ৰে’লৰ পাছফালে ‘X’ চিহ্নটো কিয় থাকে জানেনে?

আপুনিও নিশ্চয় জীৱনত এবাৰ হলেও ৰে’লেৰে যাত্ৰা কৰিছে। আপুনিও হয়তো ৰে’লৰ পাছফালে থকা ‘X’ চিহ্নটো দেখিছে। কিন্তু আপুনি বাৰু জানেনে ৰে’লৰ পাছফালে ‘X’ চিহ্নটো কিয় থাকে। যদি নাজানে তেন্তে জানিবলৈ চাওক এই প্ৰতিবেদন।

সচৰাচৰ আপোনালোক সকলোৱে ৰে’লৰ শেষৰ দবাটোত থকা ‘X’ চিহ্নটো দেখিছে। কিন্তু আপুনিও হয়তো এই ‘X’ চিহ্নটো কিয় থাকে সেয়া নাজানে। আচলতে যেতিয়া ৰে’লখনে ষ্টেচন অতিক্ৰম কৰে তেতিয়া ষ্টেচন মাষ্টৰে ৰে’লখনৰ সকলো দবা ঠিকেই আহিছে নাই নিশ্চিত কৰিব লাগে, এইক্ষেত্ৰত তেওঁ ৰে’লৰ শেষৰ দবাটোৰ ‘X’ চিহ্নটো চায় সেয়া নিশ্চিত কৰে। যদি ৰে’লৰ শেষৰ দবাটোত ‘X’ চিহ্নটো নাথাকে তেতিয়া তেওঁ ততাতৈয়াকৈ বিভাগীয় কৰ্তৃপক্ষক খবৰ দিয়ে। কিয়নো ৰে’লৰ শেষৰ দবাটোত ‘X’ চিহ্ন নথকাৰ অৰ্থ হ’ল ৰে’লখনৰ কিছুমান দবা ৰে’ল লাইনতে থাকি আহিল। তেতিয়া কোনো দুৰ্ঘটনা সংঘটিত নহ’বৰ বাবে সেই ৰে’ল লাইনত অহা সকলো ৰে’ল ৰখাই দিয়া হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিশ্বৰ ৬নম্বৰ খেলুৱৈক হৰুৱাই ইতিহাস অনাহত সিঙৰ, এছিয়ান গেমছৰ ফাইনেলত প্ৰৱেশ

এছিয়ান গেমছ ২০২৬ত ভাৰতীয় স্কোৱাছ খেলুৱৈ অনাহত সিঙে দেখুৱালে...

২০২৭ৰ ODI বিশ্বকাপেই ভাৰতৰ হৈ শেষ বিশ্বকাপ হ’ব: বিৰাট কোহলী

২০২৭ৰ ODI বিশ্বকাপেই ভাৰতৰ হৈ তেওঁৰ অন্তিম বিশ্বকাপ হ’ব...

অসমৰ চিকিৎসা ক্ষেত্ৰত নতুন ইতিহাস; GMCHত প্ৰথমবাৰৰ বাবে সফলতাৰে সম্পন্ন ৰবটিক কাৰ্ডিয়াক ছাৰ্জাৰী

অসমত প্ৰথমবাৰৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত (GMCH) সফলতাৰে...