এছিয়া কাপৰ বাবে ভাৰতীয় দল ঘোষণা

এছিয়া কাপৰ বাবে ভাৰতীয় দল ঘোষণা
টীম ইণ্ডিয়ালৈ ঘূৰি আহিল কে এল ৰাহুল, শ্ৰেয়াছ আয়াৰ
ভাৰতীয় দলত তিলক বাৰ্মাৰ ENTRY
দলত স্থান নাপালে ৰিষ্ট স্পিনাৰ য়ুজবেন্দ্ৰ চাহালে

৫ অক্টোবৰৰ পৰা ভাৰতত ক্ৰিকেট বিশ্বকাপ। বিশ্বকাপৰ পূৰ্বে এছিয়া কাপৰ অগ্নিপৰীক্ষাৰ বাবে সাজু টীম ইণ্ডিয়া। সোমবাৰে BCCI-এ ঘোষণা কৰিলে ১৭ জনীয়া ভাৰতীয় দল। বিগত এছিয়া কাপত আশানুৰূপ প্ৰদৰ্শন কৰাত ব্যৰ্থ হোৱা টীম ইণ্ডিয়াই এইবাৰ গুৰুত্বপূৰ্ণ প্ৰতিযোগিতাখন জয় কৰিবলৈ সৰ্বোচ্চ উজাৰি দিব ৰোহিত শৰ্মাৰ নেতৃত্বাধীন দলটোৱে। আঘাতৰ পৰা সুস্থ হৈ টীম ইণ্ডিয়ালৈ প্ৰত্যাৱৰ্তন ঘটিল কে এল ৰাহুল আৰু শ্ৰেয়াছ আয়াৰৰ। খালী হৈ থকা ৪ নম্বৰ স্থানত এই দুই খেলুৱৈৰ কোনোবা এজনে খেলিব বুলি আশাবাদী ক্ৰিকেটপ্ৰেমী। অৱশ্যে, মুখ্য নিৰ্বাচক অজিত আগাৰকাৰৰ মতে এতিয়াও ১০০ শতাংশ ফিট নহয় কে এল ৰাহুল। সেইবাবে বেকআপ হিচাপে দলত অন্তৰ্ভুক্ত কৰা হৈছে সঞ্জু ছেমচনক। এছিয়া কাপৰ বাবে ঘোষণা কৰা ভাৰতীয় দলটোত আছে- ৰোহিত শৰ্মা, শুভমন গিল, বিৰাট কোহলি, শ্ৰেয়াছ আয়াৰ, সূৰ্য কুমাৰ যাদৱ, তিলক বাৰ্মা, কে এল ৰাহুল, ঈশান কিষাণ, হাৰ্দিক পাণ্ডিয়া, ৰবীন্দ্ৰ জাদেজা, শাৰ্দুল ঠাকুৰ, অক্ষৰ পেটেল, কুলদীপ যাদৱ, যশপ্ৰীত বুমৰাহ, মহম্মদ ছামি, মহম্মদ ছিৰাজ, প্ৰসিদ্ধ কৃষ্ণ আৰু সঞ্জু ছেমচন।

ইপিনে, BCCIয়ে ঘোষণা কৰা এছিয়া কাপৰ দলত স্থান নাপালে তাৰকা ৰিষ্ট স্পিনাৰ য়ুজবেন্দ্ৰ চাহালে। এতিয়া অপেক্ষা মাথোঁ ২ ছেপ্টেম্বৰলৈ। এছিয়া কাপত ভাৰত-পাকিস্তানৰ হাইভল্টেজ মেচৰ পৰাই সূচনা হ’ব ভাৰতীয় দলৰ বিশ্বকাপ জয়ৰ বিজয়ৰথ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...