হিংসাজৰ্জৰ মণিপুৰৰ পৰা আছাম ৰাইফলছক অপসাৰণৰ দাবী

হিংসাজৰ্জৰ মণিপুৰৰ পৰা আছাম ৰাইফলছক অপসাৰণৰ দাবী
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰি এই দাবী মেইটেই সংগঠন COCOMIৰ
বিগত গোষ্ঠীসংঘৰ্ষত আছাম ৰাইফলছে পক্ষপাতিত্ব কৰাৰ অভিযোগ
বিপৰীতে মণিপুৰৰ আৰক্ষীৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযোগ কুকি সংগঠনৰ
ৰাজ্যখনত শান্তি-শৃংখলা বৰ্তাই ৰাখিবলৈ আছাম ৰাইফলছক বাহাল ৰখাৰ দাবী কুকি সংগঠনৰ

মণিপুৰত মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজৰ সংঘৰ্ষ শাম কটাৰ ‍লক্ষণ দেখা দিয়া নাই। মণিপুৰত নিয়োজিত আছাম ৰাইফলছ আৰু মণিপুৰ আৰক্ষীৰ বিৰুদ্ধে উত্থাপিত হৈছে পক্ষপাতিত্বৰ অভিযোগ। কুকি জনগোষ্ঠীৰ সংগঠনবোৰে মণিপুৰত পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ আছাম ৰাইফলছৰ প্রয়োজনীয়তা আছে বুলি দোহাৰি অহাৰ বিপৰীতে মেইটেই জনগোষ্ঠীৰ সংগঠনবোৰে আছাম ৰাইফলছৰ বিৰুদ্ধে মত প্রকাশ কৰিছে। মণিপুৰ আৰক্ষীৰ সমৰ্থনত মেইটেই জনগোষ্ঠীৰ সংগঠন থিয় দিয়াৰ বিপৰীতে কুকি সংগঠনে মণিপুৰ আৰক্ষীয়ে মেইটেই লোকৰ পক্ষত অৱস্থান কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। ইয়াৰ মাজতে কেইবাটাও মেইটেই সংগঠনে প্রতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক তেওঁৰ বাসভৱনত সাক্ষাৎ কৰি আছাম ৰাইফলছৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে।    

মণিপুৰত ৩ মে’ৰ পাছত সংঘটিত সংঘৰ্ষত ১৭৫গৰাকী নিহত, ১,১১৮গৰাকী আহত
এই সময়ত ৰাজ্যখনত সংঘটিত হয় ৫,১৭২টা লুণ্ঠনৰ ঘটনা
জ্বলাই দিয়া হয় ৪,৭৮৬টা ঘৰ, ৩৮৬টা ধৰ্মীয় উপাসনা স্থল
ভস্মীভূত হোৱা উপাসনা স্থলৰ ভিতৰত ২৫৪টা চাৰ্চ, ১৩২টা মন্দিৰ
আৰক্ষীৰ পৰা দুষ্কৃতিকাৰীয়ে লুটি নিয়ে ৫,৬৬৮টা আগ্নেয়াস্ত্র
ইয়াৰ ১,৩২৯টা ইতিমধ্যে উদ্ধাৰ হৈছে
আনহাতে ৪০০টা বোমা, ১৫,০৫০টা গোলাবাৰুদ জব্দ

মণিপুৰ আৰক্ষীয়ে প্রকাশ কৰা এই পৰিসংখ্যাই সূচাইছে ৰাজ্যখনত কি ভয়াৱহ পৰিস্থিতি সৃষ্টি হৈছিল উক্ত সময়ছোৱাত। মণিপুৰত সম্প্রতি পৰিস্থিতি নিয়ন্ত্রণাধীন হোৱাৰ পাছত মণিপুৰ প্রশাসনে ৰাজ্যখনৰ সান্ধ্য আইনৰ ম্যাদ পুৱা ৫টাৰ পৰা নিশা ৯ বজালৈ বৃদ্ধি কৰিছে। 

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...