ডিব্ৰুগড়ৰ বাণিপুৰ ঢেঁকেৰি গাঁৱত চাঞ্চল্যকৰ ঘটনা

ডিব্ৰুগড়ৰ বাণিপুৰ ঢেঁকেৰি গাঁৱত এটা চাঞ্চল্যকৰ ঘটনা। ঘৰৰ ভিতৰতেই চিপ লোৱা অৱস্থাত উদ্ধাৰ হ’ল এগৰাকী কিশোৰী। একাংশৰ সন্দেহ কিশোৰীগৰাকীক দলবদ্ধ বলাৎকাৰ কৰি হত্যা কৰা হৈছে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আটক কৰিছে চাৰিজনক।

ঘৰৰ ভিতৰতেই চিপ লোৱা অৱস্থাত এগৰাকী কিশোৰী
মৃতদেহ উদ্ধাৰৰ পাছতেই ঘনীভূত ৰহস্য
সন্দেহ, দলবদ্ধ বলাৎকাৰ কৰি হত্যা কিশোৰীগৰাকীক

ডিব্ৰুগড়ৰ বাণিপুৰ ঢেঁকেৰি গাঁৱৰ এই ঘৰটোতেই ঘটিল এটা চাঞ্চল্যকৰ ঘটনা। নিশা চিপ লৈ থকা অৱস্থাত এগৰাকী কিশোৰীৰ মৃতদেহ উদ্ধাৰ হ’ল। লগেলগেই খবৰ দিয়া হল আৰক্ষীক। ঘটনাস্থলীত উপস্থিত হৈ প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰি আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিলে মৃতদেহ।

আৰক্ষীয়ে ঘটনাৰে জড়িত থকাৰ সন্দেহত আটক কৰিলে ৪জনক
আটক হোৱাসকলৰ ভিতৰত আছে নাবালকো

নিশা হ’লেই নিৰ্জন হৈ পৰে বাণিপুৰ ঢেঁকেৰি গাঁৱৰ বিভিন্ন অঞ্চল। আৰম্ভ হয় দুষ্কৃতিকাৰীৰ ত্ৰাস। বিগত সময়বোৰতো এই ঠাইত বিভিন্ন অনৈতিক কাৰ্যকলাপ সংঘটিত হোৱাৰ নজিৰ আছে। আৰক্ষীয়ে চলাই আছে তদন্ত। কেনেকৈ এই ঘটনা সংঘটিত হল সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত। আটকাধীন লোক চাৰিজনক সোধা-পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

কিশোৰীগৰাকীৰ এয়া নিজা বাসগৃহ নহয়। সম্পৰ্কীয় এজন লোকৰ ঘৰত বিগত তিনি-চাৰিমাহ ধৰি আছিল কিশোৰীগৰাকী। সেই দিশতো আৰক্ষীয়ে চলাইছে তদন্ত। কি পৰিস্থিতিত কেনেকৈ এই ঘটনা ঘটিল তাক লৈ সৃষ্টি হৈছে ৰহস্য। আৰক্ষীৰ তদন্ততহে স্পষ্ট হ’ব সকলো।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...