কেতিয়াও হাৰ নমনা ছোৱালীজনী আজি সফল হ’ল…

কষ্ট আৰু অধ্যৱসায়েই হৈছে সফলতাৰ মূলমন্ত্ৰ — সেই কথা আকৌ এবাৰ প্ৰমাণ কৰিলে কাণপুৰৰ নিশি গুপ্তাই। তেওঁ UPৰ PCSJ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈ কঢ়িয়াই আনিছে গৌৰৱ। নিশিয়ে ইয়াৰ পূৰ্বে মধ্য প্ৰদেশ আৰু ৰাজস্থানৰ PCSJ পৰীক্ষাত অৱতীৰ্ণ হৈছিল। কিন্তু মাত্ৰ ১নম্বৰৰ বাবে তেখেত উত্তীৰ্ণ হোৱা নাছিল। কিন্তু এইবাৰ তেওঁ এই পৰীক্ষাত উত্তীৰ্ণ হৈছে। নিশিৰ পৰিয়ালে কয় যে তেওঁ সৰুৰে পৰাই পঢ়াত ভাল। তেখেতে ইতিমধ্যে এলাহবাদ ইউনিভাৰ্চিতিৰ পৰা LLB কৰিছে। ২০২০ চনত তেওঁ LLM আৰম্ভ কৰে আৰু বৰ্তমান সময়ত UPৰ PCSJ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে। উল্লেখ্য যে নিশিৰ দেউতাকে এখন পাণ-তামোলৰ দোকান দিয়ে। জীয়ৰীৰ এই সফলতাত পিতৃ নিৰংকাৰ গুপ্তা আৰু মাতৃ ৰেখা গুপ্তাক যথেষ্ট আনন্দিত হোৱা দেখিবলৈ পোৱা গৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘এইবাৰ মই টাৰ্গেট নেকি?’ জুবিন গাৰ্গৰ বন্ধু তথা সংগীতজ্ঞ পাৰ্থপ্ৰতিম গোস্বামীৰ বিস্ফোৰক পোষ্ট

জুবিন গাৰ্গৰ ন্যায় বিচাৰি মাত মাতি অহা বন্ধু পাৰ্থপ্ৰতিম...

প্ৰেম, সন্দেহ, হ/ত্যা…প্ৰেমৰ নামত আৰু কিমানে হেৰুৱাব লাগিব জীৱন?

গুৱাহাটী মহানগৰীৰ মাজমজিয়াত ৰিয়া হত্যাকাণ্ডৰ চাঞ্চল্য মাৰ নোযাওঁতেই ৰাজ্যত...

চীন-ভাৰতৰ সীমা সমস্যা হ’বনে সমাধান? BRICS ত কি কি ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ মোদী-ছি জিনপিং?

ৰাছিয়াৰ কাজানত অনুষ্ঠিত বৈঠকৰ দুবছৰৰ পাছত শনিবাৰে নতুন দিল্লীত...

কলিয়াবৰৰ বিধ্বস্ত অংগনবাড়ী কেন্দ্ৰ; অসুৰক্ষিত অৱস্থাত চলিছে শিশুৰ পাঠদান

কলিয়াবৰৰ শালবাৰী অংগনবাড়ী কেন্দ্ৰৰ শোচনীয় অৱস্থাই এতিয়া প্ৰশ্নৰ অৱতাৰণা...