এদিনীয়া বিশ্বকাপৰ বাবে ১৫জনীয়া ভাৰতীয় দল ঘোষণা

ভাৰতত অনুষ্ঠিত হ’বলগীয়া এদিনীয়া বিশ্বকাপ ক্ৰিকেটৰ বাবে দল ঘোষণা কৰিবলগীয়া হোৱাৰ অন্তিম দিনটোত BCCIএ ১৫ জনীয়া ভাৰতীয় দল ঘোষণা কৰিছে। এছিয়া কাপ খেলি থকা ভাৰতীয় দলৰ পৰা দুজন খেলুৱৈ বাদ পৰাৰ বাহিৰে দলত নাই নতুন চমক। চৰ্চা হোৱাৰ পিছতো দলত স্থান নাপালে অভিজ্ঞ স্পীনাৰ ৰবীচন্দ্ৰন অশ্বিনে।

এদিনীয়া বিশ্বকাপৰ বাবে ১৫জনীয়া ভাৰতীয় দল ঘোষণা
বিশ্বকাপ দলত ৫ বেটছমেন, ৪ অলৰাউণ্ডাৰ, ৩ পেচ বলাৰ
দলত আছে ২ উইকেটৰক্ষক, এজন বিশেষজ্ঞ স্পীনাৰ
দলৰ অধিনায়ক ৰোহিত শৰ্মা, উপ অধিনায়ক হাৰ্দিক পাণ্ডিয়া
দল ঘোষণা কৰিলে ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য নিৰ্বাচক অজিত আগৰকাৰে

অৱশেষত ৫ ছেপ্টেম্বৰৰ ডেডলাইনৰ দিনাই ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে আগন্তুক এদিনীয়া বিশ্বকাপৰ বাবে ১৫ জনীয়া ভাৰতীয় দল ঘোষণা কৰিছে। এছিয়া কাপৰ ১৭ জনীয়া দলৰ পৰা বাদ পৰিল তিলক বাৰ্মা আৰু প্ৰসিধ কৃষ্ণ। দলটোত নাই কোনো চমক। উল্লেখ্য যে এইবাৰৰ এদিনীয়া বিশ্বকাপ ভাৰতত অনুষ্ঠিত হ’ব। বিশ্বকাপত ভাৰতৰ প্ৰথম খেল অহা ৮ অক্টোবৰৰ দিনা অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব।

দলত বেটছমেনকেইজন ৰোহিত শৰ্মা, শুভমন গিল, বিৰাট কোহলি, শ্রেয়াস আয়াৰ, সূৰ্যকুমাৰ যাদৱ
অলৰাউণ্ডাৰ হিচাপে আছে হাৰ্দিক পাণ্ডিয়া, ৰবীন্দ্ৰ জাদেজা, অক্ষৰ পেটেল, শ্বাৰ্দুল ঠাকুৰ
দলত আছে ২ উইকেট ৰক্ষক ঈষাণ কিষাণ, কে এল ৰাহুল
৩ বেগী বলাৰ যশপ্ৰীত বুমৰাহ, মহঃ ছামি, মহঃ ছিৰাজ, বিশেষজ্ঞ স্পীনাৰ কুলদীপ যাদৱ
দলত স্থান নাপালে ৰবীচন্দ্ৰন অশ্বিন, সঞ্জু ছেমচন, য়ুজুৱেন্দ্র চহলৰ দৰে খেলুৱৈয়ে

ভাৰতীয় ক্ৰিকেট দল ঘোষণাৰ পূৰ্বে ৩জন খেলুৱৈক লৈ ব্যাপক চৰ্চা হৈছিল। ৰবীচন্দ্ৰন অশ্বিনৰ লগতে য়ুজুৱেন্দ্র চহল, লোকেশ ৰাহুলৰ বিষয়ে দল নিৰ্বাচনৰ পূৰ্বে দল নেতা আৰু প্ৰশিক্ষকৰ সৈতে নিৰ্বাচক মণ্ডলীৰে আলোচনাত বিশেষ স্থান পাইছিল। কিন্তু অসুস্থতাৰ পিছতো লোকেশ ৰাহুলে দলত স্থান পোৱাৰ বিপৰীতে বিশেষজ্ঞ স্পীনাৰৰূপে অশ্বিন আৰু চহলক ৰখা নহ’ল। দলত এতিয়া বিশেষজ্ঞ স্পীনাৰ হিচাপে অন্তৰ্ভুক্ত হৈছে একমাত্ৰ কুলদীপ যাদৱ। উল্লেখ্য যে, ইণ্টাৰনেচনেল ক্ৰিকেট কাউন্সিলৰ নিয়ম অনুসৰি এই ১৫ জনীয়া দলত ভাৰতে ইচ্ছা কৰিলে কিছু সালসলনি ঘটাব পাৰিব। বিশ্বকাপৰ চূড়ান্ত দল অহা ২৮ ছেপ্টেম্বৰৰ ভিতৰত দেশসমূহে ঘোষণা কৰিব লাগিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...