ফটুৱা বিতৰ্কৰ পাছত সংকল্প জুবিন গাৰ্গৰ

সংকল্প লৈছে জুবিন গাৰ্গে। জুবিনে কথা ক’লেই দিগদাৰ হৈ যায়, সেয়ে তেওঁ আৰু একো নকয়। অসম জাতীয় পৰিষদক ফটুৱা আখ্যা দি বিতৰ্কত সোমাই পৰিছিল জুবিন গাৰ্গ। সেই বিতৰ্কৰ পাছত প্ৰথমবাৰলৈ সংগীতানুষ্ঠান জুবিনৰ। সেই অনুষ্ঠানতেই জুবিনে ল’লে সংকল্প।

জুবিনে আৰু একো নকয়!
জুবিনৰ মুখ বন্ধ!
ফটুৱা বিতৰ্কৰ পাছত সংকল্প জুবিন গাৰ্গৰ

গুৱাহাটী বিশ্ববিদ্যালয়ত ন-পুৰণি সতীৰ্থ মহামিলন অনুষ্ঠান। RCC-2 ছাত্ৰাবাসৰ উদ্যোগত অনুষ্ঠিত এই মহামিলনত উপস্থিত থাকিল জুবিন গাৰ্গ। ইটোৰ পাছত সিটো জনপ্ৰিয় গীতেৰে উপস্থিত সকলোকে মুগ্ধ কৰিলে জুবিনে। জুবিনৰ কন্ঠত এটাৰ পাছত আনটো হিট গান।

অসম জাতীয় পৰিষদক ফটুৱা পাৰ্টী বুলি কৈ ৰাজ্যৰ ৰাজনীতি তোলপাৰ লগাইছিল জুবিনে। ছচিয়েল মিডিয়াতো ব্যাপক সমালোচনাৰ সন্মুখীন হৈছিল জনপ্ৰিয় কন্ঠশিল্পীগৰাকী। শুভাকাংক্ষীয়েও কৈছিল এইবোৰ ক’ব লাগে কিয়?
তাৰ পাছতেই গুৱাহাটী বিশ্ববিদ্যালয়ৰ অনুষ্ঠানত জুবিন। সকলোৱে আশা কৰিছে এইবাৰ কথা ৰাখিব মৰমৰ জুবিনে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...