কৰম পূজাৰ বন্ধক লৈ চাহ শ্ৰমিকৰ মাজত তীব্ৰ ক্ষোভ

ক্ষোভত জ্বলিছে ৰাজ্যৰ চাহ শ্ৰমিকসকল। কৰম পূজাৰ বন্ধক কেন্দ্ৰ কৰি সৃষ্টি হোৱা ক্ষোভৰ উদগিৰণ দেখা গৈছে সৰ্বত্ৰ। ২৫ চেপ্তেম্বৰত কৰম পূজাৰ দিনা  চৰকাৰী বন্ধৰ হেতু বাগিছাৰ কাম-কাজ বন্ধ থকাৰ বাবেই ইয়াৰ পৰিৱৰ্তে কোনো এটা বন্ধ দিনত কাম কৰিব লাগিব শ্ৰমিকসকলে। অন্যথা এটা দিনৰ মজুৰি নাপাব শ্ৰমিকসকলে। চাহ শ্ৰমিকসকলে এই চৰ্ত কোনোপধ্যে মানি নোলোৱাৰ হুংকাৰ দিছে।

কৰম পূজাৰ বন্ধক লৈ চাহ শ্ৰমিকৰ মাজত তীব্ৰ ক্ষোভ

ৰাজ্যৰ বহু চাহবাগিচাত শ্ৰমিকৰ প্ৰতিবাদ

চৰ্তসাপেক্ষেহে বন্ধ ঘোষণা কৰম পূজাত

কৰমৰ বন্ধৰ পৰিৱৰ্তে সাপ্তাহিক বন্ধত কৰিব লাগিব কাম 

চাহ শ্ৰমিকক  চৰকাৰে অপমান কৰাৰ অভিযোগ

চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে দেওবাৰে আটছাৰ নদুৱাৰ শাখাৰ উদ্যোগত চাহ শ্ৰমিক ৰাইজৰ সহযোগত জামুগুৰিহাটৰ দিকৰাই চাহবাগিছাৰ অধিনৰ মনাই চাহ বাগিছাত প্ৰতিবাদী কাৰ্য্যসুচী ৰূপায়ন কৰে। আটছা আৰু চাহ শ্ৰমিক সকলে চৰকাৰ বিৰোধী শ্ল’গানেৰে  পৰিবেশ উত্তাল কৰে । অতিশীঘ্ৰেই চৰকাৰৰ হঠকাৰী সিদ্ধান্ত বাতিল কৰাৰ হুংকাৰ প্ৰতিবাদকাৰীৰ।

তামুলপুৰতো চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ আটছাৰ। তামুলপুৰৰ নাগ্ৰিজুলি চাহ বাগিছাত কৰম পূজাত মজুৰি সহ চৰকাৰী বন্ধৰ দাবীত এই প্ৰতিবাদ।

কৰম পূজাক লৈ জাৰি কৰা চৰকাৰ নিৰ্দেশনাত চৰকাৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠে আটছা । তিতাবৰ মেজেঙা চাহ বাগিচাত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে আটছাৰ লগতে চাহ শ্ৰমিকে। এইদৰেই আটছাৰ উদ্যোগত প্ৰান্তে প্ৰান্তে বিক্ষোভ প্ৰদৰ্শন কৰিছে চাহ শ্ৰমিকসকলে।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

এয়াৰ ইণ্ডিয়াৰ বিমানখনৰ সৌভাগ্যশালী যাত্ৰী ৰমেশ বিশ্বাস কুমাৰ

বৃহস্পতিবাৰে আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তৰ্জাতিক বিমানবন্দৰৰ সমীপৰ মেঘানিনগৰত...

১০ মিনিট দেৰি কৰাৰ বাবে ফ্লাইটখন মিছ কৰিছিল এইগৰাকী সৌভাগ্যশালী মহিলাই

আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তৰ্জাতিক বিমানবন্দৰৰ সমীপৰ মেঘানিনগৰত এয়াৰ...

এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনা : ৮,২০০ ঘণ্টাৰ উৰণৰ অভিজ্ঞতা আছিল কেপ্তেইন সুমিত ছভাৰৱালৰ

আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তৰ্জাতিক বিমানবন্দৰৰ সমীপৰ মেঘানিনগৰত এটা...

বোৱিং ৭৮৭-৮ ড্ৰিমলাইনাৰৰ কাৰিকৰী সমস্যাৰ ইতিহাস

বোৱিং ৭৮৭-৮ ড্ৰিমলাইনাৰ, যি এখন অত্যাধুনিক বাণিজ্যিক বিমান হিচাপে...