দক্ষিণ আফ্ৰিকাৰ ৰানৰ বন্যাত উটি-ভাঁহি গ’ল কেংগেৰু বাহিনী

অষ্ট্রেলিয়া-দক্ষিণ আফ্রিকাৰ এদিনীয়া খেলত অভিলেখৰ উপৰি অভিলেখ
দক্ষিণ আফ্রিকাৰ ৰানৰ পাহাৰ, ৫০ অ’ভাৰত কৰিলে ৫ উইকেটত ৪১৬ ৰান
দলৰ হৈ হেনৰিখ ক্লাছেনৰ ৮৩ বলত ১৭৪ ৰান
ডেভিদ মিলাৰৰ ৪৫টা বলত অপৰাজিত ৮২ ৰান
খেলখনত দক্ষিণ আফ্ৰিকা ১৬৪ ৰানত বিজয়ী

বেট হাতত লৈয়েই ৰানৰ ধুমুহা সৃষ্টি কৰে ৫ নং স্থানত বেটিং কৰিবলৈ অহা হেনৰিখ ক্লাছেনে। সেই ধুমুহাত উটি গ’ল কেংগেৰু বাহিনীৰ সকলো প্ৰতিৰোধ। ডেভিদ মিলাৰক লগত লৈ ক্লাছেনে গঢ়িলে বহু অভিলেখ। ৮৩ বলৰ ইনিংছত ক্লাছেনে বাউণ্ডেৰী লাইনৰ বাহিৰলৈ বল পঠিয়ালে ২৬বাৰ। ১৩টা ছিক্সাৰ, ১৩টা বাউণ্ডেৰীৰে ক্লাছেনে গঢ়ে ইনিংছ। মিলাৰৰ ৮২ ৰানৰ ইনিংছত আছিল ৬টা ৪, পাঁচটা ৬। ৩২ অ’ভাৰত দক্ষিণ আফ্ৰিকাৰ ৰান আছিল ৩ উইকেটত ১৫৭। তাৰ পৰা ক্লাছেন-মিলাৰ যুটীৰ তাণ্ডৱত দক্ষিণ আফ্ৰিকাৰ স্ক’ৰ হয়গৈ ৫ উইকেটত ৪১৬ ৰান।

অষ্ট্ৰেলিয়াৰ লেগ স্পিনাৰ আডাম জাম্পাই দিয়ে ১০ অ’ভাৰত ১১৩ ৰান
ক্লাছেনৰ ১৭৪ ৰান হৈছে এদিনীয়াত ৫ নং বেটছমেনৰ ২য় সৰ্বোচ্চ ৰান
কপিলদেৱে ’৮৩ৰ বিশ্বকাপত কৰা ১৭৫ ৰানেই এই ক্ষেত্ৰত সৰ্বাধিক
ক্লাছেন-মিলাৰ যুটীয়ে গঢ়ে অন্তিম ১০ অ’ভাৰত ১৭৩ ৰানৰ অভিলেখ
ক্লাছেন-মিলাৰ যুটীৰ পঞ্চম উইকেটত ২২২ ৰান আন এক অভিলেখ
এদিনীয়াত সপ্তমবাৰলৈ দক্ষিণ আফ্ৰিকাৰ ৪০০ৰো অধিক ৰানৰ ইনিংছ

এই ক্ষেত্ৰত দক্ষিণ আফ্ৰিকাই অতিক্ৰম কৰে ৬বাৰকৈ ৪০০ৰো অধিক ৰান কৰা ভাৰতক। এই জয়ৰ সূত্ৰে পাঁচদিনীয়া শৃংখলাত ২-২ৰ সমতা স্থাপন কৰে দক্ষিণ আফ্ৰিকাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আমেৰিকাত ভাৰতৰ ২৮ বছৰীয়া যুৱকক গুলীয়াই হত্যা

পুনৰ আমেৰিকাত ভাৰতীয় যুৱকৰ সৈতে ভয়ংকৰ ঘটনা। আমেৰিকাৰ ফেলাডেলফিয়াৰ...

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ…

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ। ৰিচা চাড্ডা...

ডায়েট ডিব্ৰুগড়ত সম্পন্ন শিশু বৈজ্ঞানিক প্ৰদৰ্শনী

বিকশিত আৰু স্বাৱলম্বী ভাৰতৰ বাবে ষ্টেম শীৰ্ষক বিষয়বস্তুক আধাৰ...

পুনৰ গুৱাহাটীত যুৱতীৰ ৰহস্যজনক মৃত্যু

পুনৰ চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে গুৱাহাটী মহানগৰী। ৰহস্যজনক অৱস্থাত উদ্ধাৰ...