এইকেইটা ৰে’ল ষ্টেচনৰ কাহিনীয়ে আপোনাৰো বুকু কঁপাই তুলিব!

ভাৰতত হাজাৰ হাজাৰ ৰে’ল ষ্টেচন আছে আৰু এই ৰে’লৰ জৰিয়তে দৈনিক লাখ লাখ লোকে যাত্ৰা কৰে। এইখন ভাৰততে কেইটামান এনেকুৱা ষ্টেচন আছে যিকেইটা ষ্টেচনত ভূতে বাস কৰে বুলি বিশ্বাস কৰা হয়। এই ষ্টেচনকেইচা আজিও মানুহৰ মাজত HAUNTED ষ্টেচন হিচাপে জনাজাত। এই ষ্টেচনকেইটালৈ যোৱাটো বাদেই ষ্টেচনকেইটাৰ কাষলৈ যাবলৈও মানুহে ভয় কৰে। জানো আহকচোন এই ষ্টেচনকেইটাৰ আঁৰত থকা কাহিনী।

বেগুনকডৰ ৰে’লৱে ষ্টেচন : পশ্চিম বংগৰ পুৰুলিয়া জিলাত থকা এই ৰে’লৱে ষ্টেচনটোৰ আছে এক ভয়ংকৰ কাহিনী। যি কাহিনীয়ে আপোনাৰো বুকু কঁপাই তুলিব। এই ষ্টেচনটোক ভাৰতৰ HAUNTED ষ্টেচন সমূহৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়। কোৱা হয় যে ষ্টেচনটোলৈ অহা যাত্ৰীসকলে বগা শাৰী পিন্ধা মহিলা এগৰাকীক দেখা পায়। তাৰোপৰি ষ্টেচনটোকলৈ মানুহৰ মুখে মুখে বিভিন্ন ধৰণৰ কাহিনী প্ৰচলিত আহিছে। যাৰ কাৰণে এই ষ্টেচনটো ৪২বছৰ ধৰি বন্ধ কৰি ৰখা হৈছিল, কিন্তু ২০০৯চনত পুনৰ মুকলি কৰি দিয়া হয়।

মুলুণ্ড ৰে’লৱে ষ্টেচন : এইবাৰ আপোনাক ক’বলৈ লৈছো মুলুণ্ড ৰে’লৱে ষ্টেচনৰ কথা। এই ষ্টেচনটো মুম্বাইত অৱস্থিত। এই ষ্টেচনটোকো দেশৰ HAUNTED ষ্টেচন সমূহৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়। ষ্টেচনটোলৈ যোৱা মানুহবোৰে দাবী কৰে যে সন্ধিয়াৰ পাছতে ষ্টেচনটোত চিঞৰ-বাখৰৰ শব্দ শুনা পোৱা যায়।

এই লেখাটো সাধাৰণ তথ্য আৰু স্থানীয় সংবাদ মাধ্যমৰ তথ্যৰ ভিত্তিতহে প্ৰস্তুত কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...