এছিয়া কাপৰ বাবে ভাৰতীয় দল ঘোষণা

এছিয়া কাপৰ বাবে ভাৰতীয় দল ঘোষণা
টীম ইণ্ডিয়ালৈ ঘূৰি আহিল কে এল ৰাহুল, শ্ৰেয়াছ আয়াৰ
ভাৰতীয় দলত তিলক বাৰ্মাৰ ENTRY
দলত স্থান নাপালে ৰিষ্ট স্পিনাৰ য়ুজবেন্দ্ৰ চাহালে

৫ অক্টোবৰৰ পৰা ভাৰতত ক্ৰিকেট বিশ্বকাপ। বিশ্বকাপৰ পূৰ্বে এছিয়া কাপৰ অগ্নিপৰীক্ষাৰ বাবে সাজু টীম ইণ্ডিয়া। সোমবাৰে BCCI-এ ঘোষণা কৰিলে ১৭ জনীয়া ভাৰতীয় দল। বিগত এছিয়া কাপত আশানুৰূপ প্ৰদৰ্শন কৰাত ব্যৰ্থ হোৱা টীম ইণ্ডিয়াই এইবাৰ গুৰুত্বপূৰ্ণ প্ৰতিযোগিতাখন জয় কৰিবলৈ সৰ্বোচ্চ উজাৰি দিব ৰোহিত শৰ্মাৰ নেতৃত্বাধীন দলটোৱে। আঘাতৰ পৰা সুস্থ হৈ টীম ইণ্ডিয়ালৈ প্ৰত্যাৱৰ্তন ঘটিল কে এল ৰাহুল আৰু শ্ৰেয়াছ আয়াৰৰ। খালী হৈ থকা ৪ নম্বৰ স্থানত এই দুই খেলুৱৈৰ কোনোবা এজনে খেলিব বুলি আশাবাদী ক্ৰিকেটপ্ৰেমী। অৱশ্যে, মুখ্য নিৰ্বাচক অজিত আগাৰকাৰৰ মতে এতিয়াও ১০০ শতাংশ ফিট নহয় কে এল ৰাহুল। সেইবাবে বেকআপ হিচাপে দলত অন্তৰ্ভুক্ত কৰা হৈছে সঞ্জু ছেমচনক। এছিয়া কাপৰ বাবে ঘোষণা কৰা ভাৰতীয় দলটোত আছে- ৰোহিত শৰ্মা, শুভমন গিল, বিৰাট কোহলি, শ্ৰেয়াছ আয়াৰ, সূৰ্য কুমাৰ যাদৱ, তিলক বাৰ্মা, কে এল ৰাহুল, ঈশান কিষাণ, হাৰ্দিক পাণ্ডিয়া, ৰবীন্দ্ৰ জাদেজা, শাৰ্দুল ঠাকুৰ, অক্ষৰ পেটেল, কুলদীপ যাদৱ, যশপ্ৰীত বুমৰাহ, মহম্মদ ছামি, মহম্মদ ছিৰাজ, প্ৰসিদ্ধ কৃষ্ণ আৰু সঞ্জু ছেমচন।

ইপিনে, BCCIয়ে ঘোষণা কৰা এছিয়া কাপৰ দলত স্থান নাপালে তাৰকা ৰিষ্ট স্পিনাৰ য়ুজবেন্দ্ৰ চাহালে। এতিয়া অপেক্ষা মাথোঁ ২ ছেপ্টেম্বৰলৈ। এছিয়া কাপত ভাৰত-পাকিস্তানৰ হাইভল্টেজ মেচৰ পৰাই সূচনা হ’ব ভাৰতীয় দলৰ বিশ্বকাপ জয়ৰ বিজয়ৰথ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...