কৰম পূজাৰ বন্ধক লৈ চাহ শ্ৰমিকৰ মাজত তীব্ৰ ক্ষোভ

ক্ষোভত জ্বলিছে ৰাজ্যৰ চাহ শ্ৰমিকসকল। কৰম পূজাৰ বন্ধক কেন্দ্ৰ কৰি সৃষ্টি হোৱা ক্ষোভৰ উদগিৰণ দেখা গৈছে সৰ্বত্ৰ। ২৫ চেপ্তেম্বৰত কৰম পূজাৰ দিনা  চৰকাৰী বন্ধৰ হেতু বাগিছাৰ কাম-কাজ বন্ধ থকাৰ বাবেই ইয়াৰ পৰিৱৰ্তে কোনো এটা বন্ধ দিনত কাম কৰিব লাগিব শ্ৰমিকসকলে। অন্যথা এটা দিনৰ মজুৰি নাপাব শ্ৰমিকসকলে। চাহ শ্ৰমিকসকলে এই চৰ্ত কোনোপধ্যে মানি নোলোৱাৰ হুংকাৰ দিছে।

কৰম পূজাৰ বন্ধক লৈ চাহ শ্ৰমিকৰ মাজত তীব্ৰ ক্ষোভ

ৰাজ্যৰ বহু চাহবাগিচাত শ্ৰমিকৰ প্ৰতিবাদ

চৰ্তসাপেক্ষেহে বন্ধ ঘোষণা কৰম পূজাত

কৰমৰ বন্ধৰ পৰিৱৰ্তে সাপ্তাহিক বন্ধত কৰিব লাগিব কাম 

চাহ শ্ৰমিকক  চৰকাৰে অপমান কৰাৰ অভিযোগ

চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে দেওবাৰে আটছাৰ নদুৱাৰ শাখাৰ উদ্যোগত চাহ শ্ৰমিক ৰাইজৰ সহযোগত জামুগুৰিহাটৰ দিকৰাই চাহবাগিছাৰ অধিনৰ মনাই চাহ বাগিছাত প্ৰতিবাদী কাৰ্য্যসুচী ৰূপায়ন কৰে। আটছা আৰু চাহ শ্ৰমিক সকলে চৰকাৰ বিৰোধী শ্ল’গানেৰে  পৰিবেশ উত্তাল কৰে । অতিশীঘ্ৰেই চৰকাৰৰ হঠকাৰী সিদ্ধান্ত বাতিল কৰাৰ হুংকাৰ প্ৰতিবাদকাৰীৰ।

তামুলপুৰতো চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ আটছাৰ। তামুলপুৰৰ নাগ্ৰিজুলি চাহ বাগিছাত কৰম পূজাত মজুৰি সহ চৰকাৰী বন্ধৰ দাবীত এই প্ৰতিবাদ।

কৰম পূজাক লৈ জাৰি কৰা চৰকাৰ নিৰ্দেশনাত চৰকাৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠে আটছা । তিতাবৰ মেজেঙা চাহ বাগিচাত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে আটছাৰ লগতে চাহ শ্ৰমিকে। এইদৰেই আটছাৰ উদ্যোগত প্ৰান্তে প্ৰান্তে বিক্ষোভ প্ৰদৰ্শন কৰিছে চাহ শ্ৰমিকসকলে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভয়ংকৰ গৰমত ফ্ৰান্সত ৭,৩০০ৰো অধিক অতিৰিক্ত মৃত্যু

ফ্ৰান্সত এইবাৰ অভিলেখ সৃষ্টি কৰা তীব্ৰ গৰমে ভয়ংকৰ ৰূপ...

অৱশেষত ৬০ বছৰৰ মূৰত লাভ কৰিলে BA পাছৰ চাৰ্টিফিকেট! মিজোৰামৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জোৰামথাংগাৰ আমোদজনক কাহিনী

গুৱাহাটী বিশ্ববিদ্যালয়ত মিজোৰামৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা মিজো নেচনেল ফ্ৰণ্টৰ...

ভাৰত-জাপানৰ সামুদ্ৰিক প্ৰতিৰক্ষা হ’ব আৰু শক্তিশালী

সামুদ্ৰিক প্ৰতিৰক্ষা ক্ষেত্ৰত সহযোগিতা অধিক গভীৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ...