বৰগীত-কীৰ্তন-বৰকাঁহৰ গুঞ্জনেৰে মুখৰিত সংযুক্ত আৰৱ আমিৰশ্বাহী

এতিয়া সমগ্র ৰাজ্য মুখৰিত ভাদমহীয়া নাম–কীৰ্তনেৰে। এইক্ষেত্রত প্রৱাসী অসমীয়ায়ো পালন কৰিছে ভাদমহীয়া নামৰ কাৰ্যসূচী। মধ্যপ্রাচ্যৰ একমাত্র নামঘৰ ডুবাই নামঘৰত শনিবাৰে আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত কৰে ভাদমহীয়া নাম।

বৰগীত-কীৰ্তন-বৰকাঁহেৰ গুঞ্জনেৰে মুখৰিত সংযুক্ত আৰৱ আমিৰশ্বাহী
ডুবাইত প্রৱাসী অসমীয়াই পাতিলে ভাদমহীয়া নাম-প্রসংগ
পৰম্পৰাগত ৰীতি-নীতিৰে ডুবাই নামঘৰত নাম-প্রসংগ সম্পন্ন
মধ্যপ্ৰাচ্যৰ প্রৱাসী অসমীয়াই অংশ লয় ভাদমহীয়া নামত

নামঘৰত ভাদমহীয়া নাম-প্ৰসংগ অসমীয়াৰ এটা পৰম্পৰাগত ৰীতি। ৰাজ্যৰ সকলো নামঘৰ এতিয়া প্রতিটো দিনেই সৰৱ গৈ পৰে কীৰ্তন দশম পাঠেৰে। নামৰ তালে তালে হাত চাপৰি, বৰকাঁহৰ শব্দৰে গুঞ্জৰিত হয় নামঘৰৰ চৌপাশৰ আকাশ–বতাহ। এইক্ষেত্রত ব্যতিক্রম নহয় একবিংশ শতিকাৰ অন্যতম অত্যাধুনিক মহানগৰ ডুবাই। সংযুক্ত আৰৱ গণৰাজ্যৰ প্রৱাসী অসমীয়াই স্থাপন কৰা ডুবাইৰ নামঘৰত শনিবাৰে ভাদমহীয়া নাম-প্রসংগ সম্পন্ন কৰে। ডুবাইবাসী অসমীয়াই নাম–কীৰ্তনৰ লগতে বুট–মগু, ফলমূলৰ প্রসাদ খাই পালন কৰে ভাদমহীয়া নামৰ কাৰ্যসূচী।

দুবছৰ পূৰ্বে স্থাপন হৈছিল ডুবাইত মধ্যপ্ৰাচ্যৰ প্ৰথমটো নামঘৰ
আউনীআতী সত্রৰ সত্রাধিকাৰ পীতাম্বৰ দেৱগোস্বামীয়ে প্ৰতিষ্ঠা কৰিছিল নামঘৰৰ গুৰু আসন
নামঘৰটোৰ নামঘৰীয়াৰ দায়িত্বত আছে উৎপল বৰুৱা, বিক্রম বৰুৱা

ডুবাইত ভাদমহীয়া নাম অনুষ্ঠিত কৰি উৎফুল্লিত নামঘৰটোৰ বৰমেধি সুমন বৰদলৈ

ডুবাইবাসী অসমীয়াসকলৰ হৈ ডুবাইত ভাদমহীয়া নাম সন্দৰ্ভত মানস দত্তই এইদৰে কয় – সংযুক্ত আৰব গণৰাজ্যৰ ভিন্নপ্ৰান্তত বসবাস কৰা ৪০গৰাকী প্রৱাসী অসমীয়াই অংশ লয় এই নামত। ইফালে ডুবাই ভ্রমণলৈ যোৱা নিবন্ধকাৰ হিৰণ্য শইকীয়াও উৎফুল্লিত হৈ পৰে ডুবাইত ভাদমহীয়া নামত অংশ ল’বলৈ পাই।

ক্রমে বিশ্বৰ ৰাজধানী হ’বলৈ মন মেলা ডুবাই মহানগৰীত প্রৱাসী অসমীয়াই নামঘৰ পাতি এইদৰে ভাদমহীয়া নাম অনুষ্ঠিত কৰিবলৈ পাই স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

মহানগৰীত মানৱতাক জোকাৰি যোৱা ঘটনা

গুৱাহাটীৰ জ্যোতিকুছিত মানৱতাক জোকাৰি যোৱা ঘটনা। দেওবাৰে ঘৰৰ ভিতৰতে...

সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত ৭ জনকৈ লোক

জম্মু-কাশ্মীৰৰ গান্দাৰবাল জিলাত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ। সন্ত্ৰাসবাদীৰ আক্ৰমণত চিকিৎসকসহ...

দুদিনীয়া কাৰ্যসূচীৰে ইণ্ডোনেছিয়া ভ্ৰমণ সামৰিলে কেন্দ্ৰীয় ৰাজ্যিক বিদেশ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই

কেন্দ্ৰীয় ৰাজ্যিক বিদেশ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই যোৱা ১৯ আৰু...

ন-ৰূপত পানীখাইতিত উদ্বোধন থলুৱা ব্যঞ্জনৰ ৰেষ্টোৰা ‘পানচৈ’

সুস্বাদু থলুৱা খাদ্যৰসিক আৰু পৰ্যটকৰ বাবে সুখবৰ। দেওবাৰে উদ্বোধন...