বিশিষ্ট কবি ৰবীন্দ্ৰ সৰকাৰৰ বিয়োগত মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ

বিশিষ্ট কবি ৰবীন্দ্ৰ সৰকাৰৰ বিয়োগত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰিছে।

এক শোকবার্তাত মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে, সাহিত্য অকাডেমি বঁটা প্ৰাপক এই গৰাকী বিশিষ্ট কবিয়ে অসমীয়া কাব্য সাহিত্যৰ বিকাশত উল্লেখযোগ্য অৰিহণা আগবঢ়াই গৈছে। আধুনিক কাব্য সাহিত্যক এক নতুন গতি প্ৰদান কৰা এইগৰাকী কবিৰ সৃষ্টিৰাজিৰ মাজত সমসাময়িক সমাজ জীৱন, মানবীয় মূল্যবোধকে ধৰি সমাজ জীৱনৰ ভিন্নমুখী দিশসমূহ প্রতিফলিত কৰিছিল। তেখেতে কেইবাখনো কাব্যগ্রন্থ প্রণয়ন কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ যায়। কবিগৰাকীৰ বিয়োগ সাহিত্য ক্ষেত্ৰখনৰ বাবে এক অপূৰণীয় ক্ষতি বুলিও মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে।

মুখ্যমন্ত্ৰীয়ে বিশিষ্ট কবিগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনাৰে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈও গভীৰ সমবেদনা জ্ঞাপন কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...