‘বজৰংগী ভাইজান’ৰ মুন্নী এতিয়া কিমান ডাঙৰ হ’ল?

আপুনিও নিশ্চয় চলমান খানৰ চুপাৰহিট চিনেমা ‘বজৰংগী ভাইজান’ উপভোগ কৰিছে। চিনেমাখনৰ সেই কণমানি ছোৱালীজনীক মনত আছেনে? হয়, আমি ক’ব বিচাৰিছো ‘বজৰংগী ভাইজান’ৰ ‘মুন্নী’ চৰিত্ৰ ৰূপায়ন কৰা সেই কণমানি ছোৱালীজনীৰ কথা। ‘মুন্নী’ চৰিত্ৰ’টোৰ জৰিয়তে দৰ্শকৰ মন মুহিবলৈ সক্ষম হৈছিল ছোৱালীজনীয়ে। কিন্তু আপোনাৰো বাৰু জানিবলৈ মন নাযায়নে সেই কণমানি ছোৱালীজনী এতিয়া কিমান ডাঙৰ হ’ল, তাই কি কৰি আছে। তেন্তে পলম কিহৰ? এই প্ৰতিবেদনৰ জৰিয়তে জানো আহকচোন বজৰংগী ভাইজানৰ সেই কণমানিজনীয়েনো এতিয়া কি কৰি আছে।

মুন্নী চৰিত্ৰত অভিনয় কৰা ছোৱালীজনীৰ প্ৰকৃত নাম হ’ল হৰ্ষালী মালহোত্ৰা (HARSALI MALHOTRA)। ২০০৮ চনৰ মুম্বাইত হৰ্ষালীৰ জন্ম হৈছিল। তেখেতৰ দেউতাক বিপুল মালহোত্ৰা আৰু কাজল মালহোত্ৰা। ২০১৫চনত হৰ্ষালীয়ে ‘বজৰংগী ভাইজান’ৰ জৰিয়তে অভিনয় জগতত ভৰি দিছিল। কণমানি মুন্নী এতিয়া ১৫ বছৰীয়া হ’ল। হৰ্ষালীয়ে এতিয়া Seven Square Academy নামৰ শিক্ষানুষ্ঠানত শিক্ষাগ্ৰহণ কৰি আছে। হৰ্ষালীক এতিয়া ছ’চিয়েল মিডিয়াটো ব্যস্ত থকা দেখা যায়। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ইন্ষ্টাগ্ৰামত প্ৰায়ে ৰীল শ্বেয়াৰ কৰে হৰ্ষালীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...