এইকেইটা ৰে’ল ষ্টেচনৰ কাহিনীয়ে আপোনাৰো বুকু কঁপাই তুলিব!

ভাৰতত হাজাৰ হাজাৰ ৰে’ল ষ্টেচন আছে আৰু এই ৰে’লৰ জৰিয়তে দৈনিক লাখ লাখ লোকে যাত্ৰা কৰে। এইখন ভাৰততে কেইটামান এনেকুৱা ষ্টেচন আছে যিকেইটা ষ্টেচনত ভূতে বাস কৰে বুলি বিশ্বাস কৰা হয়। এই ষ্টেচনকেইচা আজিও মানুহৰ মাজত HAUNTED ষ্টেচন হিচাপে জনাজাত। এই ষ্টেচনকেইটালৈ যোৱাটো বাদেই ষ্টেচনকেইটাৰ কাষলৈ যাবলৈও মানুহে ভয় কৰে। জানো আহকচোন এই ষ্টেচনকেইটাৰ আঁৰত থকা কাহিনী।

বেগুনকডৰ ৰে’লৱে ষ্টেচন : পশ্চিম বংগৰ পুৰুলিয়া জিলাত থকা এই ৰে’লৱে ষ্টেচনটোৰ আছে এক ভয়ংকৰ কাহিনী। যি কাহিনীয়ে আপোনাৰো বুকু কঁপাই তুলিব। এই ষ্টেচনটোক ভাৰতৰ HAUNTED ষ্টেচন সমূহৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়। কোৱা হয় যে ষ্টেচনটোলৈ অহা যাত্ৰীসকলে বগা শাৰী পিন্ধা মহিলা এগৰাকীক দেখা পায়। তাৰোপৰি ষ্টেচনটোকলৈ মানুহৰ মুখে মুখে বিভিন্ন ধৰণৰ কাহিনী প্ৰচলিত আহিছে। যাৰ কাৰণে এই ষ্টেচনটো ৪২বছৰ ধৰি বন্ধ কৰি ৰখা হৈছিল, কিন্তু ২০০৯চনত পুনৰ মুকলি কৰি দিয়া হয়।

মুলুণ্ড ৰে’লৱে ষ্টেচন : এইবাৰ আপোনাক ক’বলৈ লৈছো মুলুণ্ড ৰে’লৱে ষ্টেচনৰ কথা। এই ষ্টেচনটো মুম্বাইত অৱস্থিত। এই ষ্টেচনটোকো দেশৰ HAUNTED ষ্টেচন সমূহৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়। ষ্টেচনটোলৈ যোৱা মানুহবোৰে দাবী কৰে যে সন্ধিয়াৰ পাছতে ষ্টেচনটোত চিঞৰ-বাখৰৰ শব্দ শুনা পোৱা যায়।

এই লেখাটো সাধাৰণ তথ্য আৰু স্থানীয় সংবাদ মাধ্যমৰ তথ্যৰ ভিত্তিতহে প্ৰস্তুত কৰা হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

প্ৰিয়ংকা চোপ্ৰাৰ লগত দেখিবলৈ পোৱা সেই হাতীজনীয়েই আছিল গীতা

বৰ্তমানেও সংকটমুক্ত নহয় চামগুৰিৰ আহত হাতী গীতা। বনতাৰাৰ লগতে...

ভাৰত-পাক উত্তেজনা : UNSCৰ ১৫খন দেশৰ ভিতৰত ১৩খন দেশৰ সমৰ্থন ভাৰতক

জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত ভয়াৱহ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে ৰাষ্ট্ৰসংঘৰ...

ভাৰত-পাকিস্তান সংঘাত : পাকিস্তানত মূল্যবৃদ্ধিৰ সম্ভাৱনা থকা সামগ্ৰীৰ তালিকা

ভাৰত আৰু পাকিস্তানৰ মাজৰ সম্পৰ্ক বহু দিনৰ পৰা উত্তেজনাপূৰ্ণ।...

পেহেলগামৰ আক্ৰমণৰ পিছতে পুনৰ জম্মু-কাশ্মীৰত শোকৰ ছাঁ; নিহত ৩জন জোৱান

জম্মু-কাশ্মীৰৰ ৰামবান জিলাত ভয়াৱহ দুৰ্ঘটনাত ভাৰতীয় সেনাৰ তিনিজন জোৱানৰ...