ফটুৱা বিতৰ্কৰ পাছত সংকল্প জুবিন গাৰ্গৰ

সংকল্প লৈছে জুবিন গাৰ্গে। জুবিনে কথা ক’লেই দিগদাৰ হৈ যায়, সেয়ে তেওঁ আৰু একো নকয়। অসম জাতীয় পৰিষদক ফটুৱা আখ্যা দি বিতৰ্কত সোমাই পৰিছিল জুবিন গাৰ্গ। সেই বিতৰ্কৰ পাছত প্ৰথমবাৰলৈ সংগীতানুষ্ঠান জুবিনৰ। সেই অনুষ্ঠানতেই জুবিনে ল’লে সংকল্প।

জুবিনে আৰু একো নকয়!
জুবিনৰ মুখ বন্ধ!
ফটুৱা বিতৰ্কৰ পাছত সংকল্প জুবিন গাৰ্গৰ

গুৱাহাটী বিশ্ববিদ্যালয়ত ন-পুৰণি সতীৰ্থ মহামিলন অনুষ্ঠান। RCC-2 ছাত্ৰাবাসৰ উদ্যোগত অনুষ্ঠিত এই মহামিলনত উপস্থিত থাকিল জুবিন গাৰ্গ। ইটোৰ পাছত সিটো জনপ্ৰিয় গীতেৰে উপস্থিত সকলোকে মুগ্ধ কৰিলে জুবিনে। জুবিনৰ কন্ঠত এটাৰ পাছত আনটো হিট গান।

অসম জাতীয় পৰিষদক ফটুৱা পাৰ্টী বুলি কৈ ৰাজ্যৰ ৰাজনীতি তোলপাৰ লগাইছিল জুবিনে। ছচিয়েল মিডিয়াতো ব্যাপক সমালোচনাৰ সন্মুখীন হৈছিল জনপ্ৰিয় কন্ঠশিল্পীগৰাকী। শুভাকাংক্ষীয়েও কৈছিল এইবোৰ ক’ব লাগে কিয়?
তাৰ পাছতেই গুৱাহাটী বিশ্ববিদ্যালয়ৰ অনুষ্ঠানত জুবিন। সকলোৱে আশা কৰিছে এইবাৰ কথা ৰাখিব মৰমৰ জুবিনে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীক সাক্ষাত্‍

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আৰু স্মাৰক-পত্ৰ প্ৰদান গুৱাহাটীৰ লোক সেৱা...

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...