দোকানলৈ যাওঁতে পুৰুষ হৈ গৈছিল, কিন্তু দোকানৰ পৰা ওলাওঁতে হৈ আহিল মহিলা! কিন্তু কেনেকৈ?

সুন্দৰী যুৱতী দেখিলেই প্ৰেমত পৰা ডেকাসকল সাৱধান হওক। কিয়নো সেই সুন্দৰীগৰাকী যুৱতী নহ’বও পাৰে… হয় ঠিকেই শুনিছে আপুনি। এইবাৰ তেনে এক ঘটনাই সংঘটিত হৈছে এইখন অসমত। কিয়নো এইবাৰ এজন গ্ৰাহক দোকানলৈ যাওঁতে পুৰুষ হৈ গৈছিল, কিন্তু দোকানৰ পৰা ওলাওঁতে হৈ আহিল মহিলা! কিন্তু কেনেকৈ জানিবলৈ সম্পূৰ্ণকৈ পঢ়ক এই প্ৰতিবেদন।

ৰাজ্যত পুনৰ সংঘটিত হৈছে ভুৱা কিন্নৰৰ ঘটনা। এইবাৰৰ ঘটনা সোণাপুৰৰ। এইবাৰ সোণাপুৰৰ কমাৰকুছিত আটক কৰা হৈছে ভুৱা কিন্নৰ। এজন গ্ৰাহকে প্ৰথমে পুৰুষৰ পোচাক পৰিধান কৰি এখন দোকানত সোমাই তাৰ পাছত পুনৰ মহিলাৰ পোচাক পিন্ধি কিন্নৰ ৰূপ ধাৰণ কৰি ওলাই অহাৰ অভিযোগ ৰাইজৰ। পৰৱৰ্তী সময়ত ৰাইজৰ সন্দেহ ওপজাত গতি-বিধি নিৰীক্ষণ কৰি কমাৰকুছিৰ কালীমন্দিৰ চৌহদত সুৰাপান কৰি থকা অৱস্থাত আটক কৰাত ওলাই পৰে প্ৰকৃত স্বৰূপ। পৰৱৰ্তী সময়ত ভুৱা কিন্নৰজনক উত্তম মধ্যম দি ৰাইজে সোণাপুৰ আৰক্ষীক গতাই দিয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...