কেতিয়াও হাৰ নমনা ছোৱালীজনী আজি সফল হ’ল…

কষ্ট আৰু অধ্যৱসায়েই হৈছে সফলতাৰ মূলমন্ত্ৰ — সেই কথা আকৌ এবাৰ প্ৰমাণ কৰিলে কাণপুৰৰ নিশি গুপ্তাই। তেওঁ UPৰ PCSJ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈ কঢ়িয়াই আনিছে গৌৰৱ। নিশিয়ে ইয়াৰ পূৰ্বে মধ্য প্ৰদেশ আৰু ৰাজস্থানৰ PCSJ পৰীক্ষাত অৱতীৰ্ণ হৈছিল। কিন্তু মাত্ৰ ১নম্বৰৰ বাবে তেখেত উত্তীৰ্ণ হোৱা নাছিল। কিন্তু এইবাৰ তেওঁ এই পৰীক্ষাত উত্তীৰ্ণ হৈছে। নিশিৰ পৰিয়ালে কয় যে তেওঁ সৰুৰে পৰাই পঢ়াত ভাল। তেখেতে ইতিমধ্যে এলাহবাদ ইউনিভাৰ্চিতিৰ পৰা LLB কৰিছে। ২০২০ চনত তেওঁ LLM আৰম্ভ কৰে আৰু বৰ্তমান সময়ত UPৰ PCSJ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে। উল্লেখ্য যে নিশিৰ দেউতাকে এখন পাণ-তামোলৰ দোকান দিয়ে। জীয়ৰীৰ এই সফলতাত পিতৃ নিৰংকাৰ গুপ্তা আৰু মাতৃ ৰেখা গুপ্তাক যথেষ্ট আনন্দিত হোৱা দেখিবলৈ পোৱা গৈছে।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...