

অসমবাসীৰ মাজত একপ্ৰকাৰ হাহাকাৰ লাগিছিল। কাৰণ সেয়া আছিল গীনিজ বুক ৱফ ৱৰ্ল্ড ৰেকৰ্ডছত নাম অন্তৰ্ভূক্তিৰ লক্ষ্যৰে লোৱা পদক্ষেপ। মুঠ ১ কোটি গছপুলি ৰোপণৰ প্ৰয়াস চলাইছিল অসম চৰকাৰে। ঠায়ে-ঠায়ে চৰকাৰী পৃষ্ঠপোষকতাত দৌৰা-দৌৰি লাগিল। গছপুলি ৰোপণ কৰাত ব্যস্ত হৈ পৰিল সকলো। পৰিণতি কি?
NKTVৰ চৰজমিন তদন্ত
গীনিজ ৰেকৰ্ডৰ নামত কি কাণ্ড চৰকাৰৰ?
বৃক্ষ ৰোপণৰ নামত কি দেখিছে গঞাই
?

এয়া নামৰূপ। নামৰূপৰ অভয়পুৰৰ হাপজান পৰ্বতত অসম চৰকাৰে ১৫ চেপ্তেম্বৰত এঘন্টাত তিনিলাখ পঞ্চাশ হাজাৰ গছপুলি ৰুই গীনিজ ৰেকৰ্ড কৰাৰ লক্ষ্য লৈছিল। গছপুলি ৰুই AC গাড়ীত উঠি মন্ত্ৰী-বিধায়ক, বিষয়া গুছি গ’ল।
চৰকাৰে ৰোৱা গছপুলি ৭০ শতাংশই মৰিল
খিলঞ্জীয়া লোকৰ ভূমি কাঢ়ি গছপুলি ৰুলে চৰকাৰে। স্থানীয় লোকৰ চৌহদত থকা বাঁহ, নিমগছ কাটি নতুনকৈ গছপুলি ৰোপণ। এহাত আঁতৰে-আঁতৰে, ছেপ্তেম্বৰ মাহৰ প্ৰখৰ ৰ’দত ৰোৱা গছপুলি বাচি থাকে কেনেকৈ? মৰহি গ’ল পুলি। বিষয়াই বোলে এওঁলোকক কৈছিল- আগদিনা পুলি ৰুই পিছদিনা উভালি পেলালেও হ’ব…
ভেকোভাওনা
এয়া জোনাইৰ দৃশ্য। জোনাইতো লাখ লাখ অমৃত বৃক্ষৰ মৃতপ্ৰায় অৱস্থা। এনেকৈয়ে পৰি আছে গছপুলি। ৰোপণৰ পূৰ্বেই মৰহিল পুলি। পদ্মশ্ৰী যাদৱ পায়েঙে কৈছে গছ-পুলি ৰোপণ নকৰিলেও হ’ব। কেৱল গছ নাকাটিলেই হ’ল। চৰকাৰে ১ কোটি গছপুলি ৰোপণৰ নামত এইবোৰ কৰিলে। ৰাইজৰ ক্ষোভ। গছপুলি ৰুই অভিলেখ ৰচিব নে গছপুলি মাৰি?
এইখন অসমহে, ৰাজস্থান নহয়…
মুখ্যমন্ত্ৰীক প্ৰশ্ন ৰাইজৰ

বৰষুণ নাই
মাটিত ছিৰাল ফাঁট

কোনো পৰিকল্পনা নোহোৱাকৈ চৰকাৰে কাম কৰাৰ অভিযোগ

চৰকাৰে গছপুলি ৰোপণৰ নামত গঢ়িব খুজিছে বিশ্ব অভিলেখ

লখিমপুৰতো পূৰ্বৰে পৰা বৃক্ষৰোপণৰ নামত কেৱল প্ৰহসন। কোটি কোটি টকা খৰছ কৰি ইয়াত গছপুলি ৰুইছিল বন বিভাগে। গছপুলি বুলিবলৈ ইয়াত একোৱেই নাই। কিন্তু অঞ্চলটো সুৰক্ষা দিবলৈ ফেঞ্চিঙৰ ব্যৱস্থা কৰা হৈছে। ফেঞ্চিং লগাবলৈ আকৌ বনবিভাগে কাটিছে পৈণত গছ। বুজি পালেনে। পৈণত গছ কাটি ফেঞ্চিং দি নতুনকৈ ৰোৱা গছপুলিক সুৰক্ষা দিয়াৰ চেষ্টা কৰিছিল। সেই পুলি গৰু-ছাগলীয়ে খালে। কাৰণ ফেঞ্চিং এয়া। সেইবোৰেই কথা। বৃক্ষ ৰোপণ, সেউজ আন্দোলন, গীনিজ ৰেকৰ্ড আদিৰ নামত অসম চৰকাৰে কি কৰিছে এয়া।

Leave A Reply

Your email address will not be published.